
সামুদ্ৰিক স্তন্যপায়ীসমূহ হৈছে জলজ স্তন্যপায়ী যি সমুদ্ৰত বাস কৰে আৰু সমুদ্ৰৰ উপৰত নিৰ্ভৰ কৰে জীয়াই থাকে। ইহঁতৰ ভিতৰত আছে ছীল, তিমি, বগা ভালুক বা ধ্ৰুৱীয় ভালুক, মানাতি (সামুদ্ৰিক গৰু), সমুদ্ৰৰ উট ইত্যাদি। এইবোৰ কোনো নিৰ্দিষ্ট গণ বা শ্ৰেণীৰ নহয়, বৰঞ্চ বিৰ্বতনৰ কাৰনে ইহঁতক একেই শ্ৰেণীত ধৰা হয় যিহেতু ইহঁতৰ কোনো পূৰ্বপুৰুষ নাই। ইহঁত সামুদ্ৰিক পৰিবেশৰ উপৰত নিৰ্ভৰশীলতাৰ বাবেও শ্ৰেণীবদ্ধ কৰা হয়।
প্ৰজাতিৰ উপৰত নিৰ্ভৰ কৰি সামুদ্ৰিক স্তন্যপায়ীৰ সামুদ্ৰিক বাসস্থান ভিন ভিন হয়।
মানুহে পূৰ্বে খাদ্য আৰু অন্যান্য কামৰ বাবে ইহঁতৰ চিকাৰ কৰিছিল। অনেক প্ৰজাতি বানিজ্যিক উদ্দেশ্য পূৰনেৰ লক্ষ্যবস্তু আছিল, যাৰ ফলত এই প্ৰজাতিৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ আৰম্ভ কৰিছিল। যেনে তিমি আৰু ছীলৰ প্ৰজাতিৰ সংখ্যা বহুত কমি গৈছিল। বানিজ্যিক উদ্দ্যেশ্যত চিকাৰ কৰাৰ ফলত ষ্টেলাৰ ছী কাও আৰু কেৰিবিয়ান মঙ্ক ছীল বৰ্তমান বিলুপ্ত হৈ গৈছে। বানিজ্যিক চিকাৰ বন্ধ হোৱাৰ পৰা কিছু প্ৰজাতি যেনে গ্ৰে তিমি, নৰ্দান এলিফেণ্ট ছীলৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে অন্য প্ৰজাতি যেনে নৰ্থ আটলাণ্টিক ৰাইট তিমি আশংকাজনক হাৰত বিপন্ন হৈ পৰিছে। চিকাৰৰ ওপৰিও মাছুৱৈৰ হাতত তিমি নিধন হয়, মাছুৱৈৰ জালত তিমি লাগি ডুবি যায় নাইবা খাবলৈ নাপাই শেষত মৃত্যু হয়। সমুদ্ৰত জাহাজৰ যাতায়াত বৃদ্ধি পোৱাত দ্ৰুতগামী জাহাজৰ সৈতে তিমিৰ অনেক সময়ত সংঘৰ্ষ হয়। বাস উপযোগী পৰিৱেশ কমি যোৱাত সিহঁতৰ খাদ্য বিচৰা আৰু ধৰা ব্যাহত হৈছে ফলত তিমিবোৰ ভাবুকিৰ সম্মুখিন হৈছে। শব্দ প্ৰদূষণৰ ফলত স্তন্যপায়ীৰ ইক'লোকেটিং ক্ষমতা হ্ৰাস পাইছে আৰু বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত আৰ্কটিক অঞ্চলৰ পৰিৱেশো বিনষ্ট হৈছে।
বৰ্তমান জীয়াই থকা প্ৰাণীসমূৰ বৰ্গীকৰণ
- বৰ্গ Cetartiodactyla১
- উপবৰ্গ Whippomorpha
- পৰিয়াল Balaenidae (ৰাইট আৰু বৌহেড তিমি), দুটা গণ আৰু চাৰিটা প্ৰজাতি
- পৰিয়াল Cetotheriidae (পিগমি ৰাইট তিমি), এটা প্ৰজাতি
- পৰিয়াল Balaenopteridae (rorquals), দুটা গণ আৰু আঠটা প্ৰজাতি
- পৰিয়াল Eschrichtiidae (Gray whale), এটা প্ৰজাতি
- পৰিয়াল Physeteridae (Sperm whale), এটা প্ৰজাতি
