অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)

মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ(Moi Val Hikhyak Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয়পূৰ্ণ গ্ৰন্থ। পৰম্পৰাগত আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থাৰ বিকল্প পদ্ধতি এটাৰে কৰা বিদ্যালয় এখনৰ বৰ্ণনা কৰা হৈছে কিতাপখনত।

হালনাগাদ: ৭ জুলাই ২০২৬ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ(Moi Val Hikhyak Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয়পূৰ্ণ গ্ৰন্থ। পৰম্পৰাগত আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থাৰ বিকল্প পদ্ধতি এটাৰে কৰা বিদ্যালয় এখনৰ বৰ্ণনা কৰা হৈছে কিতাপখনত।১২ প্ৰবন্ধ আৰু উপন্যাস দুয়োবিধৰ ছাঁ থকাৰ বিষয়ে লেখকে 'আত্মকথা' শীৰ্ষক কলমত লিখিছে, "কথাবোৰ লিখি গ'লে এখন ৰচনা হ'ব। ৰচনাখন শেষ কৰি পঢ়িব পৰাকৈ সোৱাদ ল'গা হ'ব জানো? এতেকে অকণমান উপন্যাসৰ কৌশল ল'ব লাগিব।" কিতাপখনৰ প্ৰাক্‌-কথন লিখিছে ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই।আঁক-বাঁক প্ৰকাশনে ২০১৩ চনৰ জানুৱাৰী মাহত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা কিতাপখনৰ একেটা বছৰৰে ডিচেম্বৰ মাহলৈ দ্বিতীয় সংস্কৰণ প্ৰকাশ হয়। ২০১৭ চনৰ জানুৱাৰী মাহত তৃতীয় সংস্কৰণ প্ৰকাশ পোৱা ৯৬ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ১১০ টকা। তৃতীয় সংস্কৰণত অশ্বিনী কলিতাৰ "'মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ'ৰ পাণ্ডুলিপি পঢ়ি" শিৰোনামেৰে এটি আলোচনা সন্নিৱিষ্ট কৰা হৈছে। "শিক্ষাৰ স'তে জড়িত সহৃদয় সতীৰ্থ, শ্ৰদ্ধেয় অভিভাৱক আৰু হেঁপাহৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত" লেখকে কিতাপখন আগবঢ়াইছে।৩

বিৱৰণ

কিতাপখনৰ প্ৰাক্‌-কথনত ড° পৰমানন্দ মহন্ত আৰু ড° অৰ্পনা মহন্তই লিখিছে, "শিক্ষাৰ প্ৰকৃত উদ্দেশ্য যে শিশুৰ মানৱীয় গুণবোৰ বিকশাই ছাত্ৰ-ছাত্ৰীক 'সামাজিক সম্পদ' হিচাপে গঢ়ি তোলা, এই বিষয়ে শ্ৰীগোস্বামী সজাগ। তেখেতে অনুভৱ কৰে যে, প্ৰতিজন শিক্ষকেই শিক্ষকতাৰ মাজেৰে 'নিজকে পূৰ্ণ মানুহ হোৱাৰ অনুশীলন' কৰিব পাৰে।"৩

"সত্যকাম, তোলৈ এতিয়া বৰকৈ মনত পৰিছে। বুজা বুলি ভাবিছিলোঁ যদিও তোৰ প্ৰশ্নময় জীৱনটো আচলতে বুজা নাছিলোঁ। ৰোমাণ্টিক জীৱনৰ অযথা প্ৰশ্ন বুলি তোৰ চকু -মুখত বিয়পি থকা প্ৰশ্নবোৰ একাষৰীয়া কৰি মই জীৱনৰ বাট বুলিছিলোঁ। তই সুধিছিলি মোক, নিস্প্ৰাণ কাঠ বা শিল কাটি শিল্পীয়ে একোটা যেন জীৱন্ত মূৰ্তি নিৰ্মান কৰে। তোৰ সন্মুখৰ ছাত্ৰ-ছাত্ৰীসকল টো পুতলা নহয়,তেওঁলোকৰ চকু-মুখত কিয় আকি দিব নোৱাৰি উচ্চতৰ মানৱীয় আকংক্ষা। তই কৈছিলি সত্যকাম, - " A school can create a hunger for knowledge, A school can create a thirst for changing the society."..." এয়া গ্ৰন্থখনৰ আৰম্ভণিৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন।১৩ এই গ্ৰন্থখনৰ আলোক নামৰ শিক্ষকজনে জীৱনৰ পৈণত বয়সত বুজি পালে যে, শিক্ষকতা কেৱল শ্ৰেণীকোঠাৰ পেছাই নহয় ই এক স্ব আৰোপিত দায়িত্বও। মানুহৰ বাসোপযোগী সমাজ গঢ়াৰ বাবে শিক্ষকতা এক জীৱনাদৰ্শ, এক মহৎ জীৱনবোধ।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মইনা গোস্বামী

মইনা গোস্বামী হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ।৪ সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি৷ ২তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। ৩

লগতে চাওক

মই ভাল দেউতা হ'ব নোৱাৰিলোঁ

তথ্যসূত্ৰ

  1. ↑ জিন্তী বড়া. মই ভাল শিক্ষক হ'ব নোৱাৰিলো. অসমীয়া সাহিত্যৰ চানেকি
  2. ↑ ঈশান. (৬ জুলাই,২০২১). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. you tube. কথাবৃক্ষ- Books, Movies and Thoughts
  3. ↑ মইনা গোস্বামী. (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6
  4. ↑ মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলো. আঁক-বাঁক. ISBN 978-93-90610-18-1

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৬১৬০৯২ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।