অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেনুৱেল এৰন

মেনুৱেল এৰন ( Manuel Aaron; জন্ম: ৩০ ডিচেম্বৰ ১৯৩৫) কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ প্ৰথম ভাৰতীয় দবা মাষ্টাৰ। ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ ভাৰতৰ দবা খেলত আধিপত্য বিস্তাৰ কৰিছিল, ১৯৫৯ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ৯ বাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল! তেওঁ ভাৰতৰ প্ৰথম আন্তৰ্জাতিক মাষ্টাৰ খিতাপ লাভ কৰা খেলুৱৈ…

হালনাগাদ: ১৭ মে’ ২০২৫ ৫১১ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মেনুৱেল এৰন ( Manuel Aaron; জন্ম: ৩০ ডিচেম্বৰ ১৯৩৫) কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ প্ৰথম ভাৰতীয় দবা মাষ্টাৰ। ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ ভাৰতৰ দবা খেলত আধিপত্য বিস্তাৰ কৰিছিল, ১৯৫৯ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ৯ বাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল! তেওঁ ভাৰতৰ প্ৰথম আন্তৰ্জাতিক মাষ্টাৰ খিতাপ লাভ কৰা খেলুৱৈ আছিল আৰু ভাৰতত আন্তঃৰাষ্ট্ৰীয় দবা জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ১৯৬০ চনলৈকে ভাৰতীয় দবা (চতুৰংগ নামেৰে জনাজাত) বহুতো স্থানীয় পৰম্পৰাগত ভিন্নতা ব্যৱহাৰ কৰি খেলা হৈছিল১ (যেনে কাষ্টলিঙৰ সলনি ৰজাই এবাৰ ঘোঁৰাৰ দৰে গতি কৰিব পাৰিছিল, যদিহে ইয়াক পূৰ্বে চেক দিয়া হোৱা নাছিল)। এৰনে দবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকাৰ জনপ্ৰিয় কৰাত সহায় কৰিছিল, বহুতো দবা গোট গঠন কৰিছিল আৰু খেলুৱৈসকলক আৰম্ভণি পৰ্যায় আৰু অন্যান্য আনুষ্ঠানিক দবা সাহিত্য অধ্যয়ন কৰিবলৈ আহ্বান জনাইছিল।

জীৱন

ঔপনিৱেশিক বাৰ্মাৰ টৌংগুত ভাৰতীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এৰন ভাৰতৰ তামিলনাডুত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি কৰে। ১৯৬৯ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত একেৰাহে পাঁচটা খিতাপ দখল কৰাকে ধৰি এৰনে ৯ বাৰ ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল (১৯৫৯ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত ১৪খন চেম্পিয়নশ্বিপৰ ভিতৰত)। তেওঁ এঘাৰবাৰ (১৯৫৭–১৯৮২) তামিলনাডু দবা চেম্পিয়নশ্বিপতো জয়ী হৈছিল; তেওঁৰ পিছত ভাৰতৰ দবা জগতত তামিলনাডুৱে শক্তিশালী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰে।

তেওঁ ১৯৬১ চনত মংগোলিয়াৰ চুকিয়েন মোমোৰ বিৰুদ্ধে পশ্চিম এছিয়ান জ'নেলত ৩-১ ব্যৱধানত আৰু পিছৰ পৰ্যায়ত অষ্ট্ৰেলিয়াৰ চেচিল পাৰ্ডিৰ বিৰুদ্ধে এছিয়ান-অষ্ট্ৰেলিয়ান জ'নেলৰ ফাইনেলত ৩-০ ব্যৱধানত জয়লাভ কৰে। এই জয়ৰ সূত্ৰে তেওঁ আন্তৰ্জাতিক মাষ্টাৰ খিতাপ অৰ্জন কৰে।২

এছিয়ান পৰ্যায়ত এই জয়ৰ বাবেই তেওঁ ১৯৬২ চনত ষ্টকহোম ইণ্টাৰজ'নেলৰ বাবে যোগ্যতা অৰ্জন কৰে। এই প্ৰতিযোগিতাত শেষত (২৩ নং স্থান) স্থান লাভ কৰিলেও তেওঁ গ্ৰেণ্ডমাষ্টাৰ লাজোছ পৰ্টিছ৩ আৰু উলফগেং উলমেনক পৰাস্ত কৰে।৪ ১৯৬২ চনত তেওঁ ভাৰতীয় ক্ৰীড়াবিদৰ বাবে আগবঢ়োৱা অৰ্জুন বঁটা লাভ কৰি এনে সন্মান অৰ্জন কৰা প্ৰথমজন দবা খেলুৱৈৰূপে পৰিগণিত হয়।৫

