অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিয়েক' কাৱাকামি

মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে। তেওঁৰ উপন্যাস ‘চিচি টু ৰানে’ (ব্ৰেষ্ট এণ্ড এগচ্‌, জাপানীজ:乳と卵) ১৩৮ সংখ্যক ‘আকুটাগৱা প্ৰাইজ’, গল্প-সংকলন ‘আই নো য়ুমে টু কায়ে’ (ড্ৰিমচ্‌ অৱ লাভ, জাপানীজ:愛の夢とか) ২০১৩ চনৰ ‘তানিজাকি প্ৰাইজ’ আৰু সমসাময়িক কাব্য সাহিত্য ‘চেণ্টান দে, চাচুৱা চাচাৰেৰুৱা চ’ৰা ইৱা’ই (জাপানীজ:先端で さすわ さされるわ そらええわ) ২০০৮ চনৰ ‘নাকাহাৰা চুইয়া বঁটা’ লাভ কৰিছে। কাৱাকামিৰ কামসমূহ বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু সমগ্ৰ বিশ্বতে ইয়াৰ বিতৰণ হৈছে।

প্ৰাৰম্ভিক জীৱন

১৯৭৬ চনৰ ২৯ আগষ্ট তাৰিখে জাপানৰ অ’ছাকা চহৰত মিয়েক’ কাৱাকামিৰ জন্ম হৈছিল।১

কৰ্মজীৱন

এটি দুখীয়া পৰিয়ালত জন্ম লাভ কৰা কাৱাকামিয়ে সাহিত্যিক ৰূপে জনপ্ৰিয়তা লাভ কৰাৰ আগতে সংগীত শিল্পী ৰূপে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। এইখিনি সময়ত তেওঁৰ তিনিটা গানৰ এলবাম মুক্তি পাইছিল। তাৰ আগতে উপাৰ্জনৰ বাবে তেওঁ এখন কিতাপৰ দোকানত আৰু এগৰাকী হোষ্টেজ ৰূপে কাম কৰিছিল।২ গানৰ লিৰিক্স লিখিবলৈ লৈ তেওঁ কবিতাৰ জগতত প্ৰৱেশ কৰে আৰু পিছলৈ কবি ৰূপে পৰিচিতি লাভ কৰে। সম্পূৰ্ণ সময় লেখাত দিবৰ বাবে ২০০৬ চনত তেওঁ গানৰ কেৰিয়াৰ ত্যাগ কৰিছিল।৩

২০০৮ চনত ‘ব্ৰেষ্ট এণ্ড এগচ্’ উপন্যাসৰ বাবে ‘আকুটাগৱা বঁটা’ লাভ কৰাৰ আগতে কাৱাকামি এগৰাকী ব্ল’গাৰ ৰূপে পৰিচিত আছিল।২ জনপ্ৰিয়তাৰ শীৰ্ষত থাকোঁতে তেওঁৰ ব্লগটো দৈনিক দুই লাখ দৰ্শকে দৰ্শন কৰিছিল।৪ ২০০৬ চনত কবি ৰূপে স্বীকৃতি লাভ কৰা মিয়েক’ৰ প্ৰথমখন উপন্যাস ‘মাই ইগ, মাই টীথ এণ্ড দ্য ৱৰ্ল্ড’ ২০০৭ চনত প্ৰকাশ পাইছিল।

২০১০ চনত কাৱাকামিৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস ‘হেভেনে’ ‘মুৰাচাকি চিকিবু বঁটা’ লাভ কৰে।৫ ২০১২ চনত মাৰ্চ মাহত তেওঁৰ চুটি গল্প ‘মাৰ্চ য়াৰ্ণ’ৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়; এইটো আছিল ২০১১ চনত ট’হ’কো অঞ্চলত হোৱা ভূমিকম্প আৰু চুনামিৰ বিষয়ক ৰছনা আৰু কাহিনী সংকলন।৬

