চাট মছলা হৈছে দক্ষিণ এছিয়াত উৎপত্তি হোৱা গুড়া মছলাৰ মিশ্ৰণ। সাধাৰণতে চাটত সোৱাদ যোগ কৰিবলৈ এই মচলাৰ ব্যৱহাৰ কৰা হয়। ইয়াত সাধাৰণতে আমচুৰ (শুকান আমৰ গুড়ি), জিৰা, ধনীয়া, শুকান আদা, নিমখ (সততে ক'লা নিমখ), জালুক, আছাফ'ইটিডা আৰু জলকীয়া গুড়ি থাকে।১ ঐচ্ছিকভাৱে গৰম মছলাও অন্তৰ্ভুক্ত।২
ব্যৱহাৰ
চাট প্ৰস্তুত কৰাত ইয়াৰ ব্যৱহাৰৰ বাহিৰেও অমিতা, ছীকু, আপেল আৰু কল আদিৰে তৈয়াৰী ভাৰতীয় ফলৰ চালাডত চাট মছলাৰ ব্যৱহাৰ কৰা হয়।২ ভাৰতত আলু,১ ফলমূল, কণীৰ টোষ্ট আৰু নিয়মীয়া চালাডৰ ওপৰতো চাট মছলা ছটিয়াই দিয়া হয়।
মছলাৰ ব্ৰেণ্ডসমূহে ফলৰ চাট মছলা নামৰ বিকল্প মছলাৰ মিশ্ৰণ বিক্ৰী কৰে। এই মছলাত জিৰা, ধনীয়া, আৰু আদা কমকৈ থাকে, বিপৰীতে জলকীয়া গুড়ি, ক’লা নিমখ, আমচূৰ আৰু ছফ গুড়ি বেছি থাকে। ৰাজপথৰ বিক্ৰেতাসকলে সাধাৰণতে নিজাকৈ চাট মছলা মিহলাই লয়। কটা ফল বা সতেজ শাক-পাচলিৰ ওপৰত ছটিয়াই সোৱাদ দিয়া হয়। কেতিয়াবা কেৱল জলকীয়া গুড়িৰ সৈতে ক'লা নিমখ ব্যৱহাৰ কৰা হয়।১৩
তথ্যসূত্ৰ
- ↑ Saran, Suvir. (2012). Masala Farm. Chronicle Books. পৃ. 214. ISBN 9781452110325
- ↑ Peter. (2012). Handbook of herbs and spices. Woodhead. পৃ. 124
- ↑ (1992). The encyclopedia of herbs, spices & flavorings. Dorling Kindersley. ISBN 1-56458-065-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাট মছলা” প্ৰবন্ধৰ সংশোধন ৩৭০৯০০ (৪ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।