অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ম'হগড় ৰণ

ম'হগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ম'হগড় ৰণ আহোম স্বৰ্গদেউ চুদিংফাৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ।১

১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম ৰাজধানী যোৰহাট দখল কৰে আৰু পূৰ্বে সিংহাসনচ্যুত চন্দ্ৰকান্ত সিংহক ৰজা পাতে। তেওঁ ৰজা হ'লেও প্ৰকৃততে মানেহে শাসন চলাইছিল। মানে উজনি অসমত থকা বুঢ়াগোহাঁইৰ অনুগতসকলক বন্দী কৰে। বৰগোহাঁই আৰু বৰফুকনক ফাঁচী দিয়া হয়। তেওঁলোকে পুৰন্দৰ সিংহক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠিয়াই যদিও তেওঁ পলাই ব্ৰিটিছৰ আশ্ৰয় লয়। মানে পতল নামৰ চুতীয়া এজনক বৰবৰুৱা পাতে, কিন্তু কিবা কথাত অসন্তুষ্ট হোৱাত চন্দ্ৰকান্ত সিংহৰ লগত আলোচনা নকৰাকৈয়ে তেওঁক মৃত্যুদণ্ড বিহে। চন্দ্ৰকান্ত সিংহই নিজৰ নিৰাপত্তা সম্পৰ্কে সন্দিহান হৈ ১৮২১ চনৰ এপ্ৰিলত প্ৰথমে গুৱাহাটী আৰু তাৰ পাছত ব্ৰিটিছ শাসিত বংগলৈ প‍লাই যায়।২ মানে তেওঁক ঘূৰি আহিবলৈ অনুৰোধ কৰে। নহাত তেওঁৰ বহু অনুগামীক হত্যা কৰা হয় আৰু যোগেশ্বৰ সিংহক ৰাজপাটত বহুওৱা হয়।

মানৰ সৈন্যৰ সংখ্যা বেছি হোৱা বাবে তেওঁলোকক সৰু সৰু গোটত অসমত ভগাই দিয়া হৈছিল। এই সুবিধাতে কিছু সেনা গোটাই চন্দ্ৰকান্ত সিংহ‌ই গুৱাহাটী অধিকাৰ কৰে আৰু উজনি অসমৰ ফালে আহে। পিছে মানৰ হাতত পৰাস্ত হোৱাত তেওঁ পুনৰ বংগলৈ পলাই যায়। পাছৰ বছৰ দুহেজাৰ শিখ আৰু হিন্দুস্তানী সেনাৰ দল এটা গোটাই চন্দ্ৰকান্ত সিংহ‌ই সংখ্যাত কমি অহা মানক পৰাস্ত কৰে আৰু পশ্চিম অসম অধিকাৰ কৰে। ১৮২২ চনত মান ৰজাই মিংগিমাহা বন্দুলা নামৰ সেনাপতিৰ নেতৃত্বত এটা ফৌজ অসমলৈ পঠিয়ায়। এপ্ৰিলত এই সেনা ৰংপুৰ পায়হি আৰু তাৰ পৰা আগবাঢ়ি যোৰহাটৰ উত্তৰৰ ম'হগড় নামে ঠাইত চন্দ্ৰকান্ত সিংহৰ সেনাৰ মুখামুখি হয়। চন্দ্ৰকান্ত সিংহৰ সেনাই প্ৰাণটাকি যুদ্ধ কৰে যদিও অস্ত্ৰ-শস্ত্ৰ কমি অহাত তেওঁলোক পৰাস্ত হয়। প্ৰায় পোন্ধৰশ সৈন্য মৃত্যুমুখত পৰে।২ পৰাজিত হৈ চন্দ্ৰকান্ত সিংহ পুনৰ ইংৰাজৰ শাসনাধীন অঞ্চললৈ পলাই যায়।

তথ্যসূত্ৰ

  1. ↑ কৌশিক বৰুৱা, শান্তনু. (২০১৫). অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ২৭৮-৭৯
  2. ↑ Gait, E. A. (1906). A History of Assam. Thacker, Spink & Co. পৃ. 247-49

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যযুদ্ধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'হগড় ৰণ” প্ৰবন্ধৰ সংশোধন ৬৩০৮৪৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।