ঝুমুৰা
৪ প্ৰবন্ধ
-
ভূমি লেটোৱা (ঝুমুৰা)
মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত।
-
চোৰধৰা
মাধৱদেৱৰ চোৰধৰা নাটকখন শ্ৰীকৃষ্ণৰ বাল্য লীলা-বিষয়ক। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে অনুমাণিক ১৫৫৭ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে চোৰধৰা নাটকখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক।
-
পিম্পৰা গুচোৱা
মাধৱদেৱৰ পিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ ঘৰত খীৰ লৱণু চুৰি কৰি খাই ধৰা পৰাৰ এটি ধেমেলীয়া দৃশ্য দিয়া হৈছে। নাটকখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত।
-
ভোজন বিহাৰ (ঝুমুৰা)
ভোজন বিহাৰ হ'ল মাধৱদেৱৰ দ্বাৰা ৰচিত শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱে গৰু চৰাইছে। সকলোৱে বনভোজ খাবলৈ বহিল, এনেতে গাই-গৰুবোৰ কেনিবা গুচি গ'ল। আধাখোৱাকৈ কৃষ্ণই পিছে পিছে লৰ দিলে, কিন্তু বিচাৰি নেপায়। শেষত বুজিব পাৰিলে গৰু আৰু গ'ৰখীয়াবোৰ ব্ৰহ্মাই লুকুৱাই ৰাখিছে।