১৮৪৫ চনত অসমৰ নলবাৰী জিলাত ললিত চন্দ্ৰ গোস্বামীৰ জন্ম হয়। তেখেতৰ পিতৃ কৃষ্ণনাৰায়ণ চৈতন্যপন্থী নাৰায়নপুৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। পিতৃৰ মৃত্যুৰ পিছত তেওঁ নিজে সত্ৰৰ ভাৰ লৈছিল। বৈষ্ণৱ কবিৰ অৰ্হিত গোপাল ভট্টৰ 'কেলি ৰহস্য' নামৰ পুথিখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। ললিত চন্দ্ৰ গোস্বামীয়ে 'জাতি নিৰ্ণয়' নামৰ এখন পুথিও ৰচনা কৰিছিল। প্ৰতাপচন্দ্ৰ আৰু শৰৎচন্দ্ৰ তেওঁৰ দুই পুত্ৰ। ১৯০০ খৃষ্টাব্দত তেখেতৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিত চন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ১২৩২২৫ (১২ মে’ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।