অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুট্টি শ্ৰাংক (চলচ্চিত্ৰ)

কুট্টিশ্ৰাংক (Kutty Srank) হৈছে ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম আৰ্টহাউছ চলচ্চিত্ৰ, যিখন শাজি এন. কৰুণে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ কুট্টি শ্ৰাংকৰ ভূমিকাত মম্মূটীয়ে অভিনয় কৰিছে আৰু আনহাতে খলনায়কৰ ভূমিকাত পি. ডি. সতীশ চন্দ্ৰই অভিনয় কৰিছে।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৩১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুট্টিশ্ৰাংক (Kutty Srank) হৈছে ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম আৰ্টহাউছ চলচ্চিত্ৰ, যিখন শাজি এন. কৰুণে পৰিচালনা কৰিছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰ কুট্টি শ্ৰাংকৰ ভূমিকাত মম্মূটীয়ে অভিনয় কৰিছে আৰু আনহাতে খলনায়কৰ ভূমিকাত পি. ডি. সতীশ চন্দ্ৰই অভিনয় কৰিছে। ৰিলায়েন্স এণ্টাৰটেইনমেণ্টে Big Motion Pictures বেনাৰৰ অধীনত ছবিখন নিৰ্মাণ কৰিছিল, আৰু ই মালয়ালম ভাষাত তেওঁলোকৰ প্ৰথম প্ৰযোজনা আছিল। ছবিখন ২০১০ চনৰ ২৩ জুলাই তাৰিখে কেৰেলাৰ চিনেমা হলসমূহত মুক্তি লাভ কৰে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ উপৰি আৰু আন তিনিটা শাখাত ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰে।১

কথনশৈলী

চলচ্চিত্ৰখনৰ গাঁথনি চাৰিটা পৃথক পৰিৱেশ বা পটভূমিত বিভক্ত। ইয়াৰ তিনিটা কাহিনী ক্ৰমে উত্তৰ, মধ্য আৰু দক্ষিণ কেৰেলাত আবদ্ধ৷ চতুৰ্থটো কাহিনী এখন আৰক্ষী থানাক কেন্দ্ৰ কৰি গঢ়ি উঠা হাইপাৰ-লিংক (Hyperlink) আখ্যান, যিয়ে বাকী তিনিটা কাহিনীক সংযোগ কৰে। চিত্ৰনাট্যত স্থানিক (spatial) আৰু সময়গত (temporal) উভয় দিশতে তিনিটা মুখ্য উপ-কাহিনীক স্পষ্টভাৱে পৃথক কৰি তুলিবলৈ বিভিন্ন দৃশ্যগত আৰু বিষয়ভিত্তিক উপাদান ব্যৱহাৰ কৰা হৈছে। এই পৃথক কাহিনীবোৰক একে সূত্ৰত মুখ্য চৰিত্ৰ কুট্টি শ্ৰাংকে বান্ধি ৰাখিছে।

এই পৃথকীকৰণ সফলভাৱে ফুটাই তুলিবলৈ পৰিচালকে কেইবাটাও শিল্পকৌশল ব্যৱহাৰ কৰিছে৷ সেইবোৰ হৈছে: চৰিত্ৰসমূহে প্ৰকাশ কৰা ভিন্ন **মনোভাৱ আৰু আৱেগ,নাৰী মুখ্য চৰিত্ৰসমূহৰ মানসিক আৰু মনস্তাত্ত্বিক বৈশিষ্ট্য,প্ৰতিটো কাহিনীৰ সময়কাল,ভৌগোলিক স্থান, সংশ্লিষ্ট ধৰ্মীয় আৰু সামাজিক পৰিৱেশ, আৰু ঋতু বা বতৰৰ বৈচিত্ৰ্য। এই সকলো উপাদানে একেলগে চলচ্চিত্ৰখনক এক বহুপৰ্যায়ী আৰু নান্দনিক আখ্যানৰ ৰূপ দিছে। ২৩

দৃশ্যগ্ৰহণ আৰু মুক্তি

চলচ্চিত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী প্ৰথমে ২০০৯ চনৰ মন্ট্ৰিয়ল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত হৈছিল। ভাৰতত ইয়াৰ প্ৰথম প্ৰদৰ্শনী ২০০৯ চনৰ গোৱাৰ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI, Goa)ত হৈছিল। চলচ্চিত্ৰখনৰ কাহিনীত ঋতুৰ পৰিৱৰ্তন, প্ৰাকৃতিক পৰিৱেশ আৰু জলবায়ুগত বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ বাবে ইয়াৰ চিত্ৰগ্ৰহণ তিনিটা পৃথক পৰ্যায়ত সম্পন্ন কৰা হৈছিল। প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণ (বৰষুণৰ ঋতু চিত্ৰিত কৰা অংশ) ২০০৮ চনৰ ১৫ জুনৰ পৰা ১০ জুলাইলৈ আলাপ্পুঝাৰ ব্যাকৱাটাৰ অঞ্চলত সম্পন্ন কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ (গ্ৰীষ্মকাল চিত্ৰিত কৰা অংশ) ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত কল্লাম জিলাৰ চাভাৰা আৰু শাস্থানকোত্তাঅঞ্চলত অনুষ্ঠিত হৈছিল। তৃতীয় তথা অন্তিম পৰ্যায়ৰ (শীতকাল চিত্ৰিত কৰা অংশ) ২০০৮ চনৰ ডিচেম্বৰ মাহত কৰ্ণাটকৰ মুকাম্বিকাৰ ওচৰৰ কুন্দাপুৰাত সম্পন্ন কৰা হৈছিল। ঋতুভিত্তিক এই পৰিকল্পিত চিত্ৰগ্ৰহণে চলচ্চিত্ৰখনৰ দৃশ্যভাষা আৰু বাস্তৱধৰ্মী পৰিৱেশ নিৰ্মাণত বিশেষ অৰিহণা যোগাইছে। ৪

তথ্যসূত্ৰ

  1. ↑ Settu Shankar. Meera Jasmine as Mammootty's lady love!. Oneindia
  2. ↑ Bringing back the serious to Malayalam cinema. Rediff
  3. ↑ Rajesh, V.S. (October 2008). 3 Sthreekelude Ormakkalil Kutty Srank. Vellinakshatram
  4. ↑ പോരില്ലാതെ കുട്ടിസ്രാങ്കിന്‌ തുടക്കം. Oneindia

সম্পৰ্কিত শ্ৰেণী

মালায়ালাম ছবিশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুট্টি শ্ৰাংক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৮৭১৪ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।