বিপ্লৱী
২৪ প্ৰবন্ধ
-
ভ্লেডিমিৰ লেনিন
ভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (Vladimir Ilyich Ulyanov, Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে লেনিন (২২ এপ্ৰিল [পুৰণি ৰুছ কেলেণ্ডাৰ মতে ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল।
-
চে গোৱেৰা
আৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।
-
ৰুহোল্লাহ খোমেইনী
ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
চাৰু মজুমদাৰ
চাৰু মজুমদাৰ (Charu Majumdar; ১৫ মে' ১৯১৮ – ২৮ জুলাই ১৯৭২) ভাৰতৰ এজন কমিউনিষ্ট নেতা, আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক আছিল। জনপ্ৰিয়ভাৱে তেওঁ চি.এম. নামেৰে পৰিচিত।
-
প্ৰীতিলতা ওৱাদ্দেদাৰ
প্ৰীতিলতা ওৱাদ্দেদাৰ (Pritilata Waddedar; ৫ মে' ১৯১১ – ২৪ ছেপ্টেম্বৰ ১৯৩২) চট্টগ্ৰাম আৰু ঢাকাত শিক্ষা সমাপ্ত কৰি কলকাতাৰ বেথুন কলেজত পঢ়া-শুনা কৰে। দৰ্শন বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ অন্তত স্কুলৰ শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত হয়। তেওঁক বংগৰ প্ৰথম মহিলা শ্বহীদ ৰূপে গণ্য কৰা হয়।
-
লিয়ন ট্ৰটস্কি
লেভ ডেভিড'ভিচ ব্ৰনষ্টাইন নামেৰে জন্ম লোৱা লিয়ন ট্ৰটস্কি (/ˈtrɒtski/; Лев Дави́дович Тро́цкий; ৭ নৱেম্বৰ [পুৰণি ব্যৱস্থাত ২৬ অক্টোবৰ] ১৮৭৯ - ২১ আগষ্ট ১৯৪০) এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী, অক্টোবৰ বিপ্লৱত সকলো শক্তি ছ'ভিয়েটৰ হাতলৈ প্ৰেৰণ কৰাৰ অভিযন্তা আৰু ৰঙা সেনা বা ৰেড আৰ্মিৰ…
-
কানু সান্যাল
কানু সান্যাল (Kanu Sanyal; ১৯৩২ – ২৩ মাৰ্চ ২০১০) এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিক। ১৯৬৭ চনত সংঘটিত নক্সালবাৰী বিদ্ৰোহৰ তেওঁ অন্যতম মূল নেতা আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ অন্যতম প্ৰতিষ্ঠাপক নেতা। ২০১০ চনৰ ২৩ মাৰ্চত সান্যালে আত্মহত্যা কৰে।
-
ক্ষুদিৰাম বসু
ক্ষুদিৰাম বসু (বাংলা: ক্ষুদিব়াম বসু, ইংৰাজী: Khudiram Bose; ৩ ডিচেম্বৰ ১৮৮৯ – ১১ আগষ্ট ১৯০৮) ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয়-বাঙালী বিপ্লৱী। প্ৰফুল্ল চাকিৰ সৈতে ক্ষুদিৰামে গাড়ীত থকা বুলি ভাবি ব্ৰিটিছ ন্যায়াধীশ আৰু দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰিছিল।
-
শিৱৰাম ৰাজগুৰু
