মিলি অসমৰ মিচিং জনগোষ্ঠীৰ মাজত ব্যৱহৃত এটা উপাধি।১ মিচিংসকলৰ বহুতো গু:মৃন অর্থাৎ গোত্ৰ দেৱতা দেখিবলৈ পোৱা যায়। যেনে― বমি, বকি, কন্দাৰ, জ:তৃৰ, ল:য়, চ:ব, লয়িং, ত:ৰি, পাংকং, বজু, জ:ব ইত্যাদি। সেই গোত্ৰ দেৱতাসমূহৰ অন্তৰ্গত 'বমি' নামৰ গোত্ৰ দেৱতাৰ উপাধি চাৰিটা হৈছে― মিলি, কুলি, কুটুম আৰু কামান। তেওঁলোকৰ একে উপাধিৰ মাজত বিয়া নহয়। তাৰ উপৰিও একে গু:মৃন বা গোত্ৰ দেৱতাৰ অন্তৰ্গত উপাধিৰ মাজতো বিবাহ সম্পন্ন নহয়।২ গতিকে এই হিচাপত মিলি, কুলি, কুটুম আৰু কামান এই উপাধিকেইটাৰ মাজত বিবাহ হ'ব নোৱাৰে। মিচিংসকলৰ কেইবাটাও ফৈদ আছে। তাৰে ভিতৰত মিচিং ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা ফৈদকেইটা হ'ল― চামগুৰীয়া, বিয়য়াং (বিহিয়া), বেবেজীয়া, বংকোৱাল, তামাৰ। আনহাতে, মিচিং ভাষা কোৱা ফৈদকেইটা হৈছে পাগৰ, চা:য়াং, অয়ান, দাম্বুক, ম:য়িং আদি। ইয়াৰে পাগৰ, দাম্বুক, ম:য়িং আদি ফৈদত মিলি উপাধিৰ লোক থকা দেখা যায়।৩
মিলি উপাধিৰ প্ৰসিদ্ধ ব্যক্তি
তথ্যসূত্ৰ
- ↑ shodhganga.inflibnet.ac.in/handle/10603/116119 / Shodhgangaৰ পৰা আহৰণ কৰা হৈছে। সংযোগৰ তাৰিখ- ২৪ মে' ২০২৬
- ↑ কৃষ্ণৰাম মিলি: মিলি অপৃন পৰিচয়, অৰিন্দম অফছেট এণ্ড প্ৰেছ, ৰাজগড়, গুৱাহাটী, নৱেম্বৰ, ২০১৫
- ↑ কৃষ্ণৰাম মিলি: মিলি অপৃন পৰিচয়, অৰিন্দম অফছেট এণ্ড প্ৰেছ, ৰাজগড়, গুৱাহাটী, নৱেম্বৰ, ২০১৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলি” প্ৰবন্ধৰ সংশোধন ৬১৪৩৩১ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।