অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ষ্ট'নহেঞ্জ

ষ্ট'নহেঞ্জ (Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৪ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ষ্ট'নহেঞ্জ (Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে। সেই শিলবোৰৰ কিছুমান বালি-শিল আৰু কিছুমান নীলা শিল। এই বৃত্তীয় শৈল গাঁথনিৰ ধ্বংসাৱশেষ এটা ৩২০ ফুট গড়খাৱৈ সজ্জাৰ ভিতৰত আছে। ষ্ট'নহেঞ্জৰ প্ৰাগৈতিহাসিক শিলবোৰৰ সজ্জাৰ লগত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীকে ধৰি গ্ৰহবোৰৰ চলনৰ সম্পৰ্ক থকা যেন ধাৰণা হয়। গ্ৰীষ্ম আৰু শীত, দুয়ো ঋতুতে সূৰ্য আৰু চন্দ্ৰৰ উদয় আৰু অস্ত যোৱাৰ সময়ৰ লগতো সেই সজ্জাৰ কিছু সংগতি আছে। সম্ভৱতঃ প্ৰাগৈতিহাসিক যুগৰ কোনো পণ্ডিতে এনেবোৰ বিষয়ে অধ্যয়ন কৰিবলৈ ষ্ট'নহেঞ্জক ব্যৱহাৰ কৰিছিল। সেইবাবে ষ্ট'নহেঞ্জক প্ৰাগৈতিহাসিক কম্পিউটাৰ বুলিও কোৱা হয়।<ref name="গ্ৰন্থ ১"১

নিৰ্মাণ কাৰ্য্য

তিনি হাজাৰ বছৰজোৰা সময় পৰিক্ৰমাৰ বিভিন্ন পৰ্যায়ত ষ্ট'নহেঞ্জ নিৰ্মাণ কৰা হৈছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত ষ্ট'নহেঞ্জ এক অসম্ভৱপ্ৰায় কাম আছিল আৰু তাৰ বাবে যথেষ্ট বুদ্ধি,দৃঢ়তা আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হৈছিল। "হেঞ্জ" নামৰ এটা গড়খাৱৈ সজ্জা তাত প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে নিৰ্মাণ কৰা হৈছিল। ডাঙৰ শিলাখণ্ডবোৰ পাছত যোগ দিয়া হয়।

নিৰ্মাণৰ উদ্দেশ্য

ষ্ট'নহেঞ্জ ইংলেণ্ডৰ আটাইতকৈ বিখ্যাত প্ৰাচীন কীৰ্তিবোৰৰ অন্যতম। কি উদ্দেশ্যত ইয়াক নিৰ্মাণ কৰা হৈছিল সেয়া স্পষ্ট নহয়। বহুতৰ মতে সেয়া আছিল বিশ্ব দেৱতাক আৰাধনা কৰিবৰ বাবে স্থাপিত এটা মন্দিৰ। বহুতে আকৌ ইয়াক প্ৰাগৈতিহাসিক কালৰ কেলেণ্ডাৰৰ তাৎপৰ্যপূৰ্ণ ঘটনাবোৰ চিহ্নিত কৰিবলৈ সজা এটা মান মন্দিৰ বুলিও ক'ব খোজে। আন কিছুলোকে ধাৰণা কৰে যে এয়া আছিল সম্ভ্ৰান্ত লোকসকলৰ সমাধি দিয়া এখন পবিত্ৰ স্থান।

ষ্ট'নহেঞ্জৰ নিৰ্মাণৰ কাহিনী

ষ্ট'নহেঞ্জ কোনে সাজিছিল তাকেলৈ কেইবাটাও কাহিনী প্ৰচলিত আছে।

  • এটা কাহিনী মতে তাত কিছুমান দৈত্যই তাণ্ডৱ নৃত্য কৰি আছিল আৰু পাছত কোনো দেৱতাৰ অভিশাপত নাচি থকা দৈত্যবোৰ শিললৈ পৰিণত হৈ এই প্ৰকাণ্ড স্থাপত্য কৃতিৰ সৃষ্টি হয়।
  • আন এটা কাহিনী মতে মাৰ্লিন (Merlin) নামৰ এজন যাদুকৰে যাদুৰ বলেৰে আয়াৰলেণ্ডৰ পৰা ছালিছবুৰিৰ সমতললৈ এই শিলবোৰ আনিছিল।
  • পৌৰাণিক প্ৰত্নতত্ত্ব অধ্যয়ন কৰা দুই-এজন পণ্ডিতৰ মতে ড্ৰুইড (Druid) নামৰ এজন উচ্চ শ্ৰেণীৰ পুৰোহিতে বলি দিয়া উৎসৱ পালন কৰিবলৈ ষ্ট'নহেঞ্জ নিৰ্মাণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ (২০১২). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. ৪১

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যবিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট'নহেঞ্জ” প্ৰবন্ধৰ সংশোধন ৪৩০৩৪৭ (১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।