নেপালৰ সাহিত্যিক
৬ প্ৰবন্ধ
-
লক্ষ্মী প্ৰসাদ দেৱকোটা
লক্ষ্মী প্ৰসাদ দেৱকোটা (Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।
-
সানু শৰ্মা
সানু শৰ্মা (নেপালী: सानु शर्मा) এগৰাকী নেপালী উপন্যাসিক, গল্পৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ সাহিত্যিক সৃষ্টি সমূহৰ ভিতৰত উপন্যাস, গল্প আৰু কবিতা আছে, যাৰ বহুতো অডিঅ’বুক হিচাপে প্ৰকাশ পাইছে।
-
সুমন পোখৰেল
সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।
-
মতিৰাম ভট্ট
মোতিৰাম ভট্ট নেপালী ভাষাত मोतीराम भट्ट আছিল এজন নেপালৰ নেপালী কবি, গায়ক, প্ৰবন্ধকাৰ, প্ৰকাশক, সাহিত্য সমালোচক আৰু জীৱনীকাৰ। তেওঁক নেপালী সাহিত্যৰ প্ৰথম জীৱনীকাৰ আৰু সাহিত্য সমালোচক হিচাপে গণ্য কৰা হয় আৰু ১৮৮৮ চনত নেপালত প্ৰথম ব্যক্তিগত প্ৰিণ্টিং প্ৰেছ তেখেতেই আৰম্ভ কৰিছিল।
-
শাৰদা শৰ্মা
শাৰদা শৰ্মা (নেপালী: शारदा शर्मा, জন্ম: ১৯৫৮) এগৰাকী নেপালী লেখিকা আৰু কবি। তেওঁৰ প্ৰথম উপন্যাস তাপৰ বাবে তেওঁ ২০১২ চনত পদ্মশ্ৰী সাহিত্য সম্মান লাভ কৰিছিল।
-
সত্য মোহন যোশী
সত্য মোহন যোশী (সত্য মোহন যোশী; ১২ মে' ১৯২০ – ১৬ অক্টোবৰ ২০২২) আছিল এজন নেপালী লেখক আৰু পণ্ডিত। নেপালৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক গৱেষণাৰ বাবে যোশী পৰিচিত। তেওঁ নেপাল ভাষা একাডেমীৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।