ভোজন বিহাৰ হ'ল মাধৱদেৱৰ দ্বাৰা ৰচিত শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱে গৰু চৰাইছে। সকলোৱে বনভোজ খাবলৈ বহিল, এনেতে গাই-গৰুবোৰ কেনিবা গুচি গ'ল। আধাখোৱাকৈ কৃষ্ণই পিছে পিছে লৰ দিলে, কিন্তু বিচাৰি নেপায়। শেষত বুজিব পাৰিলে গৰু আৰু গ'ৰখীয়াবোৰ ব্ৰহ্মাই লুকুৱাই ৰাখিছে। আখ্যানৰ মূলভাগ ভাগৱতৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে। ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। অনুমাণিক ১৫৭২ খ্ৰীষ্টাব্দত মাধৱদেৱে 'ভোজন বিহাৰ'নাটকখন ৰচনা কৰে।১
ভোজন বিহাৰ ঝুমুৰাৰ কাহিনী
এদিন বৃন্দাবনত লগৰীয়া গোপবালকসকলৰ লগত কৃষ্ণই গৰু চৰাই থাকোঁতে যমুনাৰ পাৰত এটুকুৰা সুন্দৰ ঠাই দেখি লগৰীয়া গোপ বালকসকলক সেই ঠাইত বহি লগত নিয়া খোৱা বস্তু খাবলৈ কৃষ্ণই প্ৰস্তাৱ দিলে। কৃষ্ণৰ কথামতে গোপ বালকসকলেও কৃষ্ণক মাজত লৈ ৰং ধেমালি কৰি খাবলৈ বহিল। সেই সময়তে নাৰদ আহি যমুনাৰ পাৰত উপস্থিত হৈ শ্ৰীকৃষ্ণক স্তুতি কৰি গোপ শিশুসকলৰ সৈতে প্ৰসাদ ভোজন কৰি শ্ৰীকৃষ্ণক সেৱা জনাই গুচি গৈছে। ভোজনত ব্যস্ত থাকোঁতে ঘাঁহ বিচাৰি আঁতৰি যোৱা দামুৰি পোৱালিবিলাক নেদেখি শ্ৰীদাম নামৰ কৃষ্ণৰ লগৰীয়া গোপ শিশুজন খাবলৈ এৰি গৰু বিচাৰি যাবলৈ ওলাল। তেতিয়া কৃষ্ণই লগৰীয়াসকলক ভোজন কৰি থাকিবলৈ কৈ নিজে দামুৰি পোৱালিবিলাক বিচাৰি বৃন্দাবনত সোমাল। সেই সময়তে ব্ৰহ্মাই কৃষ্ণক পৰীক্ষা কৰিবৰ বাবে দামুৰি পোৱালিবিলাক আৰু গৰখীয়াসকলক চুৰি কৰি নিলে। শ্ৰীকৃষ্ণই বৃন্দাবনত দামুৰিবোৰ বিচাৰি নাপাই যমুনাৰ পাৰলৈ ঘূৰি আহি গ'ৰখীয়া গোপ বালকসকলকো বিচাৰি নাপাই খেদ কৰিব ধৰিলে। পিছত ধ্যান কৰি কৃষ্ণই গম পালে যে, ব্ৰহ্মাই কৃষ্ণৰ মহিমা প্ৰমাণ কৰিবৰ বাবে দামুৰি পোৱালি আৰু গ'ৰখীয়াসকলক চুৰি কৰি নিছে। তেতিয়া কৃষ্ণই নিজে সকলো দামুৰি পোৱালি আৰু গ'ৰখীয়াৰ ৰূপ ধাৰণ কৰি গকুললৈ ঘূৰি গৈছে আৰু নিজৰ নিজৰ ঘৰলৈ গৈ আনদিনাৰ দৰে অৱস্থান কৰাত গোৱালীসকলে ব্ৰহ্মকে পুত্ৰ হিচাপে পাইছে।২ ইমানতে 'ভোজন বিহাৰ' ঝুমুৰাৰ কাহিনীভাগ অন্ত পৰিছে। ইয়াৰ আধাৰুৱা কাহিনীৰ অংশ মাধৱদেৱৰ 'ব্ৰহ্মামোহন ঝুমুৰা'ত বৰ্ণিত হৈছে।৩
নাট্যকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মাধৱদেৱ
মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয়। মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয়।৪ "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-৫
