ভাৰতৰ ৰেল পৰিবহণ
১৩ প্ৰবন্ধ
-
ভাৰতীয় ৰে’ল
ভাৰতীয় ৰে’ল (Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে’লপথ আৰু ৭,৫০০টা ষ্টেশ্যনৰে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল জালিকা (networks)।
-
আসাম বেংগল ৰে’লৱে
আসাম বেংগল ৰে’লৱে’ (Assam Bengal Railway, চমুকৈ ABR) ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰে’লৱে’ কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰে’লৱে’ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।
-
ডিব্ৰু-শদিয়া ৰেলৱে
ডিব্ৰু-শদিয়া ৰেলৱে (Dibru Sadiya Railway, চমুকৈ DSR) ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল।
-
ইষ্টাৰ্ণ বেংগল ৰেলৱে
ব্ৰিটিছ ভাৰতৰ ৰেলসেৱা "যদিও শিশু পৰ্যায়তেই আছিল, ঊনৈশ শতিকাৰ ভাৰতবৰ্ষৰ উন্নয়নত ৰেলৱেই এক মচিব নোৱাৰা সাঁচ বহুৱাইছিল। মহাদেশীয় দূৰত্বৰ দেশখনত ই তেতিয়াৰ দিনৰ অতুলনীয়া বেগত দূৰ-দূৰণিলৈ বৃহৎ পৰিমাণৰ যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াই আধুনিক অৰ্থনৈতিক সম্প্ৰসাৰণৰ ভেটী নিৰ্মাণ কৰিছিল।
-
ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস
ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰেলপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰেলৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।
-
নীলগিৰি পাৰ্বত্য ৰে’লৱে
নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা। আৰম্ভণিতে মাদ্ৰাজ ৰে’লৱে’ই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে। নীলগিৰি পাৰ্বত্য ৰে’লৱে’ বৰ্তমান দক্ষিণ ৰে’লৱে’ জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত।
-
ভাৰতৰ পাৰ্বত্য ৰেলপথ
দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ (Mountain Railways of India ) নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল।
-
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’
যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ (Jorehaut Provincial Railway, চমুকৈ JPR) ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰ’গজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰে’লৱে’, যোৰহাট ষ্টেট ৰে’লৱে’ আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰে’লৱে’ হৈছিল।
-
কালকা-চিমলা ৰেলৱে
কালকা-চিমলা ৰেলৱে উত্তৰ-পশ্চিম ভাৰতৰ কালকা আৰু চিমলাৰ মাজত পৰ্বতীয়া পথেৰে চলাচল কৰা এটা নেৰগজ ৰেলসেৱা। পাহাৰ আৰু চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ এই ৰেলসেৱা বিশেষভাৱে জনাজাত। ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী চিমলাক ভাৰতীয় ৰেল প্ৰণালীটোৰ সৈতে সংযোগ কৰিবলৈ কালকা-চিমলা ৰেলপথ নিৰ্মাণ কৰা হৈছিল।
-
বন্দে ভাৰত এক্সপ্ৰেছ
বন্দে ভাৰত এক্সপ্ৰেছ, পূৰ্বতে ট্ৰেইন ১৮ বুলি জনাজাত, ভাৰতীয় ৰেলৱেৰ দ্বাৰা পৰিচালিত এখন বৈদ্যুতিক বহু ইউনিটযুক্ত ৰেল। পৰীক্ষাৰ সময়ত ৰে’লখনে ঘণ্টাত ১৮৩ কিলোমিটাৰ (ঘণ্টাত ১১৪ মাইল) সৰ্বোচ্চ গতি লাভ কৰিছিল।
-
এ এইচ হুইলাৰ এণ্ড কোম্পানী
এ এইচ হুইলাৰ এণ্ড কোম্পানী (প্ৰাইভেট) লিমিটেড (A H Wheeler & Co (P) Ltd) এটা ভাৰতীয় মালিকানাধীন কোম্পানী। এইটো এটা গ্ৰন্থ বিপনীৰ শৃংখলা। ১৮৭৭ চনত এলাহাবাদ ৰেল ষ্টেচনত ইয়াৰ আৰম্ভণি কৰিছিল ফৰাচী দেশীয় লেখক Émile Moreau, ভাৰতীয় ব্যৱসায়ী টি. কে. বেনাৰ্জী আদি কেইজনমান ব্যক্তিয়ে।
-
তেজপুৰ বালিপাৰা লাইট ৰেলৱে
তেজপুৰ বালিপাৰা লাইট ৰেলৱে (ইংৰাজী: Tezpur Balipara Light Railway, চমুকৈ TBLR) ব্ৰিটিছ ভাৰতৰ দৰং জিলাৰ (বৰ্তমান শোণিতপুৰ জিলা) চাহ খেতিয়কসকলৰ বিশেষ প্ৰচেষ্টাত গঢ়ি উঠা এটা বেচৰকাৰী নেৰ'গজ ৰেলসেৱা আছিল।
-
মাৰ্টিন লাইট ৰেলৱে
মাৰ্টিন লাইট ৰেলৱে ( Martin's Light Railways; MLR) পশ্চিম বংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশত সেৱা আগবঢ়োৱা সাতটা বৰ্তমানে বিলুপ্ত নেৰ’গজ ৰেলপথৰ সমষ্টি। পৰৱৰ্তীকালত এই ৰেলসেৱা ভাৰত চৰকাৰৰ অধীনলৈ অনা হয় আৰু ১৯৮০-ৰ দশকত ই সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।