শীতল দেৱী (Sheetal Devi; জন্ম: ১০ জানুৱাৰী ২০০৭) এগৰাকী ভাৰতীয় পেৰা-আৰ্চাৰ। তেওঁ ২০২২ চনৰ এছিয়ান পেৰা গেমছত মহিলাৰ কম্পাউণ্ড ধনুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক১২ মহিলাৰ ডাবলছত ৰূপৰ পদক লাভ কৰাৰ পিছত মিক্সড ডাবলছ আৰু মহিলাৰ ব্যক্তিগত শাখাত দুটা স্বৰ্ণ পদক লাভ কৰে। পেৰা এছিয়ান গেমছৰ ফাইনেলত মহিলাৰ কম্পাউণ্ড প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰে।৩
প্ৰাথমিক জীৱন
তেওঁ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ লয়ধৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল।২ ২০১৯ চনত শীতলে কিষ্টৱাৰত যুৱক-যুৱতীসকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে য'ত ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটে তেওঁক লক্ষ্য কৰিছিল। পিছলৈ সেনাবিভাগে তেওঁৰ শিক্ষাত সহায় কৰাৰ উপৰি আৰু চিকিৎসা সাহায্য প্ৰদান কৰিছিল।৪
কেৰিয়াৰ আৰু কৃতিত্ব
ভাৰতীয় সেনাই আয়োজন কৰা যুৱ অনুষ্ঠানত সেনা প্ৰশিক্ষক অভিলাষা চৌধুৰী আৰু কুলদীপ ৱাধৱানে তেওঁৰ আত্মবিশ্বাস লক্ষ্য কৰি তেওঁক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লয়। যিহেতু তেওঁ জন্মৰে পৰা ফ’ক’মেলিয়াৰ সৈতে সহবাস কৰিছিল, সেয়েহে তেওঁৰ এটাও বাহু নাছিল। গতিকে প্ৰথমেই প্ৰশিক্ষকসকলে শীতলক প্ৰস্থেটিক্সত সহায় কৰাৰ সিদ্ধান্ত লয়। কিন্তু চিকিৎসকসকলে তেওঁৰ ক্ষেত্ৰত কৃত্ৰিম অংগ সংযোগ সম্ভৱ নহয় বুলি জানিবলৈ দিয়ে। শীতলে তেওঁৰ ভৰি দুখন ব্যৱহাৰ কৰি গছ বগাই ভাল পোৱা আৰু এই ক্ষেত্ৰত থজা বিশেষজ্ঞতাৰ কথা জানিবলৈ দিয়ে। প্ৰশিক্ষকসকলৰ বাবে এইটো আছিল এক অতি সুখকৰ আচৰিত কথা। ইয়াৰোপৰি প্ৰশিক্ষকসকলে কেতিয়াও কোনো বাহু নথকা ধনুৰ্বিদৰ বাবে প্ৰশিক্ষণ দিয়া নাছিল বাবে এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু তেওঁক কেনেকৈ প্ৰশিক্ষণ দিয়া সম্ভৱ সেই বিষয়ে কিছু গৱেষণা কৰিছিল। অৱশেষত তেওঁলোকে হাতহীন ভাৱেই ভৰি দুখনেৰে ধনুৰ্বিদ্যাৰ চৰ্চা কৰা ধনুৰ্বিদ মেট ষ্টুটজমেনৰ দ্বাৰা অনুপ্ৰাণিত তথা আত্মবিশ্বাসী হৈ পৰিছিল। প্ৰশিক্ষণৰ ১১ মাহৰ ভিতৰতে শীতল দেৱীয়ে এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰি ভাৰতৰ হৈ দুটা সোণৰ পদক লাভ কৰে।৫
পেৰিচত অনুষ্ঠিত গ্ৰীস্মকালিন পেৰা আৰ্চাৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ ভিতৰত তেওঁ কনিষ্ঠতম।৬
বঁটা
| বৰ্ষ | বঁটা | প্ৰদান কৰ্তা | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০২৩ | বছৰটোৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ | এছিয়ান পেৰালিম্পিক কমিটি | বিজয়ী | ৭৮ |
| ২০২৩ | অৰ্জুন বঁটা | ভাৰত চৰকাৰ | বিজয়ী | ৯ |
তথ্যসূত্ৰ
- ↑ (2023-08-04). World’s first armless woman archer gets her wings at army camp in Jammu. Hindustan Times
- ↑ (2023-10-27). Sheetal Devi: With three medals at Asian Para Games, 16-year-old armless archer from J&K is making waves. The Indian Express
- ↑ PTI. (2023-10-27). Armless archer Sheetal Devi first Indian woman to win 2 Asian Para Games gold as country's medal rush continues. The Hindu
- ↑ (2023-08-04). World’s first armless woman archer gets her wings at army camp in Jammu. Hindustan Times
- ↑ (2023-10-29). Sheetal Devi The Armless Archer की अद्भुत कहानी - हाथ नहीं है फिर भी जीते 3 मेडल. Anmoll
- ↑ (30 August 2024). Paralympics 2024: Who is Sheetal Devi? 17-year-old scripts world record in archery. Hindustan Times
- ↑ (27 November 2023). Para Archer Sheetal Devi Wins Best Youth Athlete Of 2023 Honour At Asian Awards. The Chenab Times
- ↑ (26 November 2023). Sheetal Devi, India's 16-Year-Old Para Archery Champion, Wins Best Youth Athlete Of 2023 Honour At Asian Awards. Outlook (magazine)
- ↑ (09 January 2024). The Golden Girl of India Sheetal Devi receives Arjuna Award from President of India. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীতল দেৱী” প্ৰবন্ধৰ সংশোধন ৪৩২০৯১ (১৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।