অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৌ ইফান

হৌ ইফান (চীন: 侯逸凡; পিনইন: Hóu Yìfán; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী চীনা দবা গ্ৰেণ্ডমাষ্টাৰ, তিনি বাৰ মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চেনজেন বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ ৰেটিংপ্ৰাপ্ত মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।

হালনাগাদ: ২০ জুন ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হৌ ইফান (চীন: 侯逸凡; পিনইন: Hóu Yìfán; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী চীনা দবা গ্ৰেণ্ডমাষ্টাৰ, তিনি বাৰ মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চেনজেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।১২ তেওঁ সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ ৰেটিংপ্ৰাপ্ত মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।৩ দবাৰ বিস্ময়-বালিকা হিচাপে আত্মপ্ৰকাশ কৰা হৌ ১৪ বছৰ ৬ মাহ ১৬ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰা সৰ্বকনিষ্ঠ মহিলা খেলুৱৈ। ১৬ বছৰ বয়সত মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰি তেওঁ আন এক অভিলেখ গঢ়ে।

১২ বছৰ বয়সত হৌৱে ২০০৬ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ(য়েকাটেৰিনবাৰ্গ) আৰু দবা অলিম্পিয়াড (টৰিনো)ত অংশগ্ৰহণ কৰা কনিষ্ঠ খেলুৱৈ হিচাপে অভিলেখ গঢ়িছিল।৪ ২০০৭ চনৰ জুনত তেওঁ সৰ্বকনিষ্ঠ চীনা মহিলা চেম্পিয়ন হয়। তেওঁ ২০০৪ চনৰ জানুৱাৰীত উইমেন ফিদে মাষ্টাৰ, ২০০৭ চনৰ জানুৱাৰীত উইমেন গ্ৰেণ্ডমাষ্টাৰ আৰু ২০০৮ চনৰ আগষ্টত গ্ৰেণ্ডমাষ্টাৰউপাধি লাভ কৰে।

২০১০ চনত তুৰস্কৰ হাটেইত ১৬ বছৰ বয়সত তেওঁ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰে। তাৰ পিছত ২০১১, ২০১৩ আৰু ২০১৬ চনত মুখামুখি মেচত খিতাপ জয় কৰে, কিন্তু ২০১২, ২০১৫ আৰু ২০১৭ চনত প্ৰতিযোগিতাৰ গঠন সলনি কৰি টুৰ্নামেণ্ট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাত তেওঁ অংশ গ্ৰহণ নকৰাৰ বাবে পৰাজিত হয়।

হৌ হৈছে মায়া চিবুৰডানিডজে আৰু জুডিত পলগাৰৰ পিছত বিশ্বৰ শীৰ্ষ ১০০ দবা খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা তৃতীয় মহিলা।৫ তেওঁ বৰ্তমান সক্ৰিয় মহিলা দবা খেলুৱৈসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃত। ২০২৪ চনৰ ডিচেম্বৰ পৰ্যন্ত তেওঁ (ছেপ্টেম্বৰ ২০১৫ৰ পৰা) বিশ্বৰ নম্বৰ ১ মহিলা দবা খেলুৱৈ হিচাপে অৱস্থান কৰিছে আৰু তেওঁ দ্বিতীয় স্থানধাৰী জু ৱেনজুনৰ পৰা ৭০ পইণ্টৰ অগ্ৰগতিত আছে।৬ ২০১৭ চনত তেওঁ বিবিচিৰ "১০০ মহিলাৰ" তালিকাত অন্তৰ্ভুক্ত হৈছিল।৭

হৌ ২০১৮ চনৰ পৰা প্ৰতিযোগিতামূলক দবাৰ পৰা অৰ্দ্ধ-অৱসৰ গ্ৰহণ কৰে। ২০২০ চনত তেওঁ চেনজেন বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ অধ্যাপক হিচাপে ২৬ বছৰ বয়সত নিযুক্ত হয়।

তথ্যসূত্ৰ

  1. ↑ Hou Yifan New in Chess NICBase Online Info
  2. ↑ chesspawn.net. chesspawn.net
  3. ↑ Chess: Hou Yifan, No 1 woman and professor at 26, loses in online return, Leonard Barden, The Guardian, 17 July 2020
  4. ↑ Newsmakers, Beijing Review PEOPLE/POINTS NO.40, 2008
  5. ↑ (13 October 2015). Hou Yifan leads Monaco Grand Prix. ChessBase
  6. ↑ Standard Top 100 Women. FIDE
  7. ↑ (20 October 2017). BBC 100 Women 2017: Who is on the list?. BBC News

সম্পৰ্কিত শ্ৰেণী

বিশ্বৰ মহিলা দবা খেলুৱৈগ্ৰেণ্ডমাষ্টাৰবিশ্বৰ দবা খেলুৱৈদবা খেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৌ ইফান” প্ৰবন্ধৰ সংশোধন ৬১৩২০৬ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।