জুলিয়া ইণ্ডিয়াতি সূৰ্যাকুছুমা (ইংৰাজী ভাষা: Julia Indiati Suryakusuma; জন্ম: ১৯ জুলাই ১৯৫৪) এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী, সাংবাদিক আৰু লেখিকা। যৌনতা, লিংগ, ৰাজনীতি আৰু ধৰ্মৰ ওপৰত তেওঁৰ স্পষ্টবাদী লিখনীৰ বাবে তেওঁ পৰিচিত। তেওঁক ইণ্ডোনেছিয়াৰ আটাইতকৈ উচটনিমূলক স্তম্ভলেখক হিচাপে বৰ্ণনা কৰা হৈছে।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
এগৰাকী ইণ্ডোনেছিয়ান কূটনীতিবিদৰ কন্যা জুলিয়াই ভাৰত (১৯৫৪-৫৬), ইণ্ডোনেছিয়া (১৯৫৬-৬০), ইংলেণ্ড (১৯৬০-৬২), হাংগেৰী (১৯৬২-৬৪), পুনৰ ইণ্ডোনেছিয়া (১৯৬৫-৬৮) আৰু ইটালী (১৯৬৮-৭১)ত ডাঙৰ-দীঘল হৈছিল।২
জুলিয়াই দক্ষিণ জাকাৰ্টাৰ ছেটিয়াৰুডিত থকা চুম্বাংচিহ স্কুলৰ লগতে ইংলেণ্ড আৰু হাংগেৰীৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ত মনোবিজ্ঞান অধ্যয়ন কৰিছিল (১৯৭৪-৭৬) আৰু চিটি ইউনিভাৰ্চিটি লণ্ডনৰপৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী (১৯৭৯) লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ নেদাৰলেণ্ডৰ দ্য হেগৰ ইনষ্টিটিউট অৱ ছচিয়েল ষ্টাডিজৰপৰা উন্নয়নশীল সমাজৰ ৰাজনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (১৯৮৮) লাভ কৰে।৩
সাহিত্যকৰ্ম
জুলিয়াৰ ১৯৮৮ চনৰ গৱেষণা পত্ৰৰ শীৰ্ষক আছিল ষ্টেট ইবুইজম: দ্য ছচিয়েল কনষ্ট্ৰাকশ্যন অব উইমেনহুড ইন দ্য ইণ্ডোনেছিয়ান নিউ অৰ্ডাৰ। ইয়াত পৰীক্ষা কৰা হৈছিল যে কেনেকৈ চুহাৰ্টো চৰকাৰে মহিলাসকলক পত্নী আৰু মাতৃ হিচাপে সংজ্ঞায়িত কৰি সমাজক নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল।৪ ইণ্ডোনেছিয়া চৰকাৰে এই গৱেষণা পত্ৰখনক বিদ্ৰোহী বুলি গণ্য কৰিছিল আৰু সূৰ্যাকুছুমাক ৰাজ্যিক চোৰাংচোৱা সংস্থাই আটক কৰিছিল। ২০১১ চনত লিখা এটা লেখাত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ প্ৰাক্তন প্ৰবক্তা চাপৰিনাহ চাডলিৰপক্ষ সমৰ্থনৰ বাবেহে তেওঁ মুক্তি লাভ কৰিছিল।৫ ২০১১ চনত এই গৱেষণা পত্ৰখন মূল ইংৰাজী আৰু ইণ্ডোনেছিয়ান অনুবাদৰ সৈতে এক দ্বিভাষিক সংস্কৰণত প্ৰকাশ কৰা হৈছিল।৪
ইণ্ডোনেছিয়া চুহাৰ্টোৰ পৰৱৰ্তী সংস্কাৰ যুগত প্ৰৱেশ কৰাৰ লগে লগে জুলিয়াই ১৯৯৯ চনত ইণ্ডোনেছিয়ান পলিটিকেল আলমানাক ফাউণ্ডেশ্যন (য়ায়াচান এপিআই) প্ৰতিষ্ঠা কৰে, যিয়ে আলমানাক অব ইণ্ডোনেছিয়ান পলিটিকেল পাৰ্টিজ (১৯৯৯) আৰু ইণ্ডোনেছিয়ান পাৰ্লিয়ামেণ্ট গাইড (২০০১) প্ৰকাশ কৰিছিল।৬
