অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুচিত্ৰা কৃষ্ণমূৰ্তি

সুচিত্ৰা কৃষ্ণমূৰ্তি (: Suchitra Krishnamoorthi; জন্ম: ২৭ নৱেম্বৰ ১৯৭৫) হিন্দী চিনেমা, দক্ষিণভাৰতীয় চিনেমা আৰু টেলিভিছনৰ কৰ্মৰাজিৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সুচিত্ৰা কৃষ্ণমূৰ্তি (: Suchitra Krishnamoorthi; জন্ম: ২৭ নৱেম্বৰ ১৯৭৫) হিন্দী চিনেমা, দক্ষিণভাৰতীয় চিনেমা আৰু টেলিভিছনৰ কৰ্মৰাজিৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা।১২৩৪

প্ৰাৰম্ভিক জীৱন

সুচিত্ৰা কৃষ্ণমূৰ্তি
সুচিত্ৰা কৃষ্ণমূৰ্তিছবি: Bollywood Hungama · CC BY 3.0

১৯৭৪ চনৰ ৯ মাৰ্চত মহাৰাষ্ট্ৰৰ মুম্বাইত তেলেগু পৰিয়ালত সুচিত্ৰাই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ ভি কৃষ্ণমূৰ্তি আয়কৰৰ প্ৰাক্তন আয়ুক্ত আৰু মাতৃ ড° সুলোচন কৃষ্ণমূৰ্তি এগৰাকী ইতিহাসবিদ আৰু অধ্যাপিকা আছিল।৫৬৭৮ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ সৈতে সুচিত্ৰাৰ বিবাহ হৈছিল যদিও তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৭৯ তেওঁলোকৰ কাবেৰী কাপুৰ নামৰ এগৰাকী কন্যা সন্তান আছে।

কৰ্মজীৱন

সুচিত্ৰাই ১৯৮৭–১৯৮৮ চনত স্কুলত পঢ়ি থকাৰ সময়তে টিভি ধাৰাবাহিক চুনাউটিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ বিখ্যাত কমিক ষ্ট্ৰিপ পিনাটছৰ আধাৰত নিৰ্মিত মিউজিকেল পিনাটছ: দ্য মিউজিকেলৰ প্ৰযোজনাত অভিনয় কৰিছিল।১০ তেওঁ লুচি চৰিত্ৰত অভিনয় কৰিছিল।১১১২ তেওঁ পালমলিভ চাবোন, ক্লিয়াৰেচিল, ছানৰাইজ কফি, লিমকা আৰু কলগেট টুথপেষ্টৰ দৰে সামগ্ৰীৰ সমৰ্থনত টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।[citation needed] ১৯৯৪ চনত শ্বাহৰুখ খানৰ বিপৰীতে ব্যৱসায়িক আৰু সমালোচকৰ প্ৰশংসিত হিট ছবি কাভি হা কভি নাৰ যোগেদি তেওঁৰ অগ্ৰগতি লাভ কৰে। মালয়ালম তাৰকা জয়ৰামৰ বিপৰীতে কিলুক্কাম্পেট্টি ছবিতো অভিনয় কৰিছিল।[[[]

১৯৯০ চনৰ মাজভাগৰ পৰা শেষৰ ফালে তেওঁ ড'ল ড'ল,১৩ ডাম তাৰা, আহা আৰু জিন্দাগী পপ এলবাম মুকলি কৰে।১৪ ১০ বছৰৰ পিছত তেওঁ অনিল কাপুৰৰ সৈতে মাই ৱাইফছ মাৰ্ডাৰ (২০০৫) ছবিৰ যোগেদি পুনৰ পৰ্দালৈ ঘূৰি আহে।১৫ ২০১০ চনত ৰাম গোপাল বৰ্মাৰ পৰিচালনাত ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত নিৰ্মিত ছবি ৰণ মুক্তি পায়।১৫ সুচিত্ৰই নলিনী কাশ্যপ নামৰ এগৰাকী সংবাদ মাধ্যমৰ কাৰ্যবাহীৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৫২০২২ চনত সুচিত্ৰাই নেটফ্লিক্সৰ সমালোচকৰ প্ৰশংসিত চিনেমা " The " Odd Couple" ত দিব্যেন্দু শৰ্মাৰ বিপৰীতে নিবেদিতাৰ চৰিত্ৰত অভিনয় কৰে।