২০১৫ চনৰপৰা ২০১৭ চনলৈ কাৱাকামিয়ে হাৰুকি মুৰাকামিৰ কেইবাটাও সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল, য’ত তেওঁ মুৰাকামিৰ উপন্যাসত উল্লেখিত নাৰী চৰিত্ৰসমূহ আৰু যৌনতা সম্পৰ্কে তেওঁক প্ৰশ্ন কৰিছিল।৭ ‘হাৰুকি মুৰাকামি: আ লং লং ইণ্টাৰভিউ’ শীৰ্ষকেৰে এই সাক্ষাৎকাৰ কেইটিৰ সম্পাদিত ৰূপ ২০১৭ চনত প্ৰকাশ পাইছিল। এইখিনি সময়তে কাৱাকামিয়ে তেওঁৰ গল্প ‘মাৰিচ্‌ প্ৰুফ অৱ লাভ’ বাবে ইউ কেৰ ‘গ্ৰাণ্ট’ আলোচনীৰপৰা ২০১৬ চনৰ শ্ৰেষ্ঠ জাপানী যুৱ ঔপন্যাসিকৰ স্বীকৃতি লাভ কৰে।৮

বঁটা আৰু সন্মান

  • ২০০৭: প্ৰতিশ্ৰুতিসম্পন্ন যুৱ লেখকক প্ৰদান কৰা Tsubouchi Shoyo Prie (My Ego Ratio, My Teeth, and the World)৯
  • ২০০৮: নাকাহাৰা চুইয়া বঁটা (চেণ্টান দে, চাচুৱা চাচাৰেৰুৱা চ’ৰা ইৱা)১০
  • ২০০৮: আকুটাগৱা প্ৰাইজ (Breasts and Eggs)১১
  • ২০১০ মুৰাচাকি চিকিবু প্ৰাইজ (Heaven)৫
  • ২০১৩: তানিজাকি এৱাৰ্ড (আই নো য়ুমে টু কায়ে, Dreams of Love, etc.)১২
  • ২০১৬: ৱাটানাবে জুনিচিৰ’ প্ৰাইজ (আক’গাৰে, Yearning)১৩
  • ২০১৯: মনিচি পাব্লিকেচন কালচাৰেল এৱাৰ্ড (Summer Stories)

তথ্যসূত্ৰ

  1. ↑ (01/07/2021). Spotlight on: Mieko Kawakami. The author you need to know. www.panmacmillan.com
  2. ↑ Kageyama, Yuri. (March 25, 2008). Writer blogs her way to top literary prize. Japan Times
  3. ↑ Lee, Jian Xuan. (November 22, 2015). J-pop singer turned writer. The Straits Times
  4. ↑ McNeill, David. Young commuter bloggers snatch Japan's literary laurels. The Independent
  5. ↑ 紫式部文学賞. 宇治市図書館
  6. ↑ Kawakami, Mieko. (2012). March was Made of Yarn: Reflections on the Japanese Earthquake, Tsunami, and Nuclear Meltdown. Vintage Books. পৃ. 55–70. ISBN 9780307948861
  7. ↑ Kashiwazaki, Kan. (June 16, 2017). Haruki Murakami talks of how he goes with the flow. Asahi Shimbun
  8. ↑ Mieko Kawakami. Granta
  9. ↑ (September 25, 2007). 第一回 早稲田大学坪内逍遙大賞選考委員会. Waseda University
  10. ↑ (June 15, 2017). 第14回中原中也賞が川上未映子さんの『先端で さすわ さされるわ そらええわ』に決定しました. Yamaguchi City
  11. ↑ Newcomb, Amelia. (December 15, 2008). Mieko Kawakami: From blogger to global novelist. The Christian Science Monitor
  12. ↑ Tanizaki Jun'ichiro Prize. Books from Japan
  13. ↑ (March 31, 2016). 第1回渡辺淳一文学賞に川上未映子さん. The Nikkei

সম্পৰ্কিত শ্ৰেণী

কবিজাপানৰ ব্যক্তিসাহিত্যিকঔপন্যাসিকগল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিয়েক' কাৱাকামি” প্ৰবন্ধৰ সংশোধন ৬৩০৯৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।