অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক

ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক (ইংৰাজী: Struve Geodetic Arc) হৈছে নৰৱেৰ হামাৰফেষ্টৰ পৰা কৃষ্ণ সাগৰলৈকে বিস্তৃত জৰীপ ত্ৰিভুজকৰণ (triangulations)-ৰ এটা শৃংখল। ই ১০খন দেশ অতিক্ৰম কৰি 2820 কি.মি. জুৰি বিস্তৃত হৈ আছে, যিয়ে এটা মেৰিডিয়ান আৰ্কৰ প্ৰথম সঠিক জোখ প্ৰদান কৰিছিল।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
তাৰ্টু পুৰণি পৰ্যবেক্ষণাগাৰ, আৰ্কটোৰ প্ৰথম বিন্দু।
তাৰ্টু পুৰণি পৰ্যবেক্ষণাগাৰ, আৰ্কটোৰ প্ৰথম বিন্দু।ছবি: A.Savin · FAL
বিন্দু Z, ৰাছিয়াৰ হোগলেণ্ডত অৱস্থিত।
বিন্দু Z, ৰাছিয়াৰ হোগলেণ্ডত অৱস্থিত।ছবি: Islander · CC BY 3.0
ইউক্ৰেইনৰ ফেলশ্বটিনত থকা আৰ্কৰ স্মাৰক ফলক
ইউক্ৰেইনৰ ফেলশ্বটিনত থকা আৰ্কৰ স্মাৰক ফলকছবি: Volodymyr D-k · CC BY-SA 3.0
মলডোভাৰ ৰুডিত থকা জিঅ'ডেটিক বিন্দু
মলডোভাৰ ৰুডিত থকা জিঅ'ডেটিক বিন্দুছবি: Criss90kf · CC BY-SA 4.0

ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক (ইংৰাজী ভাষা: Struve Geodetic Arc) হৈছে নৰৱেৰ হামাৰফেষ্টৰ পৰা কৃষ্ণ সাগৰলৈকে বিস্তৃত জৰীপ ত্ৰিভুজকৰণ (triangulations)-ৰ এটা শৃংখল। ই ১০খন দেশ অতিক্ৰম কৰি 2820 কি.মি. জুৰি বিস্তৃত হৈ আছে, যিয়ে এটা মেৰিডিয়ান আৰ্কৰ প্ৰথম সঠিক জোখ প্ৰদান কৰিছিল।১

জাৰ্মানীত জন্মগ্ৰহণ কৰা ৰাছিয়ান বিজ্ঞানী ফ্ৰেডৰিক জৰ্জ উইলহেম ভন ষ্ট্ৰুভে ১৮১৬ চনৰ পৰা ১৮৫৫ চনৰ ভিতৰত পৃথিৱীৰ প্ৰকৃত আকাৰ আৰু আকৃতি নিৰ্ধাৰণ কৰিবলৈ এই শৃংখলটো স্থাপন আৰু ব্যৱহাৰ কৰিছিল। সেই সময়ত এই শৃংখলটো মাত্ৰ তিনিখন দেশৰ মাজেৰে পাৰ হৈছিল: নৰৱে, ছুইডেন আৰু ৰাছিয়ান সাম্ৰাজ্য। এই আৰ্কৰ প্ৰথম বিন্দুটি এষ্টোনিয়াৰ তাৰ্টু পৰ্যবেক্ষণাগাৰত অৱস্থিত, য’ত ষ্ট্ৰুভে তেওঁৰ বেছিভাগ গৱেষণা চলাইছিল।১ ত্ৰিভুজকৰণ শৃংখলটোৰ জোখ-মাখত ২৫৮টা মূল ত্ৰিভুজ আৰু ২৬৫টা জিঅ'ডেটিক শীৰ্ষবিন্দু (vertices) অন্তৰ্ভুক্ত আছে।২ ইয়াৰ আটাইতকৈ উত্তৰৰ বিন্দুটি নৰৱেৰ হামাৰফেষ্টৰ ওচৰত আৰু আটাইতকৈ দক্ষিণৰ বিন্দুটি ইউক্ৰেইনৰ কৃষ্ণ সাগৰৰ ওচৰত অৱস্থিত।

