সন্তোষ যাদৱ (Santosh Yadav) (জন্ম-১০ অক্টোবৰ ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় পৰ্বতাৰোহী৷ মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰা তেখেত পৃথিৱীৰ প্ৰথমগৰাকী মহিলা৷ ১ ইয়াৰ উপৰি কাংছুক ফেচৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা মহিলাৰ ভিতৰতো তেখেতেই প্ৰথম৷ সন্তোষ যাদৱে ১৯৯২ চনৰ মে' মাহত প্ৰথমবাৰ আৰু ১৯৯৩ চনত এটা ইণ্ডো-নেপালী দলৰ লগত দ্বিতীয়বাৰৰ বাবে এভাৰেষ্ট আৰোহণ কৰে৷
সন্তোষ যাদৱে ১৯৯২ চনৰ প্ৰথমটো এভাৰেষ্ট অভিযানৰ সময়ত মোহন সিং নামৰ পৰ্বতাৰোহীজনক অক্সিজেন যোগান ধৰি তেওঁৰ প্ৰাণৰক্ষা কৰে৷ ছাউথ কোলত শয্যাশায়ী হৈ থকা আন এগৰাকী পৰ্বতাৰোহীক তেখেতে বচোৱাৰ প্ৰয়াস কৰে যদিও অসমৰ্থ হয়৷ ২
জন্ম আৰু পৰিয়াল
হাৰিয়ানা ৰাজ্যৰ ৰেৱাৰী জিলাৰ জনিয়াৱাছ গাঁৱত সন্তোষ যাদৱৰ জন্ম হয়৷ তেখেত আছিল পৰিয়ালৰ ষষ্ঠটো সন্তান৷ পৰিয়ালৰ বাকীকেইজন আছিল ল'ৰা সন্তান৷ স্থানীয় এখন গ্ৰামীন বিদ্যালয়ৰ পৰা তেখেতে প্ৰাৰম্ভিক শিক্ষা অৰ্জন কৰে আৰু পৰৱৰ্তী সময়ত দিল্লীলৈ ৰাওনা হয়৷ দিল্লীৰ এখন বিদ্যালয়ত তেখেতৰ নামভৰ্তি হয়৷ জয়পুৰত থকা মহাৰাণী কলেজত তেখেতে নাম লগায়৷ ইয়াৰে এটা কোঠাৰ পৰা তেখেতে আৰাৱালী পৰ্বতমালা বগাই থকা পৰ্বতাৰোহীসকলক দেখা পাইছিল৷ এই দৃশ্যসমূহে তেখেতক অনুপ্ৰাণিত কৰিছিল আৰু তাৰেই ফলশ্ৰুতিত যাদৱে উত্তৰকাশীত থকা নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰিছিল৷ সমান্তৰালভাৱে ভাৰতীয় পৰ্বতাৰোহণ সংস্থাৰ সহযোগিতাত তেখেতে নতুন দিল্লীৰ ক'নাট প্লেচৰ এখন হোষ্টেলত থাকি ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবেও অনুশীলন চলাই গৈছিল৷ ৩
কৰ্মজীৱন
১৯৯২ চনত সন্তোষ যাদৱে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে আৰু এই কাৰ্য সম্পন্ন কৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ মহিলা হিচাপে স্বীকৃতি পায়৷ অৱশ্যে এইটো অভিলেখ পাছলৈ ভংগ হয়৷ বাৰ মাহৰ ভিতৰত, যাদৱ এটা মহিলা ভাৰতীয়-নেপালী পৰ্বতাৰোহণকাৰী দলৰ সদস্য হৈ পৰে আৰু দ্বিতীয়বাৰৰ বাবে শৃংগটো আৰোহণ কৰে৷ এইদৰে তেখেতে মাউণ্ট এভাৰেষ্ট দুবাৰকৈ বগোৱা পৃথিৱীৰ একমাত্ৰ মহিলা হিচাপে স্বীকৃতি পায়৷ বৰ্তমান তেখেত ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীত (ITBP) কৰ্মৰত এগৰাকী বিষয়া৷

অভিযানসমূহ
- ১৯৯৯ চনত সন্তোষ যাদৱে এভাৰেষ্ট, কাংছুক ফেচলৈ এটা ভাৰতীয় পৰ্বতাৰোহী দলক নেতৃত্ব দিয়ে৷৪
- ২০০১ চনত তেখেতে ইষ্ট ফেচ, মাউণ্ট এভাৰেষ্টলৈ অইন এটা পৰ্বতাৰোহীৰ দলক নেতৃত্ব দিয়ে৷ ৪
বঁটা-বাহন
- ১৯৯৪ চনত যাদৱক টেনজিং নৰ্গে ৰাষ্ট্ৰীয় অভিযান বঁটা প্ৰদান কৰা হয়৷
- ২০০০ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে৷৫১
তথ্যসূত্ৰ
- ↑ (2007-05-11). Santosh Yadav feels motivated to climb Everest again. News.webindia123.com
- ↑ -, Beehive. (2006). Textbook in English for class IX. Central Board of Secondary Education. পৃ. 102. ISBN 81-7450-502-4
- ↑ (29 May 2003). On top of the world at Baluchi!. The Hindu
- ↑ Menon, Shaym G. (25 May 2013). No work on any expedition was below my dignity. The Hindus
- ↑ (20 July 1995). National Adventure Awards Announced. Press Information Bureau, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্তোষ যাদৱ” প্ৰবন্ধৰ সংশোধন ৩৮৩০৫৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।