অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শক্তিকান্ত দাস

শক্তিকান্ত দাস (জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৫৭) এজন অৱসৰ প্ৰাপ্ত তামিলনাডু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫তম গভৰ্ণৰ। পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে বিভিন্ন বিভাগৰ সচিব, পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য আৰু জি২০লৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শক্তিকান্ত দাস (জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৫৭) এজন অৱসৰ প্ৰাপ্ত তামিলনাডু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫তম গভৰ্ণৰ। পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে বিভিন্ন বিভাগৰ সচিব, পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য আৰু জি২০লৈ ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।

প্ৰশাসনিক বিষয়া হিচাপে তেওঁ ভাৰত চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা দাসে ২০১৮ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ ২৫তম ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৭ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত শক্তিকান্ত দাসৰ জন্ম হৈছিল।১ তেওঁ ভুৱনেশ্বৰৰ ডেম'ষ্ট্ৰেচন মাল্টিপাৰপজ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।২ তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেন্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

তাৰ পিছত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ নিযুক্তি লাভ কৰে। প্ৰশাসনিক বিষয়া হিচাপে তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা উচ্চ বিত্তীয় ব্যৱস্থাপনাৰ পাঠ্যক্ৰম লগতে ৰাষ্ট্ৰীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰা উন্নয়ন বেংকিং আৰু প্ৰতিষ্ঠানীয় ঋণ বিষয়ক পাঠ্যক্ৰম গ্ৰহণ কৰে। সেৱাৰত অৱস্থাত তেওঁ পাব্লিক এন্টাৰপ্ৰাইজ প্ৰতিষ্ঠানত বিত্তীয় ব্যৱস্থাপনা বিষয়ত প্ৰশিক্ষণ লাভ কৰে। তেওঁ ভাৰতীয় প্ৰশাসনীয় কৰ্মচাৰী মহাবিদ্যালয়ৰ পৰা ডিপ্লমা আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, কলিকতাৰ পৰা মধ্যকালীন স্তৰৰ প্ৰশিক্ষণ লাভ কৰে। লগতে তেওঁ হিমাচল প্ৰদেশ জন প্ৰশাসন প্ৰতিষ্ঠানৰ পৰা প্ৰকল্প ৰূপায়নৰ শিক্ষা লয়।৩৪

তথ্যসূত্ৰ

  1. ↑ Siddharta; Gupta, Surojit. (12 December 2018). Shaktikanta Das: A budget veteran comes to Mint Street. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Bennett, Coleman & Co. Ltd.
  2. ↑ Dharmendra Pradhan. (26 March 2017). Attended the alumni function of DM school, BBSR. Felicitated Sh @DasShaktikanta, Secretary Govt of India & a proud alumni of the school.
  3. ↑ Shaktikanta Das - Executive Record Sheet. Department of Personnel and Training, ভাৰত চৰকাৰ
  4. ↑ Odisha’s Shaktikanta Das is new RBI Governor

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তিকান্ত দাস” প্ৰবন্ধৰ সংশোধন ৪৫৪২৮০ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।