যুক্তৰাজ্য
১১ প্ৰবন্ধ
-
যুক্তৰাজ্য
যুক্তৰাজ্য (United Kingdom ইউনাইটেড্ কিংডম্) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (The United Kingdom of Great Britain and Northern Ireland)।
-
ইংলেণ্ড
ইংলেণ্ড (England) ইউৰোপৰ অন্তৰ্গত যুক্তৰাজ্যৰ এখন অংশীদাৰী দেশ। সংযুক্ত যুক্তৰাজ্যৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰতে ই আটাইতকৈ জনবহুল। ইংৰাজী ইংলেণ্ডৰ প্ৰধান ভাষা, আনহাতে কৰ্নিছ ভাষা আঞ্চলিক ভাষাসমূহৰ ভিতৰত অন্যতম। মুঠ মাটিকালিৰ পৰিমাণ ১৩০,৩৯৫ বৰ্গ কিলোমিটাৰ।
-
অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়।
-
কেমব্ৰিজ বিশ্ববিদ্যালয়
কেমব্ৰিজ বিশ্ববিদ্যালয় (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়।
-
ব্ৰেক্সিট
ব্ৰেক্সিট হ'ল ইউৰোপিয়ান ইউনিয়নৰপৰা (ইইউ) যুক্তৰাজ্যৰ বিদায়। ই আছিল অনেক লোক, তৰ্ক গোট আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য। ই যুক্তৰাজ্যই ১৯৭৩ত ইউৰোপীয় সংঘৰ পূৰ্বসুৰী ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (ইইচি) যোগদান দিয়াৰ পাছৰে পৰাই গঢ় লৈ উঠিল। ইইচিত সদস্যপদ আগবঢ়াই নিয়াৰ সিদ্ধান্ত ১৯৭৫ত ৬৭% ভোটেৰে লোৱা হ'ল।
-
ৱিনষ্টন চাৰ্চিল
ছাৰ ৱিনষ্টন লিঅ'নাৰ্ড স্পেন্সৰ চাৰ্চিল (৩০ নৱেম্বৰ ১৮৭৪ – ২৪ জানুৱাৰী ১৯৬৫) এজন ব্ৰিটিছ ৰাষ্ট্ৰনেতা, সামৰিক বিষয়া আৰু লেখক আছিল, যিয়ে ১৯৪০ চনৰ পৰা ১৯৪৫ চনলৈকে (দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত) আৰু পুনৰ ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈকে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু সংসদ (এম পি) আছিল আৰু সেই সময়ছোৱাত মুঠ…
-
এলনৱিক গাৰ্ডেন
এলনৱিক গাৰ্ডেন বা এলনৱিক বাগিচা (Alnwick Poison Garden) ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান। ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে। একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল।
-
মামা ফেষ্টিভেলছ
মামা ফেষ্টিভেলছ (MAMA Festivals) হৈছে এক পোনপটীয়া সংগীত আৰু বিনোদন কোম্পানী, যি যুক্তৰাজ্যৰ কেইবাটাও সংগীত অনুষ্ঠানৰ স্থান (ভেন্যু) আৰু উৎসৱৰ গৰাকী তথা পৰিচালক। ২০০৫ চনত প্ৰতিষ্ঠা হোৱা এই কোম্পানীটোৱে ইংলেণ্ডৰ বিভিন্ন স্থানত নিজৰ পৰিসৰ সম্প্ৰসাৰণ কৰি আন বহুতো ভেন্যু-হোল্ডিং কোম্পানী অধিগ্ৰহণ কৰিছে।
-
লংলিট বিভ্ৰান্তি পথ
লংলিট বিভ্ৰান্তি পথ (Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে।
-
শ্বেফিল্ড
শ্বেফিল্ড (Sheffield) ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ (River Sheaf) নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়।
-
ষ্ট'নহেঞ্জ
ষ্ট'নহেঞ্জ (Stonehenge) হ'ল ইংলেণ্ডৰ ছালিছবুৰি নামৰ ঠাইত অৱস্থিত এটা প্ৰাগৈতিহাসিক স্থাপত্য কৃতি। ১৯৮৬ চনত ইউনেস্কৱে ষ্ট'নহেঞ্জক বিশ্ব ঐতিহ্যবাহী স্থান ৰূপে ঘোষণা কৰে। ষ্ট'নহেঞ্জত ১৬২টা শিল আছে আৰু তাৰ ওপৰত আছে ৩৫টা দণ্ডাকৃতিৰ শিল। প্ৰকাণ্ড শিলাখণ্ডবোৰ মাটিৰ লগত প্ৰোথিত হৈ আছে।