অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰক্তবাহিকা

ৰক্তবাহিকা (ইং: Blood Vessel) বোৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰৰ এটা উপাদান। জীৱদেহত তিনি প্ৰকাৰৰ ৰক্তবাহিকা থাকে, সেই কেইটা হৈছে ধমনী, সিৰা, আৰু ৰক্ত কেশিকা।

হালনাগাদ: ২৪ অক্টোবৰ ২০২৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰক্তবাহিকা (ইং: Blood Vessel) বোৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰৰ এটা উপাদান। জীৱদেহত তিনি প্ৰকাৰৰ ৰক্তবাহিকা থাকে, সেই কেইটা হৈছে ধমনী, সিৰা, আৰু ৰক্ত কেশিকা। ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে, ৰক্ত কেশিকাই তেজ আৰু কলাৰ মাজত পানী আৰু ৰসায়নৰ আদান প্ৰদান কৰে আৰু সিৰাই দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে।১

গঠন

ধমনী আৰু সিৰাবোৰ তিনিটা তৰপেৰে গঠিত। ২ ধমনীবোৰৰ মাজৰ তৰপটো সিৰাবোৰতকৈ ডাঠ:

  • টিউনিকা ইণ্টিমা: আটাইতকৈ পাতল তৰপ। এই তৰপটো ৰক্তবাহিকাৰ একেবাৰে ভিতৰফালে থাকে আৰু ৰক্তপ্ৰবাহৰ প্ৰত্যক্ষ সম্পৰ্কত থাকে। ২
  • টিউনিকা মেডিয়া: মাজৰ তৰপ, পেশী যুক্ত। ধমনীবোৰৰ এই তৰপটো সিৰাবোৰতকৈ ডাঠ হয়।২
  • টিউনিকা এডভেণ্টিছিয়া: একেবাৰে বাহিৰৰ তৰপ। সিৰাবোৰৰ এই তৰপটো ধমনীবোৰতকৈ ডাঠ হয়। এই তৰপটোত স্নায়ু থাকে। ২

ৰক্ত কেশিকাবোৰ কলাৰ এটা বা একাধিক তৰপেৰে গঠিত। ধমনী আৰু সিৰাবোৰ সংকোচন-প্ৰসাৰণ হব পৰাকৈ সিহঁতৰ বাহিৰফালে পেশীৰ এটা তৰপ থাকে। এই পেশীয়ে তেজক চলাচল কৰিবলৈ চাপ প্ৰয়োগ কৰে।

ধমনী

ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে। ক্লোম ধমনীৰ বাদে বাকী সকলো ধমনীয়ে অম্লজানযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম ধমনীয়েহে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই।

সিৰা

সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই আনে। ক্লোম সিৰাৰ বাদে বাকী সকলো সিৰাই কাৰ্বন ডাই-অক্সাইডযুক্ত তেজ কঢ়িয়াই, কেৱল ক্লোম সিৰাইহে অক্সিজেনযুক্ত তেজ কঢ়িয়াই।

ৰক্ত কেশিকা

ধমনী আৰু সিৰাবোৰ বিভিন্ন শাখা-প্ৰশাখালৈ বিভক্ত হৈ শেষত ৰক্তকেশিকালৈ পৰিণত হয়। এই ৰক্তকেশিকাবোৰে কোনো অংগৰ প্ৰতিটো কোষ (জীৱবিজ্ঞান)ৰ লগত সম্পৰ্কৃত হৈ জালৰ দৰে গঠন সৃষ্টি কৰে। ধমনীয়ে কঢ়িয়াই নিয়া তেজৰ ইয়াতেই কৌশিক পৰিশ্ৰাবন ঘটে। এই পৰিশ্ৰাবনত তেজৰ প্লাজমা দেহৰসত প্ৰৱেশ কৰে আৰু ৰক্তকোষবোৰ থাকি যায়। ৰক্তকোযে কঢ়িয়াই নিয়া অক্সিজেন ব্যাপনৰ দ্বাৰা দেহকোষত প্ৰৱেশ কৰে আৰু দেহকোষত সৃষ্টিহোৱা কাৰ্বন ডাই-অক্সাইড ৰক্তকোষত প্ৰৱেশ কৰে। ইয়াৰ পিছত ৰক্তকোষবোৰ পুনৰ প্লাজমাৰ সৈতে সিৰাৰ লগত সংযুক্ত ৰক্তকেশিকাত প্ৰৱেশ কৰে আৰু সিৰাৰ মাজেৰে গৈ হৃদযন্ত্ৰ পাইগৈ। ৩

তথ্যসূত্ৰ

  1. ↑ The Heart and Blood Vessels
  2. ↑ Blood Vessel Layers: Tunica Intima, Tunica Media & Tunica Adventitia
  3. ↑ Capillaries: Function, Definition & Quiz

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীৰ গঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক্তবাহিকা” প্ৰবন্ধৰ সংশোধন ৩৮৮৫৯০ (২৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।