মালায়ালাম ছবি
১০ প্ৰবন্ধ
-
এলিপ্পাথায়ম
এলিপ্পাথায়ম (Elippathayam) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত এখন মালায়ালম চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে বিশিষ্ট চলচ্চিত্ৰকাৰ আদূৰ গোপালকৃষ্ণনে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে কৰামানা জনাৰ্দনন নায়াৰ, শাৰদা, জলজা আৰু ৰাজম কে. নায়াৰে।
-
কুট্টি শ্ৰাংক (চলচ্চিত্ৰ)
কুট্টিশ্ৰাংক (Kutty Srank) হৈছে ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম আৰ্টহাউছ চলচ্চিত্ৰ, যিখন শাজি এন. কৰুণে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ কুট্টি শ্ৰাংকৰ ভূমিকাত মম্মূটীয়ে অভিনয় কৰিছে আৰু আনহাতে খলনায়কৰ ভূমিকাত পি. ডি. সতীশ চন্দ্ৰই অভিনয় কৰিছে।
-
কুডেভিডে
কুডেভিডে? (Koodevide) হৈছে ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত, মালায়ালম ভাষাৰ এখন ড্ৰামা চলচ্চিত্ৰ৷ পি. পদ্মৰাজনে ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনাও কৰে৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মম্মুট্টী, সুহাসিনী আৰু ৰহমানে। এই চলচ্চিত্ৰখন তামিল সাহিত্যিক বাসন্তীৰ উপন্যাস মুঙ্গিল পুক্কলৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
কুম্মাট্টি (চলচ্চিত্ৰ)
কুম্মাট্টি (Kummatty) হৈছে ১৯৭৯ চনত মুক্তিপ্ৰাপ্ত এখন মালয়ালম ভাষাৰ ফেণ্টাছি চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীকাৰ আৰু পৰিচালক হৈছে জি. অৰবিন্দ। ইয়াত ৰামুন্নি, মাষ্টাৰ অশোক আৰু বিলাসিনী ৰীমাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
থম্পু (চলচ্চিত্ৰ)
থম্পু (Thampu) হৈছে ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত জি. অৰবিন্দনৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনত ভাৰত গোপী, নেডুমুডি ভেণু, ভি. কে. শ্ৰীৰামন, জলজা আৰু গ্ৰেট চিত্ৰা চাৰ্কাছৰ শিল্পীসকলে অভিনয় কৰিছে।
-
ব্লেক বাটাৰফ্লাই (২০১৩ চনৰ চলচ্চিত্ৰ)
ব্লেক বাটাৰফ্লাই হৈছে ৰাজপুত্ৰ ৰঞ্জিতৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন ছবি। মণিয়নপিল্লা ৰাজুৰ প্ৰযোজক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন মুৰালী, মালবিকা নাইৰ, নিৰঞ্জ মননপিল্লা ৰাজু আৰু সমস্কৃত শ্বেনয়।
-
ভাৰ্গৱী নিলয়ম
ভাৰ্গৱী নিলয়ম (Bhargavi Nilayam)(অৰ্থ: ভাৰ্গৱীৰ ঘৰ) ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰোমাণ্টিক-হ'ৰৰ চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল এ. ভিনচেণ্ট-এ, আৰু এইখনেই আছিল তেওঁৰ পৰিচালক হিচাপে প্ৰথম আত্মপ্ৰকাশ।
-
মাই ডিয়াৰ কুট্টিচাথন
{{Infobox film | director = জিজো পুনোচো | producer = নবোদয় আপ্পাচন জোছ পুন্নোচো | writer = ৰঘুনাথ পালেৰি | music = ইল্লায়াৰাজা কথা: বিচ্ছু তিৰুমালা | cinematography = অশোক কুমাৰ | editing = টি আৰ শেকৰ | released = ২৪ আগষ্ট ১৯৮৪ | runtime = ৯৭ মিনিট | country = ভাৰত | language = মালায়ালম | budget…
-
মোহিনিয়াত্তম (চলচ্চিত্ৰ)
মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।
-
য়ৱনিকা
য়ৱনিকা(Yavanika) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত কে. জি. জৰ্জে লিখা আৰু পৰিচালনা কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্য-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপী, মম্মুটি, নেডুমুডি বেণু আৰু জালাজাই। য়ৱনিকা কে. জি. জৰ্জৰ অন্যতম সমাদৃত চলচ্চিত্ৰ হিচাপে পৰিগণিত।