- পৰিয়াল Kogiidae (pygmy আৰু dwarf sperm whales), এটা গণ আৰু দুটা প্ৰজাতি
- পৰিয়াল Monodontidae (Narwhal আৰু beluga), দুটা গণ আৰু দুটা প্ৰজাতি
- পৰিয়াল Ziphiidae (beaked whales), ছটা গণ আৰু ২১টা প্ৰজাতি
- পৰিয়াল Delphinidae (oceanic dolphins), ১৭টা গণ আৰু ৩৮টা প্ৰজাতি
- পৰিয়াল Phocoenidae (porpoises), দুটা গণ আৰু সাতটা প্ৰজাতি
- বৰ্গ Sirenia (sea cows)১
- পৰিয়াল Trichechidae (manatees), দুটা প্ৰজাতি
- পৰিয়াল Dugongidae (Dugongs), এটা প্ৰজাতি
- বৰ্গ Carnivora (মাংসভোজী)১
- উপবৰ্গ Caniformia
- পৰিয়াল Mustelidae, তিনিটা প্ৰজাতি
- পৰিয়াল ভালুক (bears) এটা প্ৰজাতি
- উপবৰ্গ Pinnipedia (sealions, walruses, seals)
- পৰিয়াল Otariidae (eared seals), সাতটা গণ আৰু ১৫টা প্ৰজাতি
- পৰিয়াল Odobenidae (Walrus) এটা প্ৰজাতি
- পৰিয়াল Phocidae (earless seals), ১৪টা গণ আৰু ১৮টা প্ৰজাতি
অভিযোজন

জলীয় জীৱনৰ প্ৰত্যাহ্বান সমূহৰ সন্মূখীন হবলৈ সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী সমূহৰ বহুতো দৈহিক আৰু অংগ সংস্থানীয় বৈশিষ্ট দেখা পোৱা যায়। প্ৰজাতি ভেদে এই বৈশিষ্টসমূহো ভিন ভিন হয়। ফলপ্ৰসু চলনৰ বাবে সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীবোৰে বহুতো অভিযোজন প্ৰদৰ্শন কৰে, যেনে ঘৰ্ষণ কমাবৰ বাবে ইহঁতৰ দেহটো টৰ্পেড'−সদৃশ (torpedo-shaped) হয়; পানী পিছলৈ থেলিবৰ আৰু সাঁতোৰোতে দিশ নিৰ্ধাৰণৰ বাবে ভৰিৰ আকাৰ বেলেগ হয়; ভাৰসাম্য ৰাখিবৰ বাবে নেজৰ আকাৰ আকৃতিৰ ভিন্নতা থাকে।২ সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীবোৰৰ দেহৰ তাপ নিয়ন্ত্ৰণৰ বাবে ঘণ ফোঁহা আৰু ব্লাডাৰ থাকে, সহজে দেহৰ উষ্ণতা নেহেৰুৱাৰব বাবে দেহৰ গঠন ডাঙৰ হয়।২
তথ্যসূত্ৰ
- ↑ (2014). The Society for Marine Mammalogy's Taxonomy Committee List of প্ৰজাতি আৰু subপ্ৰজাতি
- ↑ Berta, A; Sumich, J. L. (1999). "Exploitation and conservation". Marine Mammals: Evolutionary Biology. San Diego: Academic Press.. ISBN 978-0-12-093225-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ২৫৪৪৪০ (১৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।