অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শান্তম

শান্তম (Shantham) জয়ৰাজৰ পৰিচালিত এখন মালয়ালম পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে আগশাৰীৰ ভাৰতীয় ফুটবল খেলুৱৈ আই এম বিজয়ন, এম জি শশী, সীমা বিশ্বাস আৰু কে পি এ চি ললিতা। প্ৰখ্যাত কথকলী শিল্পী কলামণ্ডলম গোপী আৰু মালয়ালম সাহিত্যিক মাদাম্বু কুঞ্জুকুট্টনেও এই ছবিখনত অভিনয় কৰিছে।

হালনাগাদ: ১৬ জানুৱাৰী ২০২৫ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শান্তম (Shantham) জয়ৰাজৰ পৰিচালিত এখন মালয়ালম পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে আগশাৰীৰ ভাৰতীয় ফুটবল খেলুৱৈ আই এম বিজয়ন, এম জি শশী, সীমা বিশ্বাস আৰু কে পি এ চি ললিতা। প্ৰখ্যাত কথকলী শিল্পী কলামণ্ডলম গোপী আৰু মালয়ালম সাহিত্যিক মাদাম্বু কুঞ্জুকুট্টনেও এই ছবিখনত অভিনয় কৰিছে। ২০০১ চনত মুক্তি পোৱা এই ছবিখনে ২০০১ চনৰ ৪৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শিতানত স্বৰ্ণকমল লাভ কৰে।[1] ছবিখনৰ প্ৰযোজক পি ভি গংগাধৰন। জুৰীৰ উদ্ধৃতিত উল্লেখ কৰা হৈছে, ‘শান্তমে আমাৰ সমাজত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু হিংসাৰ সমকালীন বিষয়টোক অসামান্য ৰূপত কল্পনাশীলভাবে সম্বোধন কৰিছে। ছবিখনৰ ভাষা, পাৰম্পৰিক কথাৰ উৰ্দ্ধলৈ গৈ শান্তি আৰু সদ্বুদ্ধিৰ বাবে আবেদন কৰিছে।' [2] ‘শান্তম‘ পৰিচালক জয়ৰাজৰ "নৱৰস ছিৰিজ"ৰ প্ৰথম নিবেদন।

শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ বঁটাৰ উপৰিও ছবিখনৰ অভিনেত্ৰী কে পি এ চি ললিতা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী নিৰ্বাচিত হয়।

‘শান্তম‘ৰ যোগেদি জয়ৰাজে তৃতীয়টো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৯৬ চনত তেওঁৰ ছবি ‘দেশদানম’-এ শ্ৰেষ্ঠ মালয়ালম চলচ্চিত্ৰ আৰু পিছৰ বছৰটোত শ্ৰেষ্ঠ পৰিচালক হিচাপে পুৰস্কৃত হয়।

অভিনয় শিল্পী

  • কে পি এ চি ললিতা (নাৰায়ণী)
  • আই.এম. বিজয়ন (বেলায়ুধন)
  • লেনা (ৰাঘৱনৰ পত্নী)
  • সীমা বিশ্বাস (কাৰ্থিয়ায়ানী)

বঁটা

৪৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০০)

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ বঁটা- স্বৰ্ণকমল
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- কে পি এ চি ললিতা

সম্পৰ্কিত শ্ৰেণী

২০০১ বৰ্ষৰ চলচ্চিত্ৰমালায়লম চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তম” প্ৰবন্ধৰ সংশোধন ৪৬৪৪৬৪ (১৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।