মিনতি হাজৰিকা (Minati Hazarika) হৈছে এগৰাকী অসমীয়া কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ।
জন্ম আৰু বংশৰ পৰিচয়
১৯৩৯চনৰ ৩১ জুলাইত যোৰহাট নগৰত মিনতি হাজৰিকাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ৰাধানাথ হাজৰিকা।১
শিক্ষা
যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰী। তেওঁ ১৯৬১ চনত অসমীয়া বিষয়ত এম-এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী স্ময়ত বি-টি পৰীক্ষাতো উত্তীৰ্ণ হয়শাজৰিকাই ১৯৯০ চনত "অসম মধ্যযুগৰ চৰিত পুথিৰ এটি অধ্যয়ন" শিতানত গৱেষণা কৰি পি-এইচ-ডি ডিগ্ৰি লাভ কৰে।২
চাকৰি জীৱন
যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত তেওঁ ১৯৬২ চনত প্ৰৱক্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰে আৰু ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে।৩
সাহিত্যৰাজি
গ্ৰন্থ
- মমতাৰ বাতৰি (১৯৬৭)
- নেপাল দেশৰ সাধু ( ১৯৭০)
- ভীম চৰিত (১৯৭৮)
- দূৰ-দূৰণিৰ সাধু (১৯৮৬)
- মহৎ লোকৰ লৰালি কাল (১৯৮৯)
- নাৰী ৰত্ন (১৯৯৩)
- আকবৰ বিৰবল ৰ কাহিনী (১৯৯৪)
- টুন টুনিৰ সাধু
- ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ লেখিকা।৪
সম্পাদিত গ্ৰন্থ
- মহাপুৰুষ মাধৱদেৱ বিৰচিত চোৰধৰা আৰু পিম্পৰা গুচোৱা আৰু মাধৱ কন্দলীৰ অযোধ্যা কাণ্ড ৰামায়ণ(১৯৯৪)
- মহাপুৰুষ শংকৰদেৱে বিৰচিত কীৰ্তনৰ অন্তৰ্গত গজেন্দ্ৰোপাখ্যান, বলিছলন আৰু দামোদৰ বিপ্ৰাখ্যান।৫
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬, পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড),সম্পা: বিশ্বেশ্বৰ হাজৰিকা,দ্বিতীয় প্ৰকাশ:২০১৬,পৃষ্ঠা নং:৪৬১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনতি হাজৰিকা” প্ৰবন্ধৰ সংশোধন ২৯৬৫৯৮ (১৪ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।