- নামঘোষা
- ভক্তি ৰত্নাৱলী
- জন্ম ৰহস্য
- ৰামায়ণ (আদি কাণ্ড)
- নাম মালিকা
- ৰাজসূয়
- অৰ্জুন ভঞ্জন
- ভোজন বিহাৰ
- চোৰ-ধৰা
- ভূমি লোটোৱা
- পিম্পৰা গুচোৱা
- বৰগীত
- ভটিমা
চৰিত্ৰসমূহ
কৃষ্ণ
ভোজন বিহাৰনাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল বালক কৃষ্ণ। নাট্যকাৰে নাটত শিশু কৃষ্ণক দুমুখীয়া ৰূপত চিত্ৰিত কৰিছে। এফালেদি তেওঁ অইন অইন গোপবালকৰ দৰে গৰু চৰোৱা মানৱ শিশু আৰু আনফালেদি তেঁৱেই ভূমিৰ ভাৰ হৰণ কৰোঁতা ত্ৰিজগতৰ পতি।৬ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে "মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ নাট্যকাৰে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবোধত ব্যাঘাত জন্মোৱা নাই। "৭
নাৰদ
মাধৱদেৱে 'ভোজন বিহাৰ' ঝুমুৰাটিত নাৰদক টুটকীয়া নাৰদ হিচাপে চিত্ৰিত নকৰি কৃষ্ণৰ একান্ত ভক্ত হিচাপেহে অংকিত কৰিছে | বনত কৃষ্ণই লগৰীয়াসকলৰ লগত থাকোঁতে নাৰদৰ আগমন হয় আৰু কৃষ্ণক সাক্ষাৎ কৰিবলৈ পাই নিজকে ধন্য লভিছে | কৃষ্ণই যে পৰম ব্ৰহ্ম সেই কথাই দৰ্শকক সোঁৱৰাই দিবলৈ নাৰদ চৰিত্ৰৰ অৱতাৰণা কৰিছে নাট্যকাৰ মাধৱদেৱে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ভট্টাচাৰ্য, হৰিচন্দ্ৰ. (১৯৮৮). অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি. লয়াৰ্ছ বুক ষ্টল. পৃ. ৪৬
- ↑ মাধৱদেৱ. শ্ৰীভোজন বিহাৰ নাট. গুৱাহাটী বিশ্ববিদ্যালয়
- ↑ ডেকা, ড॰ ৰামচন্দ্ৰ. (জানুৱাৰী, ২০০১). মাধৱদেৱ ঃ জীৱন আৰু কৃতি. জ্যোতি প্ৰকাশন. পৃ. ১২১-১২২
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০০১). অসম অভিধান. বনলতা. পৃ. ১৮৪. ISBN 81-7339-317-6
- ↑ গোস্বামী, পূৰ্ণনন্দ (সম্পাদিত). (২য় প্ৰকাশ, ১৯৮০). শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত. জ্যোতি প্ৰকাশ. পৃ. ৫৬
- ↑ বৰা, ড॰ লীলাৱতী শইকীয়া. (১৯৮৮). ভাষা সাহিত্যৰ সুবাস. চন্দ্ৰপ্ৰকাশ:. পৃ. ১০৭-১১১
- ↑ শৰ্মা, সত্যেন্দ্ৰনাথ. (১৯৯২). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. সৌমাৰ প্ৰকাশ. পৃ. ১৩৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোজন বিহাৰ (ঝুমুৰা)” প্ৰবন্ধৰ সংশোধন ৫৪৮৩৪১ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।