সুচিত্রা কৃষ্ণমূৰ্তি এগৰাকী লেখিকাও, যাৰ মতামত প্ৰথমে তেওঁৰ ব্লগসমূহৰ জৰিয়তে জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছিল। তেওঁ *www.intentblog.com*-ত ব্লগ লিখা আৰম্ভ কৰিছিল, য'ত দীপক চোপ্ৰাই তেওঁক নিজৰ মতামত ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছিল। "Art in a body part" আৰু "Give me another break" শীৰ্ষক তেওঁৰ ব্লগসমূহে তেওঁক বহু বিতৰ্কৰ মাজত পেলাইছিল। তাৰ পিছত, তেওঁ নিজৰ ব্যক্তিগত ৱেবছাইটত লিখা অব্যাহত ৰাখে। তেওঁৰ উপন্যাস The Summer of Cool পেঙ্গুইন ইণ্ডিয়াই ২০০৯ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰিছিল আৰু এইখন বৃহৎ সফলতা লাভ কৰিছিল। এই উপন্যাস Swapnalok Society শৃংখলাৰ প্ৰথমখন আছিল।১৬

শৃংখলাটোৰ দ্বিতীয়খন The Good News Reporter আৰু তৃতীয়খন The Ghost on the Ledge ২০১৬ চনত প্ৰকাশ পায়।

২০১৩ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা সুচিত্ৰাৰ স্মৃতিগ্ৰন্থ ড্ৰামা কুইন খনে ইতিবাচক সমালোচনা লাভ কৰে।১৭১৮ মুক্তিৰ এসপ্তাহৰ ভিতৰতে কিতাপখনৰ প্ৰথম ছপা বিক্ৰী হৈ গ'ল।১৯

সুচিত্ৰাৰ দ্বাৰা লিখা আৰু তেওঁৰ একে শিৰোনামৰ কিতাপৰ পৰা ৰূপান্তৰিত ড্ৰামা কুইন নামৰ সংগীতনাট্য খন ২০১৬ চনৰ অক্টোবৰ মাহত এনচিপিএ মুম্বাইত মুকলি কৰে।২০ বৰ্তমানেও সমগ্ৰ ভাৰততে নাটক কুইন মঞ্চস্থ হৈ আছে।

সুচিত্ৰা কৃষ্ণমূৰ্তি, বিজয় ৰাজ আৰু দিব্যেন্দু শৰ্মা অভিনীত বৈশিষ্ট্যপূৰ্ণ ছবি "অড কাপল" ২০২২ চনত আমাজন ইণ্ডিয়াত মুক্তি লাভ কৰিছিল।এই খনে এমাজন ইণ্ডিয়াত কেইবামাহো ধৰি শীৰ্ষ দহটা স্থান অধিকাৰ কৰি আছিল।

তথ্যসূত্ৰ

  1. ↑ Paromita Pain. (20 January 2009). Emotion packed. The Hindu
  2. ↑ Deepti Kaul. (27 January 2009). Book review: Swapnalok Society-The Summer of cool. Hindustan Times
  3. ↑ Roshni Olivera. (21 March 2005). I have Shekhar's blessings: Suchitra. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Suchitra Krishnamoorthi wants ceiling fans redesigned after Sushant Kumar Rajput's death
  5. ↑ Krishnamoorthi, Suchitra. (25 October 2013). Drama Queen. Hachette India. ISBN 978-93-5009-711-3
  6. ↑ (5 February 2017). Drama Queen is an unabashed, unapologetic take on my life: Suchitra Krishnamoorthi. The Times of India
  7. ↑ (9 March 2023). How Actress Suchitra Krishnamurthy's Career Saw a Decline. News18
  8. ↑ S. B. Vijaya Mary. (2 February 2017). Even our choices are karmic. The Hindu
  9. ↑ Sujata Kumar funeral: Daughter, sister Suchitra Krishnamoorthi perform final rites
  10. ↑ Shah Rukh Khan's 'Kabhi Haan Kabhi Naa' turns 26, Suchitra Krishnamoorthi shares heartfelt post
  11. ↑ Suchitra Krishnamoorthi's travel and book tales
  12. ↑ Suchitra Krishnamoorthi uninstalls Swiggy after food delivery app sacks 1,100 employees amid COVID-19 crisis
  13. ↑ YouTube
  14. ↑ (22 March 2009). Zindagi - Suchitra Krishnamoorthi
  15. ↑ (16 November 2013). Suchitra Krishnamoorthi writes a new book based on her personal experiences. Mid-day.com
  16. ↑ Pain, Paromita. (8 February 2009). I was always good at writing. দ্য হিন্দু
  17. ↑ Suchitra Krishnamoorthi. (20 November 2013). Drama Queen. Hachette India. ISBN 978-9350096697
  18. ↑ Khalid Mohamed. (17 November 2013). A spicy, saucy tell-all tale it is. Deccan Chronicle
  19. ↑ (10 December 2013). Suchitra Krishnamoorthi opens up about her candid new book. Hindustan Times
  20. ↑ (2 September 2016). Suchitra Krishnamoorthi staging an acting comeback with a play. Mumbai Mirror - Wadhwa, Seema. Why Suchitra Krishnamoorthi Led Drama Queen Is A Winner. Curiosity Cult

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচিত্ৰা কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬৩৫৬২৯ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।