শিৱৰাম ৰাজগুৰু ভাৰতৰ বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন বিপ্লৱী আছিল। ভগত সিং, সুখদেৱ ৰাজগুৰু (ভগত সিং, শিৱৰাম ৰাজগুৰু, আৰু সুখদেৱ থাপাৰ) আছিল তিনিজন বিশিষ্ট ভাৰতীয় বিপ্লৱী স্বাধীনতা সংগ্ৰামী যিসকলক ১৯৩১ চনৰ ২৩ মাৰ্চত ব্ৰিটিছে লাহোৰ ষড়যন্ত্ৰ গোচৰত ভূমিকা লোৱাৰ বাবে ফাঁচী দিছিল।
-
সুখদেৱ থাপাৰ
সুখদেৱ থাপাৰ (১৯০৭ চনৰ ১৫ মে' – ১৯৩১ চনৰ ২৩ মাৰ্চ) ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী। হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচনৰ সদস্য হিচাপে ১৯৩১ চনৰ ২৩ মাৰ্চত শিৱৰাম ৰাজগুৰু আৰু ভগত সিঙৰ সৈতে ফাঁচি দিয়া হয়।
-
চান য়াট-চেন
চান য়াট-চেন (ইংৰাজী: Sun Yat-sen; জন্ম: ১২ নবেম্বৰ ১৮৬৬ – মৃত্যু: ১২ মাৰ্চ ১৯২৫) আছিল এজন চীনা ৰাজনীতিবিদ, বিপ্লৱী আৰু চিকিৎসক, যাক আধুনিক চীনৰ “পিতা” হিচাপে গণ্য কৰা হয়। তেওঁ চিং ৰাজবংশৰ চৰকাৰ উৎখাত কৰি চীনৰ প্ৰথম গণৰাজ্য প্ৰতিষ্ঠা কৰে।
-
চাৰুচন্দ্ৰ বসু
চাৰুচন্দ্ৰ বসু (পশ্চিমবংগ সংশোধনী সেৱাৰ ৰেকৰ্ড অনুসৰি চাৰু চৰণ বসু; ২৬ ফেব্ৰুৱাৰী ১৮৯০ – ১৯ মাৰ্চ ১৯০৯) এগৰাকী ভাৰতীয় বিপ্লৱী, অনুশীলন সমিতিৰ সদস্য আৰু বংগ বিভাজন-বিৰোধী আন্দোলনৰ সময়ত সক্ৰিয় হোৱা সাহসী সংগ্ৰামীৰ অন্যতম আছিল।
-
ছাত্তাৰ খান
ছাত্তাৰ খান (২০ অক্টোবৰ, ১৮৬৬ – ১৭ নৱেম্বৰ, ১৯১৪), যাক সন্মানীয়ভাৱে চৰ্দাৰ-এ মিল্লী (অৰ্থাৎ ৰাষ্ট্ৰীয় অধিনায়ক) উপাধিৰে জনা যায়, আছিল ইৰানী সাংবিধানিক বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ইৰানী লোকসকলৰ দ্বাৰা এজন জাতীয় বীৰ হিচাপে গণ্য কৰা হয়।
-
তাৰকনাথ দাস
তাৰকনাথ দাস (বা তৰক নাথ দাস; ১৫ জুন ১৮৮৪ – ২২ ডিচেম্বৰ ১৯৫৮) এজন ভাৰতীয় বিপ্লৱী আৰু আন্তৰ্জাতিকতাবাদী পণ্ডিত আছিল। উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত তেওঁ এজন অগ্ৰণী অনুপ্ৰৱেশকাৰী আছিল আৰু টলষ্টয়ৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল, একে সময়তে এছিয়ান ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় স্বাধীনতা…
-
পাৰুল মুখাৰ্জী
পাৰুল মুখাৰ্জী (১৯১৫ – ১৯৯০) ২০ শতিকাৰ আৰম্ভণিতে ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৰতীয় বিপ্লৱী আছিল। মুখাৰ্জী বিপ্লৱী সংগঠন অনুশীলন সমিতিৰ এগৰাকী প্ৰভাৱশালী সদস্য আছিল, যাৰ সৈতে তেওঁ উগ্ৰপন্থী কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল আৰু নতুন সদস্য নিযুক্তিত সহায় কৰিছিল।
-
ফাতমা ইছমাইল ছালমান
