অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মে'

মে হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ পঞ্চম মাহ। ইয়াৰ দৈৰ্ঘ্য ৩১ দিন। উত্তৰ গোলাৰ্ধত মে' মাহটো বসন্ত ঋতুৰ অন্তৰ্গত, আৰু দক্ষিণ গোলাৰ্ধত শৰৎ ঋতুৰ অন্তৰ্গত।

হালনাগাদ: ১৩ মে’ ২০২৫ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মে হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ পঞ্চম মাহ। ইয়াৰ দৈৰ্ঘ্য ৩১ দিন। উত্তৰ গোলাৰ্ধত মে' মাহটো বসন্ত ঋতুৰ অন্তৰ্গত, আৰু দক্ষিণ গোলাৰ্ধত শৰৎ ঋতুৰ অন্তৰ্গত।

ইতিহাস

মে' (লেটিন ভাষাত Maius) নামটো গ্ৰীক দেৱী মাইয়াৰ পৰা আহিছিল, যাক ৰোমান যুগৰ উৰ্বৰা দেৱী বোনা ডিয়াৰ সৈতে একে ৰূপত গণ্য কৰা হৈছিল, আৰু যাৰ উৎসৱ মে' মাহত অনুষ্ঠিত হৈছিল। আনহাতে, ৰোমান কবি অ'ভিদে আন এটা ব্যাখ্যা দিছিল, য'ত কৈছিল যে মে' মাহটো মাইঅৰেছ (Latin: "বৃদ্ধসকল")ৰ পৰা নামকৰণ কৰা হৈছে, আৰু তাৰ পাছত অহা জুন মাহটো ইউনিঅৰেছ (Latin: "যুৱসকল")ৰ পৰা নামকৰণ কৰা হৈছে (Fasti VI.88)।

বিশেষভাৱে মে' মাহত ধৰ্মীয় ভক্তি ধন্যময়ী মাৰীয়ামৰ প্ৰতি উৎসৰ্গিত কৰা হয়
বিশেষভাৱে মে' মাহত ধৰ্মীয় ভক্তি ধন্যময়ী মাৰীয়ামৰ প্ৰতি উৎসৰ্গিত কৰা হয়ছবি: Globetrotter19 · CC BY-SA 3.0

প্ৰতীক

এমেৰেল্ড ব্ৰুচ
এমেৰেল্ড ব্ৰুচছবি: Cliff from Arlington, Virginia, USA · CC BY 2.0

মে' মাহৰ জন্মৰ ৰত্ন হৈছে এমেৰেল্ড, যিটো প্ৰেম আৰু সফলতাৰ প্ৰতীক হিচাপে গণ্য। এই মাহৰ জন্মৰ ফুলসমূহ হৈছে লিলি অৱ দ্য ভেলি আৰু Crataegus monogyna।১ এইসকল ফুল উত্তৰ গোলাৰ্ধৰ শীতল মন্দ উত্তাপক অঞ্চলসমূহৰ এচিয়া, ইউৰোপ আৰু আমেৰিকাৰ দক্ষিণ আপালাচিয়ান পৰ্বতমালাত স্বদেশী, আৰু এতিয়া সমগ্ৰ মন্দ উত্তাপক অঞ্চলসমূহত প্ৰাকৃতিক ৰূপে বিস্তৃত।

লিলি অৱ দ্য ভেলি
লিলি অৱ দ্য ভেলিছবি: tracy from north brookfield,Massachusetts, usa · CC BY 2.0
''Crataegus monogyna''
Crataegus monogynaছবি: CC BY-SA 3.0
মে'ফ্লাৱাৰ
মে'ফ্লাৱাৰছবি: CC BY 1.0

Epigaea repens নামৰ "মে'ফ্লাৱাৰ" উত্তৰ আমেৰিকাত মে' মাহৰ আগমনৰ সংকেত হিচাপে পৰিচিত, আৰু এইটো নোভা স্কোশিয়া আৰু মাছাচুছেটছৰ ফুলৰ প্ৰতীক। ইয়াৰ স্বদেশী বিস্তৃতি উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডালৈ, পশ্চিমে কেণ্টাকিলৈ আৰু উত্তৰে উত্তৰ-পশ্চিম প্ৰদেশলৈকে বিস্তৃত।

মে' মাহৰ ৰাশিচক্ৰ চিহ্নসমূহ হৈছে বৃষ ৰাশি (২০ মে'লৈকে) আৰু মিথুন ৰাশি (২১ মে'ৰ পৰা)।২৩

দিৱস

তথ্যসূত্ৰ


তথ্যসূত্ৰ

  1. ↑ U101 College Search. shgresources.com
  2. ↑ The Earth passed the junction of the signs at 13:49 UT/GMT May 20, 2020, and will pass it again at 19:37 UT/GMT May 20, 2021
  3. ↑ Astrology Calendar. yourzodiacsign. Signs in UT/GMT for 1950–2030

সম্পৰ্কিত শ্ৰেণী

মে'ইংৰাজী মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৩২৬ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।