২০০৫ চনত, জিঅ'ডেচি (ভূ-গণিত) ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আৰু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সহযোগিতাৰ প্ৰমাণ স্বৰূপ এই শৃংখলটোক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়।২ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনত মূল ২৬৫টা মুখ্য ষ্টেচন বিন্দুৰ ভিতৰত ৩৪টা স্মাৰক ফলক বা নিৰ্মিত ওবেলিঙ্ক অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ শিলত ড্ৰিল কৰা ফুটা, লোহাৰ ক্ৰছ, কেইৰ্ণ বা অন্য প্ৰতীকৰ দ্বাৰা চিহ্নিত কৰা হৈছে।১ এই ঐতিহ্য ক্ষেত্ৰখন ১০খন দেশত বিস্তৃত হৈ আছে, যিটো কাৰ্পেথিয়ান আৰু ইউৰোপৰ অন্যান্য অঞ্চলৰ প্ৰাচীন আৰু আদিম বিচ অৰণ্যৰ পিছতে যিকোনো ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত দ্বিতীয় সৰ্বাধিক দেশ জুৰি থকা ক্ষেত্ৰ।১৩

১৮১৬-১৮৫২ চনত ৩০° মেৰিডিয়ান আৰ্কৰ জোখ-মাখৰ লগতে ১৯ শতিকাৰ পৰা ২০ শতিকাৰ আৰম্ভণিলৈকে ৰাছিয়াৰ জাৰবাদী সেনাৰ দ্বাৰা বলকান অঞ্চলত কৰা জিওডেশ্যিক, টপ’গ্ৰাফিকেল আৰু মেপ নিৰ্মাণ কাৰ্যৰ বিৱৰণ Astronomy, geodesy and map-drawing in Moldova since the middle ages till the World War I নামৰ গ্ৰন্থখনত বৰ্ণনা কৰা হৈছে।৪

ফলাফলসমূহ

ঐতিহাসিক

১৮৫৮ চনত প্ৰকাশ পোৱা তথ্য অনুসৰি, পৃথিৱীৰ চেপেটাভাব (flattening) ২৯৪.২৬ ভাগৰ এভাগ বুলি অনুমান কৰা হৈছিল। পৃথিৱীৰ বিষুৱীয় ব্যাসাৰ্ধ ৬৩৭৮৩৬০.৭ মিটাৰ বুলি গণনা কৰা হৈছিল।১

২০০৫ চনত, উপগ্ৰহ নেভিগেশ্বন ব্যৱহাৰ কৰি এই কাৰ্যৰ পুনৰাবৃত্তি কৰা হয়। নতুন জোখ অনুসৰি চ্যাপ্টাভাবৰ পৰিমাণ ২৯৮.২৫৭ ২২২ ১০১ ভাগৰ এভাগ আৰু বিষুৱীয় ব্যাসাৰ্ধ আছিল ৬৩৭৮১৩৬.৮ মিটাৰ।১

ইয়াৰ পূৰ্বে, ১৭৪০ চনত কৰা এক জৰীপত চেপেটাভাব ১৭৮ ভাগৰ এভাগ আৰু বিষুৱীয় ব্যাসাৰ্ধ ৬৩৯৬৮০০ মিটাৰ বুলি পোৱা গৈছিল।১

আধুনিক

আটাইতকৈ উত্তৰৰ বিন্দু: হামাৰফেষ্ট (ফুশ্লেলেনেচ): ৭০° ৪০' ১১.২৩″ উত্তৰ১

আটাইতকৈ দক্ষিণৰ বিন্দু: ইছমাইল (ষ্টাৰো-নেক্ৰাছুভকা): ৪৫° ২০' ০২.৯৪″ উত্তৰ১

জিঅ'ডেটিক অক্ষাংশৰ পাৰ্থক্য: ২৫° ২০' ০৮.২৯″১

কিলোমিটাৰত দূৰত্ব: ২,৮২১.৮৫৩ ± ০.০১২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Norwegian Directorate for Cultural Heritage, Dronningensg 13, P.O.Box 8196, Dep. 0034, Oslo, Norway (2005), Norwegian Points on The Struve Geodetic Arc (pamphlet)
  2. ↑ Struve Geodetic Arc. UNESCO World Heritage Centre. United Nations Educational, Scientific, and Cultural Organization
  3. ↑ Ancient and Primeval Beech Forests of the Carpathians and Other Regions of Europe. UNESCO World Heritage Centre
  4. ↑ A. Găină, Astronomy, geodesy and map-drawing in Moldova since the middle ages till the World WarI, Serbian Astron. J., N.162 (2000), pp. 121–125

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট্ৰুভে জিঅ'ডেটিক আৰ্ক” প্ৰবন্ধৰ সংশোধন ৬২৯১২০ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।