অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেৰনাৰ্ড লুকাছ ফেৰীনগা

বেৰনাৰ্ড লুকাছ "বেন" ফেৰীনগা (Bernard Lucas Feringa, জন্ম: ১৮ মে, ১৯৫১) এজন ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেন'প্ৰযুক্তি বিশেষজ্ঞ আৰু হম'জিনিয়াছ অনুঘটকবিদ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫৪৭ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বেৰনাৰ্ড লুকাছ "বেন" ফেৰীনগা (Bernard Lucas Feringa, জন্ম: ১৮ মে, ১৯৫১) এজন ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেন'প্ৰযুক্তি বিশেষজ্ঞ আৰু হম'জিনিয়াছ অনুঘটকবিদ। তেওঁ নেদাৰলেণ্ডৰ গ্ৰগীণজেন বিশ্ববিদ্যালয়ৰ ষ্টাইনিং ইনষ্টিটিউট অফ কেমিস্ত্ৰীৰ আণৱিক বিজ্ঞান বিভাগৰ সন্মানীয় জেক'বাছ ভেণ্ট হফ আসনৰ অধ্যাপক১২৩ আৰু ৰয়েল নেদাৰলেণ্ডছ একাডেমী অফ চাইন্সৰ একাডেমী অধ্যাপক আৰু বিজ্ঞান বৰ্গৰ চেয়াৰ অফ বৰ্ডৰ সদস্য।৪ তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু জিন-পিয়েৰী চাওভেজৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৫

কৰ্মজীৱন

১৯৭৮ চনত ফেৰীণগায়ে অধ্যাপক হান্স ৱিজনবাৰ্গৰ তত্ত্ববধনাত "Asymmetric oxidation of phenols. Atropisomerism and optical activity" বিষয়ত গৱেষণা কৰি৬ গ্ৰগীনজেন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ কিছুদিন নেদাৰলেণ্ড আৰু যুক্তৰাষ্ট্ৰৰ ৰয়েল ডাচ্চ শ্বেলত কাম কৰে। তাৰ পিছত তেওঁ ১৯৮৪ গ্ৰগীনজেন বিশ্ববিদ্যালয়ত প্ৰথমে প্ৰবক্তা আৰু পিছলৈ ১৯৮৮ চনত অধ্যাপক হিচাপে যোগ দিয়ে। তেওঁৰ প্ৰাৰম্ভিক গৱেষণাৰ বিষয়বস্তু আছিল হম'জিনিয়াছ অনুঘটক আৰু জাৰণ অনুঘটক, আৰু বিশেষকৈ এনানচিয়ছইলেক্টিভ অনুঘটকৰ ষ্টেৰীয়কেমিস্ত্ৰী, হাইড্ৰজিনেচনত ব্যৱহাৰ হোৱা ম'ন'ফজ লিগাণ্ড,৭ অৰ্গান'মেটেলিক ৰিয়েজেণ্টৰ এচিমেট্ৰিক নিউক্লিয়ফিলিক কনজুগেট এডিচন, লগতে অতি বেছি সক্ৰিয় অৰ্গান'লিথিয়াম ৰিয়েজেণ্ট আৰু জৈৱ আলোকৰসায়ন আৰু ষ্টেৰীয়কেমিস্ত্ৰী। ১৯৯০ৰ দশকত ফেৰীনগাৰ ষ্টেৰীয়কেমিস্ত্ৰীৰ কামে আলোকৰসায়নৰ এক নতুন যুগৰ সূচনা কৰে। তেওঁৰ অৱদানৰ সহায়ত প্ৰথম একদিশীয় পোহৰৰে চলা আণৱিক ঘুৰ্ণন মটৰ৮ আৰু পিছলৈ বৈদ্যুতিক ইম্পাছলৰ সহায়ত চলা আণৱিক গাড়ী বা নেন'কাৰ উদ্ভাৱন কৰা হয়।৯

