মালায়লম চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
কথাপুৰুষন
কথাপুৰুষন ( Kathapurushan )) অদুৰ গোপালকৃষ্ণন ৰচিত আৰু পৰিচালিত ১৯৯৫ চনৰ মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াৰ প্ৰযোজক স্বয়ং গোপালকৃষ্ণন আৰু সহ-প্ৰযোজক এন.এইচ.কে.। ছবিখনত অভিনয় কৰিছে বিশ্বনাথন, মিনি নায়াৰ, অৰণমুলা প’ন্নম্মা, নৰেন্দ্ৰ প্ৰসাদ আৰু উৰ্মিলা উন্নী।
-
কলকাতা নিউজ (চলচ্চিত্ৰ)
কলকাতা নিউজ ( Calcutta News ) ২০০৮ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ হৰৰ ছবি। ৰচনা আৰু পৰিচালনা ব্লেছিৰ। ছবিখনত অভিনয় কৰিছে দিলীপ, ইন্দ্ৰজিত সুকুমাৰণ, মীৰা জেচমিন আৰু বিমলা ৰমনে। সংগীত দেৱজ্যোতি মিশ্ৰৰ।
-
চৰম
চৰম ( Charam ) ১৯৮৩ চনৰ এখন ভাৰতীয় মালয়ালম ছবি; পৰিচালনা পি.এ.বেকাৰৰ আৰু প্ৰযোজনা চি.এইচ.খালিদৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰেম নাজিৰ আৰু মীনা মেননে। ছবিখনত বোম্বাইৰ ৰেড লাইট এলাকাত নিৰুদ্দেশ হোৱা কন্যাৰ সন্ধান কৰা এজন অধিবক্তাৰ কাহিনী বৰ্ণিত হৈছে।
-
ডিভোৰ্চ (২০২৩ চলচ্চিত্ৰ)
ডিভোৰ্চ (Divorce) ২০২৩ চনত মিনি আই জিৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন ছবি, য’ত সামাজিক, মানসিক আৰু অৰ্থনৈতিক দিশৰ জৰিয়তে পৰিয়ালৰ গতিশীলতাক স্তব্ধ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত চন্দুনাথ, সন্তোষ কিজাট্টুৰ, পি শ্ৰীকুমাৰ, শিবলা ফাৰাই অভিনয় কৰিছে।
-
দ্য গ্ৰেট ইণ্ডিয়ান কিচেন
দ্য গ্ৰেট ইণ্ডিয়ান কিচেন ( The Great Indian Kitchen ) ২০২১ চনত জিও বেবীয়ে ৰচিত আৰু পৰিচালিত ভাৰতীয় মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত এগৰাকী নৱবিবাহিত মহিলাৰ কাহিনী বৰ্ণনা কৰা হৈছে। যিয়ে তেওঁৰ স্বামী আৰু তেওঁৰ পৰিয়ালে আশা কৰা ধৰণে অনুগত পত্নী হ'বলৈ সংগ্ৰাম কৰে।
-
শান্তম
শান্তম (Shantham) জয়ৰাজৰ পৰিচালিত এখন মালয়ালম পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে আগশাৰীৰ ভাৰতীয় ফুটবল খেলুৱৈ আই এম বিজয়ন, এম জি শশী, সীমা বিশ্বাস আৰু কে পি এ চি ললিতা। প্ৰখ্যাত কথকলী শিল্পী কলামণ্ডলম গোপী আৰু মালয়ালম সাহিত্যিক মাদাম্বু কুঞ্জুকুট্টনেও এই ছবিখনত অভিনয় কৰিছে।
-
২২ ফিমেল কোট্টায়ম
২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।