তাত্ত্বিক পদাৰ্থ বিজ্ঞানী
১২ প্ৰবন্ধ
-
এলবাৰ্ট আইনষ্টাইন
এলবাৰ্ট আইনষ্টাইন (Albert Einstein) (;; জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ।
-
সত্যেন্দ্ৰনাথ বসু
সত্যেন্দ্ৰনাথ বসু (Satyendra Nath Bose; ১ জানুৱাৰী, ১৮৯৪ - ৪ ফেব্ৰুৱাৰী, ১৯৭৪) আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
-
ষ্টিফেন হকিং
ষ্টিৱেন ৱিলিয়াম হকিং (Stephen William Hawking; ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল।
-
পল ডিৰাক
পল এদ্ৰিয়েন মৰিছ ডিৰাক (Paul Adrien Maurice Dirac; ৮ আগষ্ট ১৯০২ – ২০ অক্টোবৰ ১৯৮৪) আছিল এগৰাকী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁক কুৰি শতিকাৰ সবাতোকৈ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীসকলৰ এজন বুলি আখ্যা দিয়া হয়।
-
ৰিচাৰ্ড ফাইনমেন
ৰিচাৰ্ড ফিলিপছ ফাইনমেন (১১ মে’,১৯১৮ – ১৫ ফেব্ৰুৱাৰী,১৯৮৮) এজন সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱাণ্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত।
-
জেমছ ক্লাৰ্ক মেক্সৱেল
জেমছ ক্লাৰ্ক মেক্সৱেল এফ আৰ এছ ই এফ আৰ এছ (১৩ জুন ১৮৩১ - ৫ নৱেম্বৰ ১৮৭৯) এজন স্কটিছ গণিতজ্ঞ আৰু বিজ্ঞানী আছিল। তেওঁ তড়িৎ-চুম্বকীয় তৰংগৰ সৰ্বোত্তম তত্ত্ব বৰ্ণনা কৰিছিল, যাৰ সহায়ত বিদ্যুৎ, চুম্বকত্ব আৰু পোহৰক একে শক্তিৰ ভিন্ন ৰূপৰূপে বৰ্ণনা কৰা সম্ভৱ হৈছিল।
-
নিলছ্ ব'ৰ
নিলছ্ হেনৰিক ডেভিদ ব'ৰ (Niels Henrik David Bohr; ৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। ব'ৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
-
জৰ্জিঅ' পাৰিচি
জৰ্জিঅ' পাৰিচি(Giorgio Parisi; জন্ম ৪ আগষ্ট ১৯৪৮) এগৰাকী ইটালিয়ান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁ গৱেষণাৰ ক্ষেত্ৰত কোৱাণ্টাম ক্ষেত্ৰ তত্ত্ব, পৰিসাংখ্যিক বলবিজ্ঞান আৰু জটিল প্ৰণালীৰ ওপৰত গুৰুত্ব দিছে।
-
আব্দুছ ছালাম
আব্দুছ ছালাম (Abdus Salam; জন্ম: ২৯ জানুৱাৰী, ১৯২৬ – মৃত্যু: ২১ নৱেম্বৰ, ১৯৯৬) আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল।
-
কাৰ্ল' ৰ'ভেল্লী
কাৰ্ল' ৰ'ভেল্লী (Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে। তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়।
-
ইন্দ্ৰাণী বসু
ইন্দ্ৰাণী বসু (Indrani Bose জন্ম ১৫ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক। তেওঁৰ বিশেষত্বৰ ক্ষেত্ৰবোৰ হৈছে তাত্ত্বিক ঘনীভূত পদাৰ্থ, কোৱাণ্টাম তথ্য তত্ত্ব, পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, জৈৱিক পদাৰ্থ বিজ্ঞান আৰু প্ৰণালী।
-
এনৰিকো ফাৰ্মি
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল।