মাধৱদেৱৰ সাহিত্য
৯ প্ৰবন্ধ
-
নামঘোষা
নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী।
-
ভক্তি ৰত্নাৱলী
ভক্তি ৰত্নাৱলী হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা।
-
ভূমি লেটোৱা (ঝুমুৰা)
মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত।
-
চোৰধৰা
মাধৱদেৱৰ চোৰধৰা নাটকখন শ্ৰীকৃষ্ণৰ বাল্য লীলা-বিষয়ক। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে অনুমাণিক ১৫৫৭ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে চোৰধৰা নাটকখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক।
-
পিম্পৰা গুচোৱা
মাধৱদেৱৰ পিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ ঘৰত খীৰ লৱণু চুৰি কৰি খাই ধৰা পৰাৰ এটি ধেমেলীয়া দৃশ্য দিয়া হৈছে। নাটকখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত।
-
নামমালিকা
নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।
-
ভোজন বিহাৰ (ঝুমুৰা)
ভোজন বিহাৰ হ'ল মাধৱদেৱৰ দ্বাৰা ৰচিত শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱে গৰু চৰাইছে। সকলোৱে বনভোজ খাবলৈ বহিল, এনেতে গাই-গৰুবোৰ কেনিবা গুচি গ'ল। আধাখোৱাকৈ কৃষ্ণই পিছে পিছে লৰ দিলে, কিন্তু বিচাৰি নেপায়। শেষত বুজিব পাৰিলে গৰু আৰু গ'ৰখীয়াবোৰ ব্ৰহ্মাই লুকুৱাই ৰাখিছে।
-
অৰ্জুন ভঞ্জন
অৰ্জুন ভঞ্জন বা দধিমথন এখন নাট সাহিত্য। নাটখনৰ লেখক মাধৱদেৱ। নাটকীয় বিন্যাসেৰে এই নাটখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত- শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল। ইয়াত শিশু কৃষ্ণৰ ৰসাল কথা উল্লেখ আছে।
-
জন্মৰহস্য
জন্মৰহস্য মাধৱদেৱ বিৰচিত এখন তত্ত্বমূলক গ্ৰন্থ। শংকৰদেৱৰ কথামতে মাধৱদেৱে এই গ্ৰন্থ ৰচনা কৰিছিল। ই মাধৱদেৱৰ আগ বয়সৰ ৰচনা। প্ৰথমে এই পুথিত ৭০০ পদ আছিল। পিছত শংকৰদেৱৰ কথামতে পুনৰ লিখি ৪০০ পদত লিখি উলিয়ায়।