অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনিমি

নীলোৎপল লহকৰ (Neelotpal Lahkar; পেছাগতভাৱে মিনিমি বা মিনিমি এন.এল. নামেৰে পৰিচিত) হৈছে ভাৰতৰ এজন ভাৰতীয় ৰেপাৰ, গায়ক তথা অভিনেতা। ১৯৯৫ চনৰ ১১ জুন তাৰিখে তেওঁ নলবাৰীত জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ৪ জুলাই ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নীলোৎপল লহকৰ (Neelotpal Lahkar; পেছাগতভাৱে মিনিমি বা মিনিমি এন.এল. নামেৰে পৰিচিত) হৈছে ভাৰতৰ এজন ভাৰতীয় ৰেপাৰ, গায়ক তথা অভিনেতা। ১৯৯৫ চনৰ ১১ জুন তাৰিখে তেওঁ নলবাৰীত জন্মগ্ৰহণ কৰিছিল।১২৩৪

ব্যক্তিগত জীৱন

১৯৯৫ চনৰ ১১ জুনত জন্মগ্ৰহণ কৰা মিনিমিৰ ঘৰ নলবাৰী জিলাৰ পাণ্ডুলা নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতৃ প্ৰবীন্দ্ৰ চন্দ্ৰ লহকৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু মাতৃ অনু লহকৰ এগৰাকী গৃহিণী।

কৰ্মজীৱন

গায়ক হিচাপে

নংবোলছবিগীত(সমূহ)সহ-শিল্পী(সকল)তথ্যসূত্ৰ
১কানীন - এ ছিক্ৰেট ছাৰ্চকানীনবে’ছহ’ল৫
২গৰু (২০২১)গৰুদীপলিনা ডেকা৬
৩ৰাজনীতি (২০২২)ইনকিলাবজুবিন গাৰ্গ
৪ব্লেক এণ্ড হোৱাইট (২০২৩)ক’লা-বগাৰাজদ্বীপ ঘোষ৭
৫বুৰ্বকৰ খেল - গে’ম অৱ ফুল্‌ছমুনলাইট, হোৱাট্‌ছ ইয়ৰ নে’ম, বন্ধ কৰ, গে’ম অৱ ফুল্‌ছকে’ছী৮

বিতৰ্ক

অসমত কা-বিৰোধী আন্দোলনৰ সময়ত অসংখ্য শিল্পীয়ে ৰাজপথলৈ ওলাই আহি শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। কিন্তু মিনিমিকে ধৰি কিছু মুষ্টিমেয় ব্যক্তিয়ে তেওঁৰ "বাংলাদেশী" গীতৰ কথা গাইছিল, যিবোৰক বিদেশী-ভীত আৰু হিংসাত্মক বুলি গণ্য কৰা হৈছিল। ইয়াৰ ফলত সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ ঢৌৰ সৃষ্টি হৈছিল, যাৰ ফলত কৰ্তৃপক্ষই গীতটো ৰাজহুৱাকৈ বজোৱাত নিষেধাজ্ঞা আৰোপ কৰে। অৱশেষত উত্তেজনা কমি অহাৰ লগে-লগে গীতটোৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।৯

তথ্যসূত্ৰ

  1. ↑ Capitalism, village life, divinity: More young voices from the Indian rap scene. Hindustan Times
  2. ↑ J.B. College Film Society. jbcollege.org
  3. ↑ rupaliparda.com/archives/20905
  4. ↑ assamtimespost.in/?p=50803
  5. ↑ Kaaneen - A Secret Search. IMDb
  6. ↑ Goru (2021). IMDb
  7. ↑ Black n White (2023). IMDb
  8. ↑ Burbokor Khel - Game of fools. IMDb
  9. ↑ Das, Amlan. Anatomy of Protest Music in Assam during the time of CAA Protests. ahummingheart.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনিমি” প্ৰবন্ধৰ সংশোধন ৬১৫৬০১ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।