মানসপুত্ৰ হিন্দু ধৰ্মমতে ব্ৰহ্মৰ 'মনৰপৰা উৎপত্তি হোৱা সন্তান' বা 'মন-জন্মা' পুত্ৰক বুজায়।১২ হিন্দু ধৰ্মত ব্ৰহ্মাই নিজৰ মনৰপৰাই কেইবাজনো সন্তান সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়।
কেতিয়াবা, মনৰ এই সন্তানসকলক প্ৰতিটো সৃষ্টিৰ সকলো সত্ত্বাৰ পূৰ্বপুৰুষ প্ৰজাপতিসকলৰ সৈতে একে বুলি কোৱা হয়।৩ মানসপুত্ৰসকলে প্ৰথম পুৰুষ স্বয়ম্ভুৱ মনু আৰু প্ৰথম মহিলা শতৰূপাৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়, যাৰ পাঁচটা সন্তান আছিল, যিয়ে পৃথিৱীত বসতি স্থাপন কৰিছিল।৪
তালিকা
বিষ্ণু পুৰাণৰ মতে ব্ৰহ্মৰ নজন মানসপুত্ৰ হ’ল- ভৃগু, পুলস্ত্য, পুলহ, ক্ৰতু, অংগিৰস, মৰিচি, দক্ষ, অত্ৰি, আৰু বশিষ্ঠ। এই ঋষিসকলক ব্ৰহ্মৰ্ষি বুলি কোৱা হয়।৫৬
ভাগৱত পুৰাণৰ মতে কিছুমান মানসপুত্ৰ হ'ল- অংগিৰস, অত্ৰি, পুলস্ত্য, মৰিচি, পুলহ, জাম্বৱন্ত, ভৃগু, বশিষ্ঠ, দক্ষ, নাৰদ, চিত্ৰগুপ্ত, চাৰি কুমাৰ, হিমৱত আৰু শতৰূপা।৭
তথ্যসূত্ৰ
- ↑ (1894). Theosophical Siftings. Theosophical Pub. Society
- ↑ T. V. Satyanarayana; A. S. Venugopala Rao; T. N. Saraswati. (2019-03-23). Maharshis of Ancient India. Bharatha Samskruthi Prakashana. ISBN 978-93-89028-73-7
- ↑ Williams, George M. (2008-03-27). Handbook of Hindu Mythology. OUP USA. পৃ. 208. ISBN 978-0-19-533261-2
- ↑ Wilson, John. (1877). Indian Caste. Times of India Office. পৃ. 428. ISBN 978-0-524-09449-5
- ↑ (2014-08-30). Production of the mind-born sons of Brahma (Chapter VII). Wisdom Library
- ↑ (2019-01-28). Story of Loka. Wisdom Library
- ↑ D. F. Plukker; R. Veldhuijzen van Zanten. (1993). Allied Chambers transliterated Hindi-Hindi-English dictionary. Allied Chambers. পৃ. 988–. ISBN 978-81-86062-10-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসপুত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৬৪ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।