বেন ফেৰীণগাৰ নামত ৩০ তাতকৈ বেছি পেটেণ্ট আছে আৰু ৬৫০ খনতকৈ বেছি গৱেষণা পত্ৰ বিভিন্ন আন্তৰাষ্ট্ৰীয় জাৰ্ণাল আৰু আলোচনীত প্ৰকাশিত হৈছে।১০ ১০০ জনতকৈ বেছি পিএইছডি ছাত্ৰ তেওঁৰ তত্ত্ববধনাত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।১১

বঁটা আৰু সন্মান

আণৱিক বিজ্ঞান বিষয়ত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে আৰ্থাৰ চি. কোপ স্কলাৰ বঁটা, জৈৱৰসায়নৰ নাগয়া মেডেল,১২ ২০০৪ চনত স্পীন'জা বঁটা আৰু ২০১২ গ্ৰেণ্ড পিক্স চাইনটিফিক চিন' ডেল দুকা লাভ কৰে।১৩ ২০০৮ চনত নেদাৰলেণ্ডৰ ৰাণী বেয়েট্ৰিস্কয়ে তেওঁক অৰ্ডাৰ অফ নেদাৰলেণ্ড লায়ন উপাধিৰে নাইটহুদ প্ৰদান কৰে।১৪

ফেৰীনগা ২০০৮ চনৰ পৰা নেদাৰলেণ্ডৰ ৰয়েল একাডেমী অফ চাইন্সৰ ফেলো আৰু১৫ ২০০৮ চনৰ পৰা একাডেমী অধ্যাপক ৰূপে কাৰ্য নিৰ্বাহ কৰি আছে। ২০০৪ চনত তেওঁ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বৈদেশিক সদস্য হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৮ চনত তেওঁ ৰয়েল ছ'চাইটি অফ কেমিস্ত্ৰীৰ ফেলো আৰু ২০১৩ চনত কাউন্সিললৈ নিযুক্তি লাভ কৰে।

সংশ্লেষিক ব্যৱস্থা আৰু অনুঘটকৰ বাবে লাভ কৰা আন উল্লেখযোগ্য গৱেষণামূলক বঁটা সমূহ হৈছে, নোৱৰ্তিচ কেমিস্ত্ৰী লেক্সাৰশ্বিপ বঁটা ২০০০-২০০১, চলভিয়াছ লিগাণ্ড প্ৰতিযোগিতা বঁটা (জন হাৰ্টৱিগৰ লগত যুটীয়া ভাবে, য়ালে বিশ্ববিদ্যালয়), ২০১২ চনৰ বছ চিমপ'জিয়ামত টেত্ৰাহেড্ৰন চেয়াৰ,ৰয়েল ছোচাইটিয়ে আগবঢ়োৱা জৈৱ ষ্টেৰিঅকেমিস্ত্ৰী বঁটা-২০১১, লিলি ইউৰোপীয়ান দৃষ্টিনগুইছ চাইন্স এৱাৰ্ড, নাগয়া গোল্ড মেডেল ২০১৩,নাগয়া, জাপান, আৰু য়ামাদা-কগা এৱাৰ্ড ২০১৩, টকিঅ',জাপান।

তেওঁৰ কৰ্মজীৱনৰ বেছিভাগ সময় অতিবাহিত কৰা আণৱিক নেন'প্ৰযুক্তি আৰু বিশেষকৈ আণৱিক আলোকৰসায়ন আৰু ষ্টেৰীঅকেমিস্ত্ৰী বিষয়ত লাভ কৰা বঁটা সমূহ হল, ২০০৩ চনত কৰবাৰ ইউৰোপীয়ান চাইন্স প্ৰাইজ, ২০০৪ চনত স্পীন'জা প্ৰাইজ,২০০৫ চনত প্ৰিলগ গোল্ড মেডেল(ইটিএইছ-জুৰিক) চুইটজাৰলেণ্ড,১৬২০০৭ চনত আমেৰিকান কেমিকেল ছোচাইটিৰ পৰা ফিজিকেল জৈৱৰসায়নত জেমেছ ফ্লাক নৰিছ বঁটা, ইউৰোপীয়ান ৰিচাৰ্ছ এডভান্স গ্ৰাণ্ট ২০০৮,চুইচ কেমিকেল ছোচাইটিৰ পাৰাচেলছাছ এৱাৰ্ড ২০০৮১৭,কিৰালিটি মেডেল ২০১০, ডিচননীয়াল ভাণ্ট হফ মেডেল ২০১১, হুম্বল্ডত এৱাৰ্ড ২০১২,জাৰ্মানী, জাৰ্মান কেমিকেল ছোচাইটিৰ থেদৰ ফষ্টাৰ এৱাৰ্ড ২০১৪১৮ আৰু আৰ্থাৰ চি. কপ লেট কেৰিয়াৰ স্কলাৰ এৱাৰ্ড ২০১৫, আমেৰিকান কেমিকেল ছোচাইটি। ২০১৫ চনত তেওঁ কেমিষ্ট্ৰী ফৰ দা ফিউচাৰ(ছলভে) বঁটা লাভ কৰে।১৯১৯

