ভাৰতীয় কমিউনিষ্ট
৬ প্ৰবন্ধ
-
চাৰু মজুমদাৰ
চাৰু মজুমদাৰ (Charu Majumdar; ১৫ মে' ১৯১৮ – ২৮ জুলাই ১৯৭২) ভাৰতৰ এজন কমিউনিষ্ট নেতা, আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক আছিল। জনপ্ৰিয়ভাৱে তেওঁ চি.এম. নামেৰে পৰিচিত।
-
কানু সান্যাল
কানু সান্যাল (Kanu Sanyal; ১৯৩২ – ২৩ মাৰ্চ ২০১০) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিক। ১৯৬৭ চনত সংঘটিত নক্সালবাৰী বিদ্ৰোহৰ তেওঁ অন্যতম মূল নেতা আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ অন্যতম প্ৰতিষ্ঠাপক নেতা। ২০১০ চনৰ ২৩ মাৰ্চত সান্যালে আত্মহত্যা কৰে।
-
জগদীশ মাহতো
জগদীশ মাহতো (Jagdish Mahto) এজন নক্সাল নেতা আছিল। ১৯৭০ চনত তেওঁ বিহাৰৰ ভূস্বামীৰ প্ৰাধান্য থকা ভোজপুৰ অঞ্চলত বিদ্ৰোহৰ নেতৃত্ব দিছিল। চৰকাৰৰ বিৰুদ্ধে নক্সালবাদী বিদ্ৰোহৰ নেতৃত্ব দিয়া সংগঠন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ তেওঁ সদস্য আছিল।
-
জ্যোতি বসু
জ্যোতি বসু (Jyoti Basu) (জন্ম নাম জ্যোতিৰিন্দ্ৰ বসু; জন্ম: ৮ জুলাই ১৯১৪ – মৃত্যু: ১৭ জানুৱাৰী ২০১০) এজন ভাৰতীয় তাত্ত্বিক মাৰ্ক্সবাদী, কমিউনিষ্ট কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিশিষ্ট নেতা আছিল।
-
আৰ্যা পল্লম
আৰ্যা পল্লম কেৰালাৰ এগৰাকী সমাজ সংস্কাৰক, কমিউনিষ্ট আৰু নাৰীবাদী আছিল। তেওঁ উচ্চবৰ্ণ (বিশেষকৈ ব্ৰাহ্মণ) মহিলাসকলৰ ওপৰত চলি থকা নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল।
-
সুধা সুন্দৰমন
সুধা সুন্দৰমন (Sudha Sundararaman, জন্ম-১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।২০১৪ চনৰ হিচাপত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সাধাৰণ সম্পাদিকা।