অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সত্যপাল ডাং

সত‍্যপাল ডাং (১৯২০–২০১৩) এগৰাকী স্বাধীনতা সংগ্ৰামী তথা সাহিত্যিক আৰু পঞ্জাবৰ এগৰাকী প্ৰগতিশীল ৰাজনীতজ্ঞ আছিল। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধিত্ব কৰি পঞ্জাব বিধানসভাত চাৰিবাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু গুৰুনাম সিং নেতৃত্বাধীন ইউনাইটেড ফ্ৰণ্ট চৰকাৰত খাদ্য আৰু চিভিল ছাপ্লাই মন্ত্ৰী…

হালনাগাদ: ২৮ মে’ ২০২৬ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সত‍্যপাল ডাং (১৯২০–২০১৩) এগৰাকী স্বাধীনতা সংগ্ৰামী তথা সাহিত্যিক আৰু পঞ্জাবৰ এগৰাকী প্ৰগতিশীল ৰাজনীতজ্ঞ আছিল।১ তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধিত্ব কৰি পঞ্জাব বিধানসভাত চাৰিবাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু গুৰুনাম সিং নেতৃত্বাধীন ইউনাইটেড ফ্ৰণ্ট চৰকাৰত খাদ্য আৰু চিভিল ছাপ্লাই মন্ত্ৰী হিচাপে কাৰ্যৱহাৰ কৰিছিল।২ তেওঁ ভাৰতৰ মজদুৰ আন্দোলনত AITUC-ৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। সমাজ আৰু ৰাজনীতিত তেওঁৰ অৱদানৰ বাবে ১৯৯৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণৰ দ্বাৰা সন্মানিত কৰে।৩

জীৱনী

সত‍্যপাল ডাং ১৯২০ চনৰ ৪ অক্টোবৰত গুজৰানৱালাত জন্মগ্ৰহণ কৰে৪ আৰু লাহোৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।৫ ছাত্ৰ অৱস্থাতেই তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু প্ৰথমতে কংগ্ৰেছৰ বামপন্থী শাখাৰ সৈতে কাম কৰিছিল। পিছত তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে আৰু ১৯৪০ দশকত বম্বে কমিউনৰ সক্ৰিয় সদস্য হয়। ২৫ বছৰ বয়সত তেওঁ সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক হয় আৰু ১৯৪৩ চনত বম্বেত অনুষ্ঠিত প্ৰথম পাৰ্টি কংগ্ৰেছত অংশ লয়।৫

এই সময়তেই তেওঁৰ পৰিচয় হয় বিমলা বাকায়াৰ সৈতে, যাক তেওঁ ১৯৫২ চনত বিবাহ কৰে।৬ স্বাধীনতাৰ পিছত আৰু Calcutta Thesis-ৰ পৰিণতিস্বৰূপ সংঘটিত বিদ্ৰোহৰ সময়ছোৱাত CPI নিষিদ্ধ হোৱাৰ পিছত, নিষেধাজ্ঞা উঠাৰ পৰে ডাং দম্পতীক আমৃতসৰৰ কামগাৰীসকলৰ মাজত সংগঠন শক্তিশালী কৰাৰ দায়িত্ব দিয়া হয়। তেওঁলোক চেহৰতা চাহাবলৈ স্থানান্তৰিত হয় আৰু ১৯৫৩ চনৰ প্ৰথম স্থানীয় নিৰ্বাচনত সত‍্যপাল ডাং চেহাৰ্টা পৌৰপ্ৰধান হয়।৭

পৰৱৰ্তী দহ বছৰ চেহাৰ্টাৰ স্থানীয় ৰাজনীতিত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু অঞ্চলটো আধুনিক ঠাই ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লয়।৬ ১৯৬৭ চনত পাৰ্টিৰ নিৰ্দেশ অনুসৰি তেওঁ ৰাজ্যিক নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু আমৃতসৰ পশ্চিম আসনৰপৰা তৎকালীন মুখ্যমন্ত্ৰী গিয়ানি গুৰমুখ সিং মুছাফিৰক পৰাস্ত কৰে।৮ সেইবছৰেই CPI-সহ ইউনাইটেড ফ্ৰণ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু সত‍্যপাল ডাং খাদ্য আৰু চিভিল ছাপ্লাই মন্ত্ৰী হয়।৯ তেওঁ মন্ত্ৰী হিচাপেৰ সুবিধা নলগাই এমএলএ হোষ্টেলতেই থাকিবলৈ পছন্দ কৰিছিল।১০

