অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তা পি. নায়াৰ

শান্তা পি. নায়াৰ (ইংৰাজী: Santha P. Nair; ৬ ফেব্ৰুৱাৰী ১৯২৯ – ২৬ জুলাই ২০০৮) মালয়ালম চিনেমাৰ এগৰাকী নেপথ্য গায়িকা। তেওঁ কেৰেলাৰ থ্ৰিছুৰত বাস কৰিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৫ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শান্তা পি. নায়াৰ (ইংৰাজী: Santha P. Nair; ৬ ফেব্ৰুৱাৰী ১৯২৯ – ২৬ জুলাই ২০০৮) মালয়ালম চিনেমাৰ এগৰাকী নেপথ্য গায়িকা। তেওঁ কেৰেলাৰ থ্ৰিছুৰত বাস কৰিছিল।

প্ৰাৰম্ভিক জীৱন

থ্ৰিছুৰৰ বিখ্যাত আম্বাদী পৰিয়ালৰ বাসুদেৱ পোডুভাল আৰু লক্ষ্মীৰ ঘৰত শান্তা পোডুভালৰ জন্ম হৈছিল৷ পিতৃ-মাতৃৰ পাঁচজন সন্তানৰ ভিতৰত অন্যতম শান্তা পোডুভালে অতি কম বয়সতে সংগীতত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তেওঁ চেন্নাইৰ কুইন মেৰী কলেজৰ পৰা শিক্ষা লাভ কৰিছিল।

কৰ্মজীৱন

নেপথ্য গায়িকা হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে তেওঁ কোঝিকোডৰ অল ইণ্ডিয়া ৰেডিঅ’ত কাম কৰি আছিল। ১৯৫৩ চনত থিৰামালাৰ জৰিয়তে তেওঁ মালয়ালম চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল৷ সংগীত পৰিচালক বিমল কুমাৰৰ তত্বাবধানত তেওঁ চবিখনত 'আম্মাথান থংকাকুদামে' শীৰ্ষক এটি লুলাবী গীত গাইছিল। ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে তেওঁ সুৰীয়া কণ্ঠেৰে শতাধিক মালয়ালম ছবিত গীত গাই বহু গীতক অমৰ কৰি ৰাখিছিল। তেওঁ কৰ্ণাটকী সংগীতত সমানেই পাকৈত আছিল আৰু বহুতো অনুষ্ঠানত গীত পৰিবেশন কৰিছিল৷ এছ. জানকীৰ সহযোগত তেওঁৰ শেষ গীতটো আছিল ১৯৬১ চনত ভি চিদাম্বৰানাথৰ ছবি মুৰাপেন্নুৰ বাবে ‘কদৱথু থোনি আদুথাপল’। এটা অনুষ্ঠানৰ বাবে তেওঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ সন্মুখত বন্দে মাতৰম্‌ গীতটো গোৱাৰ সুযোগ পাইছিল। শান্তা নায়াৰে ১৯৮৭ চনত মালয়ালম লঘূ সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।১ ২০০৫ চনত তেওঁক কেৰেলা সংগীত নাটক একাডেমীৰ ফেল'শ্বিপ প্ৰদান কৰা হয়।২ তেওঁ কৈৰালী স্বৰালয় লাইফটাইম এচিভমেণ্ট বঁটা আৰু লাক্স এছিয়ানেট লাইফটাইম এচিভমেণ্ট বঁটাও লাভ কৰে।

ব্যক্তিগত জীৱন

সাহিত্যিক কে. পদ্মনাভন নায়াৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ২০০৮ চনত ৭৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ কন্যা লাথা ৰাজু আৰু জোঁৱাই জে. এম. ৰাজুও মালয়ালম চলচ্চিত্ৰৰ নেপথ্য গায়ক।৩ তেওঁৰ নাতি আলাপ ৰাজু এজন গীটাৰ বাদক লগতে এজন নেপথ্য গায়ক।৪

তথ্যসূত্ৰ

  1. ↑ Kerala Sangeetha Nataka Akademi Award: Light Music. Department of Cultural Affairs, Government of Kerala
  2. ↑ Classical Music. Department of Cultural Affairs, Government of Kerala
  3. ↑ (11 December 2013). Born to sing
  4. ↑ (25 October 2013). Veteran playback singer Latha Raju still going strong

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা পি. নায়াৰ” প্ৰবন্ধৰ সংশোধন ৪৯৯০৭১ (২৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।