দূৰদৰ্শন ধাৰাবাহিক
১৪ প্ৰবন্ধ
-
ৰামায়ণ (ধাৰাবাহিক)
ৰামায়ণ (Ramayan) হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।
-
সাবিত্ৰী – এক প্ৰেম কাহানী
সাবিত্ৰী হৈছে ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিক৷ এই ধাৰাবাহিকখন ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ প্ৰাৰম্ভিক সহ-প্ৰযোজক আছিল ফিল্ম ফাৰ্ম ইণ্ডিয়া, কিন্তু ধাৰাবাহিকখন সম্প্ৰচাৰিত হোৱাৰ আগতেই প্ৰযোজনা ফ্লাইং টাৰ্টেলছলৈ সলনি কৰা হয়৷ এই…
-
ড'ৰেমন
ড'ৰেমন (ドラえもん, Doraemon) হৈছে ফুজিক' এফ ফুজিঅ'ৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হ'ল। এইটো ড'ৰেমন নামৰ ৰ'ব'টিক মেকুৰী এটাৰ কাহিনী যি ন'বিতা ন'বী নামৰ স্কুলীয়া ল'ৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি আহে।
-
দ্য চিম্পছনছ
দ্য চিম্পছনছ হৈছে এখন আমেৰিকান এনিমেটেড চিটকম। ফক্স ব্ৰডকাষ্টিং কোম্পানীৰ দ্বাৰা প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাতা মেট গ্ৰ'নিঙ। চিম্পছন পৰিয়াল অৰ্থাৎ হোমাৰ, মাৰ্জ, বাৰ্ট, লিজা, আৰু মেগীৰে গঠিত এই ধাৰাবাহিকখন আমেৰিকাৰ জীৱনৰ ব্যংগমূলক চিত্ৰণ।
-
মটু পতলু
মটু পতলু হ'ল ভাৰতৰ টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। যিটো কমিক্ছ চিৰিজ লট পটৰ অনুৰূপ। এইটো ১৬ অক্টোবৰ ২০১২ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "জন বানেগা ডন"। এইটো শিশুহঁতৰ বৰ প্ৰিয় অনুষ্ঠান। এই কাৰ্টুনৰ প্ৰধান তিনিটা চৰিত্ৰ হ'ল মটু, পতলু আৰু জন।
-
মীনা
মীনা (Meena) হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন ভাষাত সম্প্ৰচাৰ হোৱা এক জনপ্ৰিয় টিভি কাৰ্টুন ধাৰাবাহিক তথা কমিক্ছ। দক্ষিণ এছিয়াৰ দেশসমূহৰ বিভিন্ন সামাজিক বৈষম্যেৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰা তথা শিশুসকলৰ বাবে শিক্ষামূলক এক অনুষ্ঠানৰ অংশ হিচাপে ইউনিছেফৰ দ্বাৰা এই কাৰ্টুন ধাৰাবাহিকটি নিৰ্মাণ কৰা হৈছিল।
-
কুমকুম ভাগ্য
কুমকুম ভাগ্য (ইংৰাজী: Kumkum Bhagya; অনুবাদ: মোৰ ভাগ্যৰ সেন্দূৰ) হ’ল বালাজী টেলিফিল্মছৰ অধীনত একতা কাপুৰৰদ্বাৰা নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ধাৰাবাহিক। ২০১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ২০২৫ চনৰ ২১ ছেপ্টেম্বৰলৈ জী টিভিত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখন ডিজিটেল মাধ্যম ZEE5-তো উপলব্ধ।
-
ক্যা কুচুৰ হ্যায় অমলা কা?
ক্যা কুচুৰ হ্যায় অমলা কা? (ইংৰাজী: Kya Qusoor Hai Amala Ka?; হিন্দী: क्या कुसूर है अमला का; অৰ্থ: অমলাৰ দোষ কি?) এখন ভাৰতীয় হিন্দী ভাষাৰ নাটকীয় দূৰদৰ্শন ধাৰাবাহিক, যিখন ২০১৭ চনৰ ৩ এপ্ৰিলৰপৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হৈছিল।
-
চিন্নাৰী পেল্লিকুথুৰু
চিন্নাৰী পেলীকুথুৰু হৈছে মা টিভিত সম্প্ৰচাৰিত এখন ভাৰতীয় ধাৰাবাহিক। এইখন কালাৰ্ছ টিভিত প্ৰচাৰিত বালিকা বধু নামৰ ধাৰাবাহিকখন ডাব কৰি বনোৱা হৈছিল। ধাৰাবাহিকখনত ৰাজস্থানৰ এখন গাঁঁৱত বালিকাৱস্থতাতেই বিয়া হোৱা এগৰাকী কন্যাৰ মহিলা অৱস্থা পোৱালৈকে লাভ কৰা কষ্টকৰ জীৱন যাত্ৰাটো ৰূপায়ণ কৰা হৈছিল।
-
জুবিলী
জুবিলী ( Jubilee) আমাজন প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত এখন হিন্দী ভাষাৰ ভাৰতীয় পিৰিয়ড ড্ৰামা। বিক্ৰমাদিত্য মতৱানেই নিৰ্মাণ আৰু পৰিচালনা কৰা ধাৰাবাহিকখন আন্দোলন ফিল্মছ, ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট আৰু ফেণ্টম ষ্টুডিঅ’ই প্ৰযোজনা কৰিছে।
-
ড'ৰেমন লেণ্ড
ড'ৰেমন লেণ্ড জাপানী এনিমেশ্যন অনুষ্ঠান ড'ৰেমনৰ ওপৰত আধাৰিত এটি স্পেনীয় খেলৰ অনুষ্ঠান। এই অনুষ্ঠান ছিক্সটি ডেচিবেল, লুক ইণ্টাৰনেচনেল, আৰু টাৰ্ণেকৰ দ্বাৰা নিৰ্মিত।
-
তাবেতা টেইলচ
তা-বে-তা টেইলচ (ফাৰ্চী: قصههای تابهتا) যিটো জিজিগুলু নামেৰেও পৰিচিত, হৈছে মৰ্জিয়ে বৰুমাণ্ড পৰিচালিত এখন ইৰানী ধাৰাবাহিক। এই ধাৰাবাহিকখনৰ মূল ভাষা হৈছে ফাৰ্চী। এই ধাৰাবাহিকখন ১৯৯৪ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু ১৯৯৫ চনৰ বসন্তকাললৈকে ইৰানী দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল।
-
বালিকা বধূ ২
বালিকা বধূ ২ (ইংৰাজী: Balika Vadhu 2; অনুবাদ: বালিকা কইনা ২) এখন ভাৰতীয় নাট্যধৰ্মী টেলিভিছন ধাৰাবাহিক, যিখন ২০২১ চনৰ ৯ আগষ্টৰপৰা ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীলৈ কালাৰ্ছ টিভিত আৰু ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈ ভুটত সম্প্ৰচাৰিত হৈছিল।
-
লিটল হোছনা
লিটল হোছনা (ফাৰ্চী: بچههای ساختمان گلها) হৈছে এখন ইৰানী এনিমেচন ধাৰাবাহিক। এই কাৰ্টুনখন ২০১৬ চনৰ শেষৰফালে প্ৰথমবাৰৰ বাবে পুয়া চেনেলত সম্প্ৰচাৰ কৰা হৈছিল। ৯১টা খণ্ডৰ এই এনিমেচনখনৰ উৎপাদন প্ৰকল্প ২০১৫ চনৰ জানুৱাৰী মাহত আৰম্ভ হৈ ২০১৬ চনৰ আগষ্ট মাহত সমাপ্ত হয়।