১৯৬৯, ১৯৭২ আৰু ১৯৭৭ চনৰ নিৰ্বাচনত তেওঁ পুনৰ বিজয়ী হয় যদিও ১৯৮০ চনত সেৱা ৰাম অ’ৰোৰাৰ ওচৰত পৰাস্ত হয়। ১৯৮২ চনত তেওঁৰ পত্নী পুনৰ এই আসনক দখল কৰে।৮

১৯৮০ দশকত খালিস্তান আন্দোলন চলাকালীন সত‍্যপাল ডাং অক্ষয়ভাৱে বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে লড়াই কৰিছিল আৰু ‘’একতা ভৱন’’ নামৰ কেন্দ্ৰৰপৰা সংগ্ৰামীসকলক সংগঠিত কৰিছিল।৫ তেওঁৰ ৰচনা ‘‘Terrorism In Punjab’’১১ আৰু ‘‘State Religion and Politics’’৪ পঞ্জাবৰ ৰাজনীতি, ধৰ্মীয় প্ৰৱণতা আৰু বিভাজনবাদীৰ ওপৰত গুৰুত্বপূৰ্ণ বিশ্লেষণ প্ৰদান কৰে।

জীৱনৰ অন্তিম দিনবোৰত তেওঁ আলজাইমাৰ ৰোগত আক্ৰান্ত হয়১০ আৰু ২০০৯ চনত বিমলা ডাঙৰ মৃত্যুৰ পিছত সক্ৰিয় ৰাজনীতিৰপৰা অৱসৰ লয়। ২০১৩ চনৰ ৬ জুনত আমৃতসৰত ভগ্নীপুত্ৰৰ ঘৰত তেওঁৰ মৃত্যু হয়।১২ ডাং দম্পতী সন্তানহীন আছিল, ইয়াৰ কাৰণ তেওঁলোকৰ নিজ পছন্দ আছিল।২ তেওঁৰ জীৱন আৰু সমাজকেন্দ্ৰিক উদ্যোগসমূহৰ ওপৰত আধাৰিত নকুল সিং ছাউহনী নিৰ্মিত Once Upon a Time in Chheharta নামৰ ডকুমেণ্টাৰীত তেওঁৰ কীৰ্তি প্ৰতিফলিত হয়।১৩

গ্ৰন্থতালিকা

  • Satyapal Dang. (2000). Terrorism In Punjab. GPH. পৃ. 412. ISBN 978-8121206594
  • Satyapal Dang. (2004). State Religion and Politics. GPH. পৃ. 345. ISBN 978-8121208505

বাহ্যিক সংযোগ

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Ardhendu Bhushan Bardhan. (19 June 2013). Satpal Dang: My Friend & Colleague, my Ideal. Tehelka
  2. ↑ (17 June 2013). Satpal Dang: The last of the true communists. Times of India
  3. ↑ (2016). Padma Awards. Ministry of Home Affairs
  4. ↑ Satyapal Dang. (2004). State Religion and Politics. GPH. পৃ. 345. ISBN 978-8121208505
  5. ↑ (12 July 2013). Communist legend. Frontline
  6. ↑ (May 2009). Tribute: Vimla Dang. Mainstream Weekly
  7. ↑ (29 June 2013). Satyapal Dang (1920-2013) Death of an honest politician
  8. ↑ (16 June 2013). Veteran CPI leader Satyapal Dang dead
  9. ↑ (16 June 2013). CPI leader Satya Pal Dang dead
  10. ↑ (22 June 2013). Tribute: Satyapal Dang. Mainstream
  11. ↑ Satyapal Dang. (2000). Terrorism In Punjab. GPH. পৃ. 412. ISBN 978-8121206594
  12. ↑ (15 June 2013). Veteran CPI leader Satyapal Dang passes away
  13. ↑ (17 June 2013). In Memory of Satyapal Dang

সম্পৰ্কিত শ্ৰেণী

বিপ্লৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যপাল ডাং” প্ৰবন্ধৰ সংশোধন ৬০৯৪০৪ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।