অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিয়ন ট্ৰটস্কি

লেভ ডেভিড'ভিচ ব্ৰনষ্টাইন নামেৰে জন্ম লোৱা লিয়ন ট্ৰটস্কি (/ˈtrɒtski/; Лев Дави́дович Тро́цкий; ৭ নৱেম্বৰ [পুৰণি ব্যৱস্থাত ২৬ অক্টোবৰ] ১৮৭৯ - ২১ আগষ্ট ১৯৪০) এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী, অক্টোবৰ বিপ্লৱত সকলো শক্তি ছ'ভিয়েটৰ হাতলৈ প্ৰেৰণ কৰাৰ অভিযন্তা আৰু ৰঙা সেনা বা ৰেড আৰ্মিৰ…

হালনাগাদ: ১৬ অক্টোবৰ ২০২০ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লেভ ডেভিড'ভিচ ব্ৰনষ্টাইন নামেৰে জন্ম লোৱা লিয়ন ট্ৰটস্কি (/ˈtrɒtski/১; Лев Дави́дович Тро́цкий; ৭ নৱেম্বৰ [পুৰণি ব্যৱস্থাত ২৬ অক্টোবৰ] ১৮৭৯ - ২১ আগষ্ট ১৯৪০) এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী, অক্টোবৰ বিপ্লৱত সকলো শক্তি ছ'ভিয়েটৰ হাতলৈ প্ৰেৰণ কৰাৰ অভিযন্তা আৰু ৰঙা সেনা বা ৰেড আৰ্মিৰ প্ৰতিষ্ঠাপক নেতা।

ৰাজনৈতিক জীৱনৰ আগ ভাগ

পূৰ্বতে ট্ৰটস্কি আছিল ৰাছিয়ান চ'চিয়েল ডেম'ক্ৰেটিক লেবাৰ পাৰ্টিৰ মেনছেভিকসকলৰ সমৰ্থক। তেওঁ বলছেভিক দলত অক্টোবৰ বিপ্লৱৰ ঠিক আগেয়ে যোগদান কৰিছিল আৰু পাছলৈ কমিউনিষ্ট পাৰ্টিৰ নেতা হ'ল। তেওঁ লেনিন, জিন'ভিএভ, কামেনেভ, ষ্টেলিন, চকলনিকভ আৰু বুবন'ভৰ সৈতে সাতজনীয়া প্ৰথম পলিটব্যুৰ'ৰ সদস্য অছিল, যাক ১৯১৭ত বলছেভিক বিপ্লৱক চলাবলৈ গঠন কৰা হৈছিল।২ ৰাছিয়ান ছ'ভিয়েট ফেডাৰেটিভ চ'চিয়েলিষ্ট ৰিপাব্লিক (RSFSR)-ত তেওঁ প্ৰথম পিপলছ কমিছাৰ ফৰ ফৰেইন এফেয়াৰ্ছ আছিল্ল আৰু পাছলৈ ৰঙা সেনা গঠন হোৱাৰ পাছত তেওঁ প্ৰথম পিপলছ কমিছাৰ অৱ মিলিটেৰি এণ্ড নেভেল এফেয়াৰ্ছ হ'ল। তেওঁ ৰুছ গৃহ যুদ্ধত (১৯১৮-১৯২৩) ব'লছেভিক জয়ৰ এক মুখ্য ব্যক্তি আছিল।

ষ্টীলিনৰ বিৰোধ আৰু মৃত্যু

ট্ৰটস্কিয়ে ১৯২০ৰ দশকত ষ্টেলিনৰ ক্ষমতা দখলৰ বিৰুদ্ধে আৰু ছ'ভিয়েট সংঘত বিষয়াতন্ত্ৰাৰ প্ৰসাৰৰ বিৰুদ্ধে 'বাম বিৰোধ' কৰিছিল যদিও ই বিফল হ'ল। ট্ৰটস্কিক অক্টোবৰ ১৯২৭ত ক্ষমতাৰপৰা আতৰোৱা হ'ল আৰু নৱেম্বৰ ১৯২৭-ত কমিউনিষ্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হ'ল। তেওঁক ফেব্ৰুৱাৰী ১৯২৮ত আল্মা আটালৈ বহিষ্কাৰ কৰা হ'ল। তেওঁক ফেব্ৰুৱাৰী ১৯২৯ত ছ'ভিয়েট সংঘৰপৰা বহিষ্কাৰ কৰা হ'ল। চতুৰ্থ আন্তৰ্জাতিক (ফ'ৰ্থ ইণ্টাৰ্ণেচনেল)-ৰ মুৰব্বী হিচাপে তেওঁ ছ'ভিয়েট সংঘত ষ্টেলিনবাদী আমোলাতন্ত্ৰৰ বিৰোধ কৰি গ'ল। ষ্টেলিনৰ আদেশত আগষ্ট ১৯৪০ত তেওঁক মেক্সিক'ত স্পেনীয় হিচাপে জন্ম গ্ৰহণ কৰা ছ'ভিয়েট দালাল ৰামন মাৰ্চেডাৰে হত্যা কৰিলে।৩

ট্ৰটস্কিবাদ আৰু ট্ৰটস্কিৰ মহত্ত্ব

ট্ৰটস্কিৰ ধাৰণাসমূহে ট্ৰটস্কিবাদৰ মূল, যি মাৰ্ক্সবাদী চিন্তাৰ এক মুখ্য ভাগ। এই ভাগে ষ্টেলিনবাদাৰ বিৰোধ কৰে। ষ্টেলিনৰ শাসনত তেওঁৰ কথা বিদ্যালয়ৰ গ্ৰন্থাদিৰ পৰা আঁতৰাই ৰখা হ'ল। তেওঁ এনে এক সৰু ছ'ভিয়েট নেতাৰ গোটৰ অন্যতম যাক নিকিটা খ্ৰুচ্ছেভে ১৯৫০ৰ দশকত পুনৰ্সংস্থাপিত নকৰিলে। ১৯৮০ৰ দশকতহে তেওঁৰ গ্ৰন্থ সমূহ ছ'ভিয়েট সংঘত ছপা হ'বলৈ দিয়া হ'ল, তাকো তাকৰীয়া সময়ৰ বাবে।

তথ্যসূত্ৰ

  1. ↑ "Trotsky"
  2. ↑ Dmitri Volkogonov, Lenin.
  3. ↑ The murder weapon was a cut-down ice axe, not an ice pick

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিবিপ্লৱীসাম্যবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিয়ন ট্ৰটস্কি” প্ৰবন্ধৰ সংশোধন ২৪৯৪৪২ (১৬ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।