অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শংকৰ মিশ্ৰ

শংকৰ মিশ্ৰ, পঞ্চদশ শতিকাৰ সময়ছোৱাত মিথিলাত এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁ ভাৰতীয় দৰ্শনৰ বৈশেষিক চিন্তাধাৰাৰ পণ্ডিত আছিল। বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ ছয়টা ধাৰাৰ ভিতৰত অন্যতম।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শংকৰ মিশ্ৰ, পঞ্চদশ শতিকাৰ সময়ছোৱাত মিথিলাত এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁ ভাৰতীয় দৰ্শনৰ বৈশেষিক চিন্তাধাৰাৰ পণ্ডিত আছিল।১২৩৪ বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ ছয়টা ধাৰাৰ ভিতৰত অন্যতম।

প্ৰাথমিক জীৱন

ভাৰতৰ বিহাৰৰ মিথিলা অঞ্চলৰ মধুবনী জিলাৰ সৰিসব পাহি৫ (অসমীয়া উচ্চাৰণ “চৰিচব পাহি’’) গাঁৱত এক মৈথিল ব্ৰাহ্মণ পৰিয়ালত শংকৰ মিশ্ৰৰ জন্ম হৈছিল। তেওঁ ন্যায় শাস্ত্ৰৰ পণ্ডিত আয়াছী মিশ্ৰ ( ভৱনাথ মিশ্ৰ)ৰ পুত্ৰ।১ কিংবদন্তি অনুসৰি ভগৱান শিৱ নিজেই পণ্ডিত আয়াছী মিশ্ৰৰ পুত্ৰ হিচাপে শংকৰ মিশ্ৰৰ ৰূপত অৱতাৰ লোৱা বুলি কোৱা হয়।৫ কোৱা হয় যে শংকৰ মিশ্ৰই মিথিলাৰ ৰজা ভৈৰৱসিংহৰ দৰবাৰত সংস্কৃত শ্লোকত নিজৰ পৰিচয় দিছিল, যেতিয়া তেওঁৰ বয়স মাত্ৰ পাঁচ বছৰ আছিল।৬৭

সংস্কৃত শ্লোকটো আছিল,

बालोऽहं जगदानन्द नमे बाला सरस्वती। अपूर्णे पञ्चमे वर्षे वर्णयामि जगत्त्रयम्॥৮

শিশু ল’ৰাটোৰ অদ্ভুত কাব্য প্ৰতিভাৰদ্বাৰা ৰজা প্ৰভাবিত হৈছিল। তাৰ পাছত ৰজাই কণমানি ল’ৰা শংকৰ মিশ্ৰক পুৰস্কাৰ হিচাপে এডাল সোণৰ হাৰ প্ৰদান কৰিলে। ইয়াৰ পিছত সৰু ল’ৰাটোৰ পিতৃ আয়াছী মিশ্ৰই ল’ৰাটোৰ জন্মৰ সময়ত ল’ৰাটোৰ মাকক সহায় কৰা চামাইন৯ বুলিও কোৱা ধাইগৰাকীক সোণৰ হাৰডাল উপহাৰ দিলে। কোৱা হয় যে, শংকৰ মিশ্ৰৰ জন্মৰ সময়ত তেওঁৰ পিতৃ-মাতৃৰ হাতত ধাইক মাননি বা উপহাৰ দিবলৈ টকা নাছিল, সেয়েহে ধাইগৰাকীক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁলোকে পুত্ৰৰ প্ৰথমটো উপাৰ্জন প্ৰসূতিৰ সেৱাৰ মাননি হিচাপে উপহাৰ দিব। ইয়াৰ উপৰি কোৱা হয় যে, ধাইগৰাকীয়ে উপহাৰস্বৰূপে পোৱা সোণৰ হাৰৰ ধনেৰে গাঁওখনত এটা পুখুৰী খনন কৰিছিল।২

শৈক্ষিক জীৱন আৰু বৃত্তি

শংকৰ মিশ্ৰই তেওঁৰ গ্ৰন্থসমূহত উল্লেখ কৰিছিল যে, তেওঁৰ পিতৃ আয়াছী মিশ্ৰই কন্ঠ বিদ্যা পৰম্পৰাৰ অধীনত সকলো জ্ঞান দিছিল। কণ্ঠ বিদ্যা মানে মৌখিক আবৃত্তিৰ দ্বাৰা লাভ কৰা জ্ঞান। তেওঁ উল্লেখ কৰিছিল যে, তেওঁ লিখা সকলো গ্ৰন্থ পিতৃৰ পৰা পোৱা জ্ঞানৰ পৰা সৃষ্ট। পিতৃৰ মুখৰ পৰা মৌখিক আবৃত্তি শুনি তেওঁ গ্ৰন্থবোৰ লিখিছিল।৬ তেওঁ ঊনৈশখন গ্ৰন্থ লিখিছিল।৫

শংকৰ মিশ্ৰ বৈদিক ঋষি মহৰ্ষি কণাদৰ বৈশেষিক সূত্ৰৰ ওপৰত লিখা টীকা উপস্কাৰৰ বাবে সুপৰিচিত। কোৱা হয় যে তেওঁ হয়তো ১৪৬২ খ্ৰীষ্টাব্দৰ আগতে উপস্কাৰ টীকা গ্ৰন্থখন ৰচনা কৰিছিল।৪

একেদৰে তেওঁ ৰসৰ্ণৱ নামেৰে জনাজাত সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল, যিখন সংস্কৃত সাহিত্যৰ অতি বিখ্যাত গ্ৰন্থ। পিছলৈ ১৯২০ চনত পণ্ডিত অমৰনাথ ঝাই ইয়াৰ সম্পাদনা কৰে।১০

সংস্কৃত সাহিত্য আৰু ভাৰতীয় দৰ্শনলৈ আগবঢ়োৱা অৱদানৰ বাবে শংকৰ মিশ্ৰক মহামহোপাধ্যায় সন্মানীয় উপাধিৰে সন্মানিত কৰা হয়।১০

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2020-11-08). Śaṅkara Miśra's Introduction. www.wisdomlib.org
  2. ↑ Ajit Gargeshwari. Vada Vinoda San Mishra Sankara Ed. Ganganath Jha
  3. ↑ Pritha Sundaram. Vaisesika Aphorisms Of Kanada Upaskara Of Sankara Mishra & Vivritti Of Jayanarayana Archibald Edward Gough
  4. ↑ www.wisdomlib.org. (2024-08-20). 3. Authors of Vaisheshika (g): Sankara Misra (1462 A.D.). www.wisdomlib.org
  5. ↑ भगवान शंकर खुद अयाची मिश्र के पुत्र के रूप में अवतार लिए. Hindustan
  6. ↑ जब भवनाथ मिश्र बने अयाची. Hindustan
  7. ↑ Jhā, Lakṣmīnātha. (1999). Mithilā kī sāṃskr̥tika lokacitrakalā. Mitranātha Jhā. পৃ. 28
  8. ↑ झा, शिवनाथ. (2022-04-26). मिथिला के धरोहर पुरुष 'अयाची मिश्र': बालोऽहं जगदानन्द नमे बाला सरस्वती। अपूर्णे पञ्चमे वर्षे वर्णयामि जगत्त्रयम्॥. आर्यावर्तइण्डियननेशन - aryavartaindiannation
  9. ↑ CM hails Ayachi study model. The Telegraph Online
  10. ↑ (1998). Modern Gujarati Poetry: A Selection. Sahitya Akademi. ISBN 978-81-260-0294-8

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় দাৰ্শনিকশিক্ষক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰ মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯৯১০ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।