ফাতমা ইছমাইল ছালমান; জন্ম: ১৪ ফেব্ৰুৱাৰী, ১৯৩৭ – মৃত্যু: ২ জুন ২০২০; আছিল এগৰাকী পেলেষ্টাইনী সক্ৰিয় কৰ্মী আৰু বিপ্লৱী।
-
ভিলমা এস্পিন
ভিলমা লুচিলা এস্পিন গুইলৱা ( Vilma Lucila Espin Guillois; ৭ এপ্ৰিল ১৯৩০ – ১৮ জুন ২০০৭) আছিল এগৰাকী কিউবাৰ বিপ্লৱী, নাৰীবাদী আৰু ৰাসায়নিক অভিযন্তা। তেওঁ ২৬ জুলাই আন্দোলনক ভূ-গৰ্ভস্থ চোৰাংচোৱা হিচাপে যোগান ধৰা আৰু সংগঠিত কৰাত সহায় কৰিছিল আৰু বিপ্লৱৰ সামৰণি পৰা মৃত্যুলৈকে কিউবা চৰকাৰৰ বহু শাখাত…
-
মাৰ্থা ফ্ৰেইড
মাৰ্থা ফ্ৰেইড ( Martha Frayde) জন্ম: ১৫ আগষ্ট ১৯২০ হাভানা, মৃত্যু ৪ ডিচেম্বৰ ২০১৩ মাদ্ৰিদ; এগৰাকী কিউবান চিকিৎসক, প্ৰতিবাদী আৰু বিপ্লৱী।
-
মেজৰ আনা মাৰিয়া
মেজৰ আনা মাৰিয়া হৈছে মেক্সিকোৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ছান ক্ৰিষ্টোবাল দে লাছ কাছাছত জাপাটিষ্টা বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰথম সামৰিক নম ডি গিয়েৰ নেতাসকলৰ এগৰাকী।
-
যতীন্দ্ৰনাথ দাস
যতীন্দ্ৰনাথ দাস (২৭ অক্টোবৰ ১৯০৪ – ১৩ ছেপ্টেম্বৰ ১৯২৯), “যতীন দাস" নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী আছিল। দেশৰ স্বাধীনতাৰ লক্ষ্যত তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু হিন্দুস্থান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এচ’চিয়েচনৰ সদস্য আছিল।
-
সত্যপাল ডাং
সত্যপাল ডাং (১৯২০–২০১৩) এগৰাকী স্বাধীনতা সংগ্ৰামী তথা সাহিত্যিক আৰু পঞ্জাবৰ এগৰাকী প্ৰগতিশীল ৰাজনীতজ্ঞ আছিল। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধিত্ব কৰি পঞ্জাব বিধানসভাত চাৰিবাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু গুৰুনাম সিং নেতৃত্বাধীন ইউনাইটেড ফ্ৰণ্ট চৰকাৰত খাদ্য আৰু চিভিল ছাপ্লাই মন্ত্ৰী…
-
সুবোধ ৰয়
সুবোধ ৰয় (১৯১৫ – ২৬ আগষ্ট ২০০৬) (ঝুংকু ৰয় নামেৰেও পৰিচিত) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰভাৱশালী, বিপ্লৱী সমাজবাদী আৰু ৰাজনীতিবিদ।
-
ৰাজেন্দ্ৰ লাহিড়ী
ৰাজেন্দ্ৰনাথ লাহিড়ী ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল।
-
ৰোজা লাক্সেমবাৰ্গ
ৰোজা লাক্সেমবাৰ্গ (ইংৰাজী: Rosa Luxemburg; জন্ম: ৫ মাৰ্চ ১৮৭১ – মৃত্যু: ১৫ জানুৱাৰী ১৯১৯) এজনী প’লিশ-জাৰ্মান মাৰ্ক্সবাদী দাৰ্শনিক, অৰ্থনীতিবিদ, ৰাজনীতিক, আৰু বিপ্লৱী আছিল। তেওঁ ২০শ শতিকাৰ আৰম্ভণিৰ জাৰ্মান আৰু ইউৰোপীয় সমাজবাদী আন্দোলনত এক মুখ্য চৰিত্ৰ আছিল।