অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সঞ্জনা গণেশান

সঞ্জনা গণেশন (Sanjana Ganesan জন্ম: ৬ মে' ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, এংকৰ আৰু ক্ৰিকেট খেলৰ সম্প্ৰচাৰক। সঞ্জনাই মডেল হিচাপে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল৷ বিগত সময়ছোৱাত তেওঁ ক্ৰীড়া উপস্থাপক আৰু ষ্টাৰ স্প’ৰ্টছৰ বাবে ক্ৰিকেট আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ বিশেষ অনুষ্ঠান আয়োজন কৰি আহিছে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সঞ্জনা গণেশন (Sanjana Ganesan জন্ম: ৬ মে' ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, এংকৰ আৰু ক্ৰিকেট খেলৰ সম্প্ৰচাৰক।

পেছাদাৰী কেৰিয়াৰ

সঞ্জনাই মডেল হিচাপে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল৷ বিগত সময়ছোৱাত তেওঁ ক্ৰীড়া উপস্থাপক আৰু ষ্টাৰ স্প’ৰ্টছৰ বাবে ক্ৰিকেট আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ বিশেষ অনুষ্ঠান আয়োজন কৰি আহিছে। ২০১৯ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপ, ২০২০ চনৰ মহিলা টি-২০ বিশ্বকাপ আৰু লগতে ২০২৪ চনৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ সঞ্জনা অংশ আছিল৷ ১ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ৰ কেইবাটাও ছিজনত তেওঁ ষ্টাৰ স্প’ৰ্টছ সম্প্ৰচাৰ দলৰ অংশ আছিল। ১

ব্যক্তিগত জীৱন

সঞ্জনা গণেশনে দ্য বিচপ স্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁ পুণেৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ টেকন’লজিত বি.টেক পাঠ্যক্ৰমত নামভৰ্তি কৰে। সঞ্জনা গণেশান মিছ ইণ্ডিয়াৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰাক্তন প্ৰতিযোগী আৰু ২০১৪ চনত এমটিভিৰ স্প্লিটছভিলাৰ অংশগ্ৰহণকাৰী।১ ২০২১ চনৰ ১৫ মাৰ্চত সঞ্জনাই গোৱাত ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২ ২০১৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত বুমৰাহৰ গণেশানৰ প্ৰথমটো সাক্ষাৎকাৰ লৈছিল আৰু এইদৰেই দুয়ো সান্নিধ্যলৈ আহিছিল। ইয়াৰ পাছত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু ২০২১ চনৰ মাৰ্চ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।৩২০২৩ চনৰ ৪ ছেপ্টেম্বৰত দম্পতীটিৰ অংগদ জস্প্ৰিত বুমৰাহৰ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।৪

তথ্যসূত্ৰ

  1. ↑ (15 March 2021). Jasprit Bumrah marriage: Who is Sanjana Ganesan? All you need to know. India Today
  2. ↑ (15 March 2021). 'Love, if it finds you worthy, directs your course': Jasprit Bumrah ties the knot in Goa. Hindustan Times(15 March 2021). Jasprit Bumrah married Sanjana Ganesan, shares photos from their wedding. The Indian Express(15 March 2021). Jasprit Bumrah marries model turned TV presenter Sanjana Ganesan. The Times of India
  3. ↑ (4 September 2023). Jasprit Bumrah And Sanjana Ganesan Become Parents: Know All About Their Love Story, In PICS. Zee News
  4. ↑ (4 September 2023). Jasprit Bumrah blessed with baby boy.. The Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জনা গণেশান” প্ৰবন্ধৰ সংশোধন ৪২৪৬৬০ (৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।