চীনা নৃত্য
৪ প্ৰবন্ধ
-
ড্ৰেগন নৃত্য
ড্ৰেগন নৃত্য (Dragon dance) হৈছে চীনা সংস্কৃতিৰ এবিধ পৰম্পৰাগত নৃত্য। সিংহ নৃত্যৰ দৰেই ইয়াকো বেছিকৈ কোনো উৎসৱ উদযাপনৰ সময়ত দেখা যায়। বিশেষকৈ চীনা নৱবৰ্ষৰ সময়ত প্ৰায়ে ড্ৰেগন নৃত্য পৰিৱেশন কৰা হয়।
-
সিংহ নৃত্য
সিংহ নৃত্য চীনা সংস্কৃতি আৰু অন্যান্য এছিয়ান দেশত পৰিবেশিত পৰম্পৰাগত নৃত্যৰ এটা প্ৰকাৰ য'ত পৰিবেশকসকলে সৌভাগ্য কঢ়িয়াই আনিবলৈ সিংহৰ সাজ পিন্ধি সিংহৰ গতিবিধি অনুকৰণ কৰে। সাধাৰণতে চীনা নৱবৰ্ষ আৰু অন্যান্য পৰম্পৰাগত, সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱৰ সময়ত এই সিংহ নৃত্য পৰিবেশন কৰা হয়।
-
ইয়াংগে
ইয়াংগে ( yangge) হৈছে ছং বংশত "গাঁৱৰ সংগীত" নামেৰে জনাজাত নৃত্যৰ পৰা বিকশিত হোৱা চীনা লোকনৃত্যৰ এটা প্ৰকাৰ। উত্তৰ চীনত ই অতি জনপ্ৰিয় আৰু ই লোকশিল্পৰ অন্যতম স্বকীয় ৰূপ। উত্তৰ চীনৰ গ্ৰাম্য আৰু চহৰ দুয়োখন অঞ্চলতে ই জনপ্ৰিয়। বিশেষকৈ বয়সস্থ লোকৰ মাজত ই জনপ্ৰিয়।
-
ছানাম (নৃত্য)
ছানাম (ইংৰাজী: Sanam) বা চেনেম (senem), যাক চীনা ভাষাত চাইনাইমু (赛乃姆) বুলিও লিখা হয়, হৈছে চীনৰ শিনচিয়াং (Xinjiang) স্বায়ত্তশাসিত অঞ্চলৰ উইঘুৰসকলৰ মাজত বহুলভাৱে প্ৰচলিত এক পৰম্পৰাগত সংগীত আৰু নৃত্যশৈলী। ই সাধাৰণতে বিবাহ, উৎসৱ-পাৰ্বণ আৰু সামাজিক অনুষ্ঠান-পাৰ্টিবোৰত পৰিৱেশন কৰা হয়।