অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপ্তি জীৱনজী

দীপ্তি জীৱনজী (Deepthi Jeevanji; জন্ম ২৭ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ৪০০ মিটাৰ টি-২০ শাখাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দীপ্তি জীৱনজী (Deepthi Jeevanji; জন্ম ২৭ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় পেৰা-এথলীট।১ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ৪০০ মিটাৰ টি-২০ শাখাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২৪ চনত জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৫৫.০৬ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰিছিল।২ ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ ব্ৰেনা ক্লাৰ্কৰ ৫৫.১২ ছেকেণ্ডৰ অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন

২০০৩ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে তেলংগানাৰ ৱাৰংগল জিলাৰ কল্লেডা গাঁৱত দীপ্তি জীৱনজীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ জীৱনজী যাধাগিৰি আৰু জীৱনজী ধনলক্ষ্মীৰ আধা একৰ কৃষিভূমি আছিল আৰু আনৰ খেতিপথাৰত দৈনিক মজুৰি শ্ৰমিক হিচাপেও কাম কৰিছিল।৪ ৱাৰংগলত নৱম শ্ৰেণীত পঢ়ি থকা স্কুলৰ শাৰীৰিক শিক্ষাৰ শিক্ষকে তেওঁৰ প্ৰতিভাৰ উমান পাইছিল। পিছলৈ তেওঁ জুনিয়ৰ দলৰ ভাৰতীয় প্ৰশিক্ষক ৰমেশৰ তত্ত্ববধনাত প্ৰশিক্ষণ গ্ৰহণ কৰে।৫ হাইদৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট ফৰ দ্য এম্পাৱাৰমেণ্ট অৱ পাৰ্চনছ উইথ ইনটেলেকচুৱেল ডিচেবিলিটিত পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া পুল্লেলা গোপিচান্দে তেওঁক সহায় কৰিছিল। এই প্ৰতিষ্ঠানত দীপ্তিক মানসিকভাৱে অক্ষম শ্ৰেণীৰ অধীনত প্ৰাসংগিক পৰীক্ষাৰ পিছত প্ৰমাণীকৰণ কৰা হৈছিল আৰু ইয়াৰ ফলত তেওঁ পেৰা এথলীট হিচাপে অংশগ্ৰহণ কৰিবলৈ অনুমতি লাভ কৰিছিল।৫৬

খেলুৱৈ জীৱন

দীপ্তি জীৱনজী ২০২২ চনৰ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈছিল। এই প্ৰতিযোগিতাত তেওঁ এছিয়ান পেৰা গেমছৰ নতুন অভিলেখৰে সোণৰ পদক লাভ কৰে।৭ তেওঁ ৫৬.৬৯ ছেকেণ্ড সময় লাভ কৰি থাইলেণ্ডৰ অৰাৱান কাইছিংতকৈ আগবাঢ়ি সোণৰ পদক লাভ কৰিছিল।৮৯ ১০ ২০২৪ চনৰ মে' মাহত ভুৱনেশ্বৰত অনুষ্ঠিত বিশ্ববিদ্যালয় চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ (এফ শ্ৰেণী)ত সৰ্বভাৰতীয় পৰ্যায়ত দুটা সোণৰ পদক লাভ কৰাৰ পিছত জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দললৈ নিৰ্বাচিত হয়। ইয়াত তেওঁ ২০০ মিটাৰ টি২০ শাখাত সোণৰ পদক অৰ্জন কৰে।

তেওঁ বিশ্ব চেম্পিয়নশ্বিপত ৫৬.১৮ ছেকেণ্ড সময়ৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু পেৰিছ পেৰালিম্পিকৰ কোটা লাভ কৰে। নাদিয়াদৰ ছোটু ভাই পুৰানী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত ভাৰতীয় ২০ বছৰ অনুৰ্ধ ফেডাৰেচন কাপত ১০০ মিটাৰ (শ্ৰেণী এফ)ত দ্বিতীয় স্থান লাভ কৰিছিল।১১ ২০২৪ চনৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Velugu, V6. (2023-10-25). దీప్తికి గోల్డ్‌‌‌‌‌‌‌‌. V6 Velugu
  2. ↑ (2024-05-20). Deepthi Jeevanji etches new world record, bags Gold in Women's 400m T20 category at Para Athletics World Championship. The Times of India
  3. ↑ Sportstar, Team. (2024-05-20). World Para Athletics C’ships 2024: Deepthi Jeevanji breaks world record to win women’s T20 400m gold. Sportstar
  4. ↑ (2024-05-20). Taunted for her features as a child, Deepthi Jeevanji, backed by Gopichand, strikes gold at World Athletics Para Championship. The Indian Express
  5. ↑ (2024-05-20). Taunted for being 'mentally impaired' once, Para world champion Deepthi Jeevanji is now feted in village. The Times of India
  6. ↑ Called 'Monkey, Mental' By Fellow Villagers, Deepthi Jeevanji Fights Taboo To Achieve Paralympics Glory. NDTV
  7. ↑ (2023-10-24). India wins two gold on Day 2 of Hangzhou Asian Para Games, medal count swells to 24. The Economic Times
  8. ↑ Sports Desk, Outlook. (2023-10-24). Deepthi Jeevanji Clinches Gold, Shatters Games And Asian Records In Women's 400m-T20. www.outlookindia.com
  9. ↑ Livemint. (2023-10-24). Asian Para Games Day 2: India's Prachi Yadav and Deepthy Jeevanji win gold. mint
  10. ↑ (2023-10-24). Deepthi Jeevanji sets new Asian Para Games record with gold in 400m-T20. The Times of India
  11. ↑ Deepthi JEEVANJI · Profile · World Athletics. worldathletics.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পেৰা-এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ্তি জীৱনজী” প্ৰবন্ধৰ সংশোধন ৬০২৩৭৬ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।