মৰিগাঁও জিলা
৯ প্ৰবন্ধ
-
মৰিগাঁও
মৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিমাংশত অৱস্থিত। মৰিগাঁও নগৰখনত বৰ্তমান ১০ ওৱাৰ্ড আছে।
-
জাগীৰোড
জাগীৰোড (Jagiroad ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।
-
মায়ং
মায়ং (Mayong), অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই…
-
ভূৰাগাঁও
ভূৰাগাঁও (Bhuragaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰৰ নাম। এই চহৰখন মৰিগাঁও জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, এই চহৰখন ১,০৬,১৪০জন লোকৰ বসতিস্থল।
-
বঘৰা
বঘৰা, মৰিগাঁও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিলসাঁকো, সোণাৰীগাঁও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী, হাতীগড়, পানীবঘৰা, ঔজাৰী, ঘূলীগাঁও, যোৰআঁহত, শুখনাগোগ, মাণিপুৰ আৰু বাচনাঘাট নামৰ এই বাৰটা চুবুৰীক বুজায়।
-
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।
-
কমিটি ভাওনা
কমিটি ভাওনা অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।
-
জাগী ভকতগাঁও
ভাৰতৰ অসম ৰাজ্যৰ মৰিগাঁও জিলাত অৱস্থিত জাগী ভকতগাঁও এখন সৰু গাঁও। কপিলী নদীৰ পাৰত অৱস্থিত এই গাঁওখন চহকী সংস্কৃতি আৰু ঐতিহ্যৰ বাবে পৰিচিত। জাগী ভগতগাঁও অসমীয়া আৰু তিৱা সংস্কৃতিৰ অনন্য মিশ্ৰণৰ বাবে জনাজাত।
-
মৰিকলং বিল
মৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।