২০০৬ চনৰপৰা জুলিয়াই ইংৰাজী ভাষাত বাতৰি কাকত আৰু আলোচনীত স্তম্ভ লিখি আহিছে, যাৰ বেছিভাগেই দ্য জাকাৰ্টা পষ্ট আৰু টেম্পো সাপ্তাহিক আলোচনীত প্ৰকাশ পাইছে।৭ তেওঁৰ স্তম্ভসমূহৰ এটা সংকলন ২০১৩ চনত জুলিয়াছ জিহাদ: টেলছ অব দ্য পলিটিকেল্লি, চক্সুৱেল্লি, এণ্ড ৰিলিজিয়াচলি ইনকাৰেক্ট: লিভিং ইন দ্য কেওচ অব দ্য বিগেষ্ট মুচলিম ডেমক্ৰেচি নামেৰে প্ৰকাশ কৰা হৈছিল।
ইয়াৰ উপৰি তেওঁ চেক্স, পাৱাৰ এণ্ড নেচন: এন এনথ'লজী অব ৰাইটিংছ, ১৯৭৯–২০০৩ (২০০৪) গ্ৰন্থৰ লেখিকা।৮
সক্ৰিয়তা
১৯৭৯ চনত লণ্ডনত সমাজবিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পাছত জুলিয়াই 'য়ায়াচান ইণ্ডোনেছিয়া চেজাহটেৰা' (YIS, প্ৰস্পাৰাচ ইণ্ডোনেছিয়া ফাউণ্ডেশ্যন) নামৰ এটা বেচৰকাৰী সংস্থাৰ হৈ কাম কৰিছিল, যিয়ে সামূহিক উন্নয়ন আৰু শিশু স্বাস্থ্যৰ দিশত কাম কৰিছিল।৯
১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া এছিয়ান বিত্তীয় সংকটৰ ফলত ইণ্ডোনেছিয়াৰ অৰ্থনীতি ভাঙি পৰিছিল,১০ তেতিয়া জুলিয়া 'চুবৰা ইবু পেডুলি' (SIP, ভইচ অব কনচাৰ্নড মাদাৰ্ছ) নামৰ মহিলা সক্ৰিয় কৰ্মীৰ এটা গোটৰ সদস্য আছিল।১১ এই গোটটোৱে ১৯৯৮ চনৰ ২৩ ফেব্ৰুৱাৰীত জাকাৰ্টাৰ ঐতিহাসিক হোটেল ইণ্ডোনেছিয়াৰ চ’কত গাখীৰ আৰু খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰিছিল।১২ তদানীন্তন ৰাষ্ট্ৰপতি চুহাৰ্টোৰ ৩২বছৰীয়া শাসনকালত কোনো মহিলা গোটৰদ্বাৰা কৰা এইটোৱেই আছিল প্ৰথম চৰকাৰ বিৰোধী প্ৰতিবাদ। চৰকাৰৰ সেই নীতিৰ আলম লৈ— য’ত কোৱা হৈছিল যে মহিলাসকলে পত্নী আৰু মাতৃ হিচাপে সেৱা আগবঢ়াব লাগে— গোটটোৱে অভিযোগ কৰিছিল যে ইণ্ডোনেছিয়ান মহিলাসকলৰ বাবে পৰিয়ালৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ঘৰুৱা বাজেটৰ ভৰসাম্য ৰখাটো অসম্ভৱ হৈ পৰিছে। জুলিয়াই এই গোটটোৰ জনসংযোগ মুৰব্বী হিচাপে কাম কৰিছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচী তথা পৰৱৰ্তী সময়ত গোটটোৰ তিনিগৰাকী সদস্যৰ বিচাৰ আৰু দণ্ডৰ বিষয়ে প্ৰেছ বিজ্ঞপ্তি লিখিছিল।১৩ এই গোটটোৰ কাৰ্যই অধিক চৰকাৰ বিৰোধী প্ৰতিবাদক অনুপ্ৰাণিত কৰিছিল, যাৰ পৰিণতিত ১৯৯৮ চনৰ মে’ মাহত চুহাৰ্টোৱে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।
২০২১ চনত লিংগ সমতা, গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে আগবঢ়োৱা সক্ৰিয়তাৰ স্বীকৃতি স্বৰূপে জুলিয়াক বেলজিয়ামৰ 'অৰ্ডাৰ অব দ্য ক্ৰাউন'ত এগৰাকী বিষয়া হিচাপে নিযুক্তি দিয়া হয়।১৪
ব্যক্তিগত জীৱন
