অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বানৱাৰীলাল পুৰোহিত

বানৱাৰীলাল পুৰোহিত এজন ভাৰতীয় ৰাজনৈতিক নেতা তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। তেওঁ অসমৰ প্ৰাক্তন ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ১৭ আগষ্ট ২০১৬ চনত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ২০১৭ চনৰ ২৭ জানুৱাৰী তাৰিখে তেওঁ মেঘালয় ৰাজ্যৰো ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে।

হালনাগাদ: ২৬ জুলাই ২০২২ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বানৱাৰীলাল পুৰোহিত এজন ভাৰতীয় ৰাজনৈতিক নেতা তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। তেওঁ অসমৰ প্ৰাক্তন ৰাজ্যপাল।১ ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণব মুখাৰ্জীয়ে তেওঁক ১৭ আগষ্ট ২০১৬ চনত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।২ ২০১৭ চনৰ ২৭ জানুৱাৰী তাৰিখে তেওঁ মেঘালয় ৰাজ্যৰো ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব লাভ কৰে।৩

তেওঁ মহাৰাষ্ট্ৰৰ নাগপুৰ লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ সংসদত প্ৰতিনিধিত্ব কৰিছিল। দুবাৰ ভাৰতীয় কংগ্ৰেছ পাৰ্টিৰ পৰা আৰু এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা। ১৯৮৪ চনত তেওঁ প্ৰথম বাৰৰ বাবে কংগ্ৰেছ পাৰ্টিৰ পৰা অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল।৪ ১৯৮৯ চনত তেওঁ পুনৰ কংগ্ৰেছৰ টিকেটত জয় লাভ কৰে।

তাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু অযোধ্যাত ৰাম মন্দিৰ সাজিবলৈ এক আন্দোলনৰ সূচনা কৰে। সেই সময়ত তেওঁ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ হৈ প্ৰতিদ্বন্দিতা কৰে যদিও তেওঁ পৰাজয় বৰণ কৰে। ১৯৯৬ চনত তেওঁ আকৌ বিজেপি দলৰহৈ একাদশ লোকসভালৈ প্ৰতিদ্বন্দিতা কৰে আৰু জয়ী হয়। ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ বিলাষ মোটাম্বাৰৰ হাতত পৰাজয় বৰণ কৰে।

তেওঁ ১৯৮০ ৰ পৰা নাগপুৰৰ দা হিতাভাড়া নামৰ দৈনিক বাতৰি কাকত খনৰ স্বত্বাধিকাৰী। তেওঁ ২০১৬ চনৰ ১৭ আগষ্টত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হয়।

তথ্যসূত্ৰ

  1. ↑ RAJ BHAVAN ASSAM. www.rajbhavanassam.gov.in
  2. ↑ www.google.co.in/amp/indianexpress.com/article/i
  3. ↑ Assam governor takes extra charge of Meghalaya after Shanmuganathan resigned over sexual assault charges. India Today
  4. ↑ Election Analysis 1977-1984, Partywise Comparison. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজ্যপাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বানৱাৰীলাল পুৰোহিত” প্ৰবন্ধৰ সংশোধন ৩২৮৯২৫ (২৬ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।