ম্যানমাৰৰ ব্যক্তি
১০ প্ৰবন্ধ
-
আং চান চ্যু কি
আং চান চ্যু কি (Aung San Suu Kyi; জন্ম: ১৯ জুন ১৯৪৫) হৈছে এগৰাকী ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আৰু ১৯৯১ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী মহিলা যিয়ে ২০১৬-২০২১ লৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ (প্ৰধান মন্ত্ৰীৰ সমতুল্য) আৰু বৈদেশীক নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ লৈ আছিল।
-
এ ন্যেইন ফ্যু
এ ন্যেইন ফ্যু (ဧငြိမ်းဖြူ; জন্ম ২৪ এপ্ৰিল ১৯৯৬) এগৰাকী ম্যানমাৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নৃত্যশিল্পী হিচাপে নিজৰ বিনোদনজগতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৩ চনত চলচ্চিত্ৰ জগতত সফলতা লাভ কৰে।
-
এই এই
এই এই (বাৰ্মিজ ভাষা: အိအိ (অি অি); জন্ম: ১৪ নৱেম্বৰ ১৯৬৫) এগৰাকী বাৰ্মিজ (ম্যানমাৰৰ) গায়িকা। ১৯৯০ চনৰ দশকত তেওঁ জনপ্ৰিয় গায়িকা আছিল আৰু কাৰিঅ'ক সংগীতৰ ক্ষেত্ৰত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ গায়ক জাৰ্লি নায়িং আৰু থিৰি কো কোৰ সৈতে একেলগে সংগীত পৰিবেশন কৰে।
-
কে কে ম'
কে কে ম (ကေကေမိုး; জন্ম ৯ ছেপ্টেম্বৰ ১৯৯১) এজনী বাৰ্মীজ গায়িকা। তেওঁ ক্যুন মা (ကျွန်မ) শীৰ্ষক একক গীতৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল। এই গীতটি তেওঁৰ ক্যুন মা অ্যালবামৰ অংশ আছিল।
-
গে গে
গে গে (ဂေဂေး) এগৰাকী বাৰ্মীজ গায়িকা। তেওঁৰ প্ৰথম এলবাম "নিন থাৰ শি ইয়িন" ২০১৫ চনত মুক্তি লাভ কৰিছিল। ২০১৭ চনত তেওঁৰ দ্বিতীয় এলবাম ইনখোন লোট ম্হা হোটেয়ালাৰ মুক্তি লাভ কৰে।
-
তু তু থা
তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।
-
নু নু য়ি
নু নু য়ি (Nu Nu Yi) নু নু য়িক ইনৱা বুলিও কোৱা হয়৷ তেখেত এগৰাকী বাৰ্মিজ লেখক আৰু তেখেতে চৰকাৰী চেন্সৰৰ পৰা নিৰীক্ষণ লাভ কৰিছে। ২০০৭ চনৰ মেন এছিয়ান লিটাৰেৰী প্ৰাইজৰ বাবে মনোনীত হোৱা তেওঁৰ উপন্যাস স্মাইল এজ দে ব' (১৯৯৪)ক ১২ বছৰতকৈ অধিক সময়কালৰ বাবে চেন্সৰ কৰা হৈছিল।
-
পো ক্যা
ইউ পো ক্যা (২৩ মাৰ্চ ১৮৯১ – ১১ এপ্ৰিল ১৯৪২)ক কুৰি শতিকাৰ ম্যানমাৰৰ অন্যতম শীৰ্ষ বাৰ্মিজ লেখক আৰু শিক্ষা সংস্কাৰক হিচাপে গণ্য কৰা হয়। তেওঁক বাৰ্মিজ চুটিগল্পৰ পিতৃ বুলি অভিহিত কৰা হয় আৰু ১৯৩০ চনৰ জাতীয়তাবাদী শিক্ষা আন্দোলনৰ মূল সদস্য আৰু সাহিত্যিক প্ৰতিভা হিচাপেও গণ্য কৰা হয়।
-
মানসকলৰ নাম
মানসকলৰ নাম (မြန်မာ အမည်)ৰ ক্ষেত্ৰত পশ্চিমীয়া নামসমূহৰ দৰে ধাৰাবাহিক গঠন নাথাকে। ভিয়েটনামী নামৰ বাহিৰে মেইনলেণ্ড দক্ষিণ-পূৱ এছিয়াৰ অন্য জাতিসমূহৰ দৰে, ম্যানমাৰৰ লোকসকলে মাতৃনাম বা পিতৃনামৰ কোনো প্ৰচলন নাৰাখে আৰু পৰিয়ালৰ নাম ব্যৱহাৰৰো পৰম্পৰা নাই।
-
মাৰ মাৰ আয়ে
মাৰ মাৰ আয়ে ( বাৰ্মিজ: မာမာအေး; ২৬ জুলাই, ১৯৪২ – ৮ জানুৱাৰী, ২০২৪) আছিল এগৰাকী বাৰ্মিজ গায়িকা আৰু অভিনেত্ৰী। বাৰ্মিজ শাস্ত্ৰীয় সংগীতৰ ইতিহাসৰ অন্যতম সফল মহিলা গায়িকা হিচাপে তেওঁক গণ্য কৰা হৈছিল।