ৰিদ্ধি ডোগ্ৰা (ইংৰাজী: Riddhi Dogra; জন্ম: ২২ ছেপ্তেম্বৰ ১৯৮৪ অথবা ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ জিঅ' চিনেমাত প্ৰচাৰিত অসুৰত নুছৰাত, অল্ট বালাজীৰ দ্য মেৰেড উইমেনত আস্থা, ষ্টাৰ প্লাছৰ মৰিয়াদা: লেকিন কাব টক?ত প্ৰিয়া আৰু জি টিভিৰ ৱহ আপনা ছাত নিশা চৰিত্ৰ বাবে জনাজাত। ইয়াৰ উপৰিও তেওঁ ৰিয়েলিটি শ্ব' নাচ বালিয়ে ৬ আৰু ফিয়েৰ ফেক্টৰ: খট্ৰো কে খিলাড়ী ৬ত অংশগ্ৰহণ কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন
১৯৮৪/৮৫ চনৰ ২২ ছেপ্টেম্বৰত দিল্লীত ৰিদ্ধি ডোগ্ৰাৰ জন্ম হৈছিল। নতুন দিল্লীৰ শ্বেইখ ছৰাইৰ আপীজয় স্কুলত অধ্যয়ন কৰি কমলা নেহৰু কলেজৰ পৰা মনোবিজ্ঞান সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।৩
কৰ্মজীৱন
দূৰদৰ্শন উদ্যোগত প্ৰৱেশ কৰাৰ আগতে ডোগ্ৰা শ্যামক দাবৰ নৃত্য প্ৰতিষ্ঠানৰ এগৰাকী নৃত্যশিল্পী আছিল। জুম টিভিৰ সহ-প্ৰযোজক৪ হিচাপে তেওঁ এই উদ্যোগত আত্মপ্ৰকাশ কৰিছিল।
দূৰদৰ্শনত থকা বছৰবোৰত তেওঁ জি টিভি, এনডিটিভি গুড টাইমছ, জুম টেলিভিছন, আৰু অন গ্ৰাউণ্ড ইভেণ্টৰ বাবেও বহুতো টেলিভিছন অনুষ্ঠান আৰু ভ্ৰমণ ভিত্তিক অনুষ্ঠান আয়োজন কৰি আহিছে। ২০১৩ চনত নাচ বালিয়ে ৬ত অংশগ্ৰহণ কৰে।ডোগ্ৰাই সাবিত্ৰী – এক প্ৰেম কাহানীত সাবিত্ৰী, দিয়া আৰু বাতি হমত অদিতি, আৰু ৱহ আপনা ছাত নিশাৰ চৰিত্ৰত অভিনয় কৰে।৫৬৭
ছাহিৰ ৰাজাৰ পৰিচালনাত নিৰ্মাণ কৰা দ্য মেৰিড উইমেনত তেওঁ নাম ভূমিকাত অভিনয় কৰিছিল। ডোগ্ৰাই তেওঁৰ অনুৰাগী আৰু দৰ্শকৰ পৰা লাভ কৰাৰ দৰেই সমালোচকৰ পৰাও সমাদৰ আৰু প্ৰশংসা লাভ কৰে। ৱেব ধাৰাবাহিকখনত মণিকা ডোগ্ৰাইও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৮
ব্যক্তিগত জীৱন
২০১১ চনত ডোগ্ৰাই অভিনেতা ৰাকেশ বাপতৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯ ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১০১১
তেওঁৰ ভাতৃ অভিনেতা অক্ষয় ডোগ্ৰা৪ আৰু ককাক আছিল ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ ৰাজনীতিবিদ অৰুণ জেটলী।১২১৩
তথ্যসূত্ৰ
- ↑ The Indian Express. (12 November 2014). Riddhi Dogra in 'Khatron Ke Khiladi 6'
- ↑ S Sen, Debarati. (23 December 2014). Ridhi-Raqesh return as an on-screen jodi. The Times of India
- ↑ Kaushik, Divya. (29 December 2017). Ridhi Dogra: I can't do Delhi's showshaagiri. The Times of India
- ↑ Check out some of TV siblings. The Times of India
- ↑ (18 January 2017). Ridhi Dogra hopes playing negative in Woh Apna Sa won't typecast her. The Indian Express
- ↑ Shah, Aashna. (26 September 2017). Ridhi Dogra Refuses To Age On Screen, Quits Woh Apna Sa: Reports. NDTV.com
- ↑ (4 January 2017). I thought about quitting acting: TV actor Ridhi Dogra. Hindustan Times
- ↑ Keshri, Shweta. (8 February 2021). Ekta Kapoor shares The Married Woman poster, web series premieres on March 8. India Today
- ↑ (7 February 2019). TV couple Ridhi Dogra and Raqesh Bapat confirm split: We are living separately. India Today
- ↑ Trivedi, Tanvi. (21 January 2021). Exclusive! Ridhi Dogra on life post divorce: I don't need anyone now to complete me. The Times of India
- ↑ Goyal, Divya. (7 February 2019). Ridhi Dogra And Raqesh Bapat, Co-Stars Of Maryada, Announce Separation After 7 Years Of Marriage: Report. NDTV
- ↑ Nijher, Jaspreet. (24 April 2014). Raqesh, Ridhi rush in Amritsar to support their families. The Times of India
- ↑ Tiwari, Vijaya. (7 August 2012). Ridhi Dogra shows her hosting skills on Life OK's 'Azaadi' celebration. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিদ্ধি ডোগ্ৰা” প্ৰবন্ধৰ সংশোধন ৪৮৭৫২৯ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।