ইয়াৰোপৰি এৰনে দবা অলিম্পিয়াডত ভাৰতীয় দলৰ সৈতে তিনিবাৰকৈ খেলিছিল। ১৯৬০ চনত লেইপজিগত (+২ –১০ =৮) ভাৰতীয় দলৰ অধিনায়কত্ব কৰি মেক্স ইউৱেৰ বিৰুদ্ধে জয়লাভ কৰিছিল,৬ আৰু ১৯৬২ চনত ভাৰ্নাত (+৭ –৬ =৪) লাজোছ পৰ্টিছৰ বিৰুদ্ধে আকৌ এবাৰ জয়ী হৈছিল।৭ ১৯৬৪ চনত টেল আভিভত তেওঁ দ্বিতীয় ব’ৰ্ডত খেলিছিল (+৪ –৭ =৬)। ১৯৭৭ চনত অকলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান টিম চেম্পিয়নশ্বিপ আৰু ১৯৮১ চনত চীনৰ হাংঝুত অনুষ্ঠিত হোৱা চতুৰ্থ এছিয়ান টিম চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিয়ে। ১৯৮৪ চনত হংকঙত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপত চতুৰ্থ স্থান দখল কৰে। এই ইভেণ্টত কেভিন স্প্ৰেগেট আৰু মাৰে চেণ্ডলাৰে জয়লাভ কৰিছিল।

তেওঁ ডুবাই অলিম্পিয়াড ১৯৮৬ ৰ লেখক আৰু দ্য হিন্দু কাকতৰ সাংবাদিক। তেওঁৰ পুত্ৰ অৰবিন্দ এজন সুপৰিচিত সাংবাদিক।

ভাৰতীয় দবা সংস্কৃতিলৈ অৱদান

ন্যূনতম দবা সংস্কৃতিৰ পৰিৱেশত আত্মপ্ৰকাশ কৰা এৰন ভাৰতত দবা সজাগতা বৃদ্ধিৰ প্ৰতি অতি সংবেদনশীল আছিল। তামিলনাডু দবা সন্থাৰ সম্পাদক (১৯৭৭ আৰু ১৯৯৭) আৰু সৰ্বভাৰতীয় দবা ফেডাৰেচনৰ অধ্যক্ষ হিচাপেও তেওঁ দবাক আগুৱাই নিয়াৰ বাবে বহুখিনি কাম কৰিছিল। ভাৰতৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ ভি ৰবিকুমাৰ-এ তেওঁতকৈ ১৭ বছৰ পাছত খিতাপ অৰ্জন কৰিছিল। ১৯৮৮ চনতহে বিশ্বনাথন আনন্দ ভাৰতৰ প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হয়।১

২০১৩ চনত চেন্নাইত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ খেলখনৰ সময়ত মেনুৱেল এৰন ভাৰতীয় দবা মহলত সক্ৰিয় আছিল।

উল্লেখযোগ্য খেলসমূহ

তথ্যসূত্ৰ

  1. ↑ D.K. Bharadwaj. (2003-05-13). A big boom in the brain game. Features, Press Information Bureau, Govt of India
  2. ↑ Manuel Aaron Profile. iloveindia.com
  3. ↑ Manuel Aaron vs Lajos Portisch, Stockholm Interzonal (1962), Stockholm SWE, rd 22, Mar-04.
  4. ↑ Wolfgang Uhlmann vs Manuel Aaron, Stockholm Interzonal (1962), Stockholm SWE, rd 18, Feb-25.
  5. ↑ Tamil Nadu was a hotbed for chess in the 1960s. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Manuel Aaron vs Max Euwe, Leipzig ol (Men) qual-B (1960), Leipzig GDR, rd 1, Oct-17.
  7. ↑ Lajos Portisch vs Manuel Aaron, Varna ol (Men) qual-D (1962), Varna BUL, rd 9, Sep-?

সম্পৰ্কিত শ্ৰেণী

অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনুৱেল এৰন” প্ৰবন্ধৰ সংশোধন ৫০৯৪৩৩ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।