গুজৰাটী ৰন্ধনশৈলী
৪ প্ৰবন্ধ
-
দাইল
দাইল বা দালি (ইংৰাজী: dal, daal বা dhal; উচ্চাৰণ: ) হৈছে শুকুৱাই লোৱা, ফলা মাহজাতীয় শস্য (যেনে— মচুৰ, মটৰ, ৰহৰ আৰু বুট আদি), যিবোৰ ৰান্ধিবলৈ আগতীয়াকৈ তিয়াই থোৱাৰ প্ৰয়োজন নহয়। ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মাহজাতীয় শস্য উৎপাদনকাৰী দেশ।
-
পেড়া
পেডা বা পেৰা ভাৰতৰ উত্তৰ প্ৰদেশৰ ম উদ্ভাৱন হোৱা এবিধ মিঠাই। অথুৰা চহৰত ইয়াৰ উৎপত্তি হৈছিল। পৰম্পৰাগতভাৱে ঘূৰণীয়া গল্ক এটা হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি দিলে যি ৰূপ লয় সেই হিচাপে প্ৰস্তুত কৰা হয়। ইয়াৰ মূল উপাদানসমূহ হ’ল খোয়া, চেনি আৰু ইলাচিৰ গুটিকে ধৰি পৰম্পৰাগত সোৱাদ যেনে শুকান ফল।
-
ভেল পুৰী
ভেলপুৰী মূলতঃ ভাৰত ভাৰতত উদ্ভৱ হোৱা এবিধ টেঙা সোৱাদৰ জলপান বা পুৱাৰ অশাৰ। ই এক প্ৰকাৰৰ চাটো ৷ ইয়াক ফুলি উঠা চাউল অৰ্থাৎ মুড়ি, শাক-পাচলি আৰু এটা টেঙা তেতেলীৰ চাটনিৰে সৈতে প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ টেক্সচাৰ মসৃণ নহয়। ভেল পুৰীৰ দ্বাৰা হিন্দী চলচ্চিত্ৰ জগতৰ দুই-এটি গীতো অনুপ্ৰাপৰাণিত হৈছে।
-
উন্ধিয়ু
উন্ধিয়ু (Undhiyu) হৈছে গুজৰাটৰ চুৰতৰ এবিধ আঞ্চলিক বৈশিষ্টসম্পন্ন খাদ্য। মিশ্ৰিত শাক-পাচলিৰে তৈয়াৰ কৰা এই খাদ্যবিধ সাধাৰণতে শীতকালত খোৱা হয়। উন্ধিয়ু নামটো গুজৰাটী শব্দ "উন্ধু"ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ল ওভতা।