ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ (আইচিচিআৰ) হৈছে ভাৰত চৰকাৰৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংস্থা, যিয়ে অন্যান্য দেশ আৰু সিহঁতৰ জনসাধাৰণৰ সৈতে সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্ক উন্নীত কৰে। এই সংস্থাটো ৯ এপ্ৰিল ১৯৫০ তাৰিখে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী আবুল কালাম আজাদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হয়।১
আইচিচিআৰৰ মুখ্য কাৰ্যালয় আজাদ ভবন, আই.পি. ইষ্টেট, নতুন দিল্লীত অৱস্থিত। ইয়াৰ আঞ্চলিক কাৰ্যালয়সমূহ বেংগালুৰু, গুৱাহাটী, কলিকতা, লক্ষ্ণৌ, মুম্বাই, পাটনা, পুনে, শ্বিলং, জম্মু আৰু আহমেদাবাদত অৱস্থিত। এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কাৰ্য পৰিচালনা কৰে আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিছে জৰ্জটাউন, পাৰামাৰিবো,২ প’ৰ্ট লুইচ, জাকাৰ্টা, মস্কো, ভালাদোলিদ, বাৰ্লিন, কাইৰো, লণ্ডন (নেহৰু চেণ্টাৰ), তাচখণ্ড, আলমাটি, জোহানেছবাৰ্গ, ডাৰবান, প’ৰ্ট অৱ স্পেইন আৰু কলম্বোত।৩ ইয়াৰ উপৰিও ঢাকা, থিম্ফু, চাও পাউলো, কাঠমাণ্ডু, বেংকক, কুৱালালামপুৰ আৰু টকিঅ'ত নতুন সাংস্কৃতিক কেন্দ্ৰ খোলা হৈছে।৪
কাৰ্যকলাপ
আইচিচিআৰে সাংস্কৃতিক কূটনীতিৰ জৰিয়তে ইয়াৰ দায়িত্ব পালন কৰে। ভাৰত আৰু বিদেশত সাংস্কৃতিক উৎসৱ আয়োজন কৰাৰ উপৰিও এই পৰিষদে ভাৰতৰ বিভিন্ন সাংস্কৃতিক প্ৰতিষ্ঠানক আৰ্থিক সহায় প্ৰদান কৰে আৰু নৃত্য, সংগীত, ফটোগ্ৰাফী, নাটক আৰু দৃশ্য কলা ক্ষেত্ৰত ব্যক্তিগত শিল্পীক পৃষ্ঠপোষকতা কৰে।৫ ইয়াৰ উপৰিও পৰিষদে ১৯৬৫ চনত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় বুজাবুজি বঁটা পৰিচালনা কৰে, যাৰ শেষ বঁটা ২০০৯ চনত প্ৰদান কৰা হৈছিল।৬
প্ৰকাশনা
আইচিচিআৰে পাঁচটা ভিন্ন ভাষাত প্ৰকাশিত ছয়খন ত্ৰৈমাসিক আলোচনী প্ৰকাশ কৰে—
| আলোচনী | ভাষা |
|---|---|
| Indian Horizons | ইংৰাজী |
| Africa Quarterly | ইংৰাজী |
| Gagananchal | হিন্দী |
| Papeles de la India | স্পেনিছ |
| Rencontre Avec I' Inde | ফ্ৰেন্স |
| Thaqafat-ul-Hind | আৰবী |
তথ্যসূত্ৰ
- ↑ (২৪ অক্টোবৰ ২০২৪). ICCR organises conference on Pali as classical language in Colombo. The Hindu
- ↑ Welcome to Indian Cultural Centre, Embassy of India, Paramaribo. iccsur.org
- ↑ Chakrabarty, Sreeparna. (২ এপ্ৰিল ২০২৩). How ICCR plans to build its brand ambassador programme amongst foreign students in India. The Hindu
- ↑ Indian Council for Cultural Relations (ICCR): about the organisation. iccr.tripod.com
- ↑ (২৭ মাৰ্চ ২০২৪). University of Houston renews MoU with ICCR to set up new chair on Tamil language, literature. The Indian Express
- ↑ Nehru Award Recipients. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৬০৫৯২৯ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।