১৯৭৪ চনত ২০ বছৰ বয়সত জুলিয়াই ইণ্ডোনেছিয়ান চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আমি প্ৰিয়োনোৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাৰ বয়স আছিল ৩৬ বছৰ। তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে, আদিত্য প্ৰিয়ৱৰ্ধন, যাৰ জন্ম ১৯৭৫ চনৰ নৱেম্বৰ মাহত হৈছিল।১৫ ২০০১ চনত আমি প্ৰিয়োনোৰ মৃত্যুৰ পাছত জুলিয়াই ২০০৫ চনত অষ্ট্ৰেলিয়ান শিক্ষাবিদ অধ্যাপক টিম লিণ্ডচেৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিয়ে ইণ্ডোনেছিয়াৰ বিষয়ে কেইবাখনো গ্ৰন্থ লিখিছে।১৬ ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।
তথ্যসূত্ৰ
- ↑ Coppel, Charles A. (30 November 2013). Review: Julia's jihad. Inside Indonesia
- ↑ Saya Percaya Tuhan, Tapi Tidak Percaya Agama. Islamlib.com. Islamlib
- ↑ Julia Suryakusuma. Borobudur Agency
- ↑ Suryakusuma, Julia. (1 July 2012). Is state ibuism still relevant?. Inside Indonesia
- ↑ Suryakusuma, Julia. (12 October 2011). Saparinah Sadli: A feminist transformation. The Jakarta Post
- ↑ Women Leadership in the Non-Profit Sector Case Study Series: Julia Suryakusuma. Women's Pathways to Leadership in Asia. Centre for Instructional Technology, National University of Singapore
- ↑ Simson, Roy. (30 June 2013). Julia's War On Almost Everything. The Jakarta Post
- ↑ Blak-Blakan ala Julia Suryakusuma. Dewimagazine.com
- ↑ Suryakusuma, Julia. (4 December 2013). Children, the 'Hunger Games' and Posyandu. The Jakarta Post
- ↑ Pine, Art. (16 January 1998). Summers a Hot Commodity in Asian Crisis. Los Angeles Times
- ↑ Kartini Sjahrir. (2014). Rumah Janda. Yayasan Pustaka Obor Indonesia. পৃ. 307–. ISBN 978-979-461-882-0
- ↑ Kathryn May Robinson; Sharon Bessell. (2002). Women in Indonesia: Gender, Equity and Development. Institute of Southeast Asian Studies. পৃ. 110–. ISBN 978-981-230-158-1
- ↑ Suryakusuma, Julia. Press Releases - Suara Ibu Peduli (SIP). Coordination group for Support the People's Resistance in Indonesia
- ↑ (10 March 2021). Pemerintah Belgia anugerahkan penghargaan bagi Julia Suryakusuma. Antara
- ↑ Women Leadership in the Non-Profit Sector Case Study Series: Julia Suryakusuma. Women's Pathways to Leadership in Asia. Centre for Instructional Technology, National University of Singapore
- ↑ Nasution, Rahmad. (2 March 2009). "Berbagi Indonesia" Melalui Cinta Julia-Lindsey. Antara
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়া সূৰ্য়াকুছুমা” প্ৰবন্ধৰ সংশোধন ৫৯৪৪৯৭ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।