লগতে তেওঁ বোৰগেনষ্টক কনফেৰেঞ্চৰ ২০০৯ চনত সভাপতি, চুইটজাৰলেণ্ড আৰু ২০১০ চনত একাডেমীয়া ইউৰোপিয়াৰ সদস্য হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনত তেওঁ ৰয়েল ছোচাইটি অফ কেমিষ্ট্ৰীৰ বিশিষ্ট সেৱা বঁটা আৰু একে বছৰে পোলেণ্ডৰ পলিচ কেমিকেল ছোচাইটিয়ে আগবঢ়োৱা মেৰী কুৰী বঁটা লাভ কৰে।

তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু জিন-পিয়েৰী চাওভেজৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৫

তথ্যসূত্ৰ

  1. ↑ University of Groningen. http://www.rug.nl/staff/b.l.feringa/
  2. ↑ University of Groningen. http://www.rug.nl/news-and-events/people-perspectives/scientists-in-focus/feringa
  3. ↑ Stratingh Institute for Chemistry. http://www.rug.nl/research/stratingh/
  4. ↑ Ben Feringa. www.knaw.nl/members
  5. ↑ Chang, Kenneth; Chan, Sewell. (5 October 2016). 3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry. New York Times
  6. ↑ Asymmetric oxidation of phenols. Atropisomerism and optical activity
  7. ↑ Van Den Berg, M.; Minnaard, A. J.; Schudde, E. P. (2000). Highly enantioselective rhodium-catalyzed hydrogenation with monodentate ligands. Journal of the American Chemical Society. পৃ. 11539–11540
  8. ↑ Feringa, Ben L.; Koumura, Nagatoshi; Zijlstra, Robert W. J. (1999). Light-driven monodirectional molecular rotor. Nature. পৃ. 152–155
  9. ↑ Kudernac, Tibor; Ruangsupapichat, Nopporn; Parschau, Manfred. (2011). Electrically driven directional motion of a four-wheeled molecule on a metal surface. Nature. পৃ. 208–211
  10. ↑ webofknowledge.com. Webofscience(TM). Thomson Rueters
  11. ↑ Professor of Chemistry Ben Feringa supervises his 100 th PhD student. University of Groningen
  12. ↑ Nagoya Medal of Organic Chemistry
  13. ↑ La Fondation Simone et Cino del Duca
  14. ↑ Lintjes 2008 University of Groningen
  15. ↑ Ben Feringa. Royal Netherlands Academy of Arts and Sciences
  16. ↑ Prelog Gold Medal 2005
  17. ↑ Paracelsus Prize. Swiss Chemical Society
  18. ↑ Bunsen-Society for Physical Chemistry
  19. ↑ Professor Ben Feringa, Laureate 2015 “Chemistry for the Future Solvay Prize”

সম্পৰ্কিত শ্ৰেণী

নেডাৰলেণ্ডৰ ব্যক্তিজৈৱ ৰসায়নবিদৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰনাৰ্ড লুকাছ ফেৰীনগা” প্ৰবন্ধৰ সংশোধন ৬২৪৭৯৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।