ভাৰতৰ সাংস্কৃতিক কেন্দ্ৰ
১৬ প্ৰবন্ধ
-
উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (NZCC) হৈছে পঞ্জাবৰ পটিয়ালাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত প্ৰথম আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ উত্তৰাঞ্চলৰ ৰাজ্যসমূহৰ কলা, শিল্প, পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি) হৈছে নাগালেণ্ডৰ চুমৌকেদিমাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (NCZCC) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা, যাক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ১১ মাৰ্চ ১৯৮৬ তাৰিখে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত।
-
দক্ষিণ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (সংক্ষেপে SZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনস্থ এখন স্বায়ত্তশাসিত সংস্থা, যি ১৯৮৬ চনত ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা।
-
দক্ষিণ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (South-Central Zone Cultural Centre) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটি, যাক ১৯৮৬-৮৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত।
-
পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (উদয়পুৰ, ৰাজস্থান) ভাৰত চৰকাৰে স্থাপন কৰা সাতটা সাংস্কৃতিক অঞ্চলৰ ভিতৰত এটা, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (EZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনত থকা স্বায়ত্তশাসিত সংস্থা। ইজেডচিচিয়ে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, ওড়িশা, চিক্কিম, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰে।
-
ভাৰতৰ সাংস্কৃতিক মণ্ডল
ভাৰতৰ সাংস্কৃতিক মণ্ডল হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে সংজ্ঞায়িত কৰা সাতটা অঞ্চল। এই প্ৰতিটো মণ্ডলত এটা মণ্ডল কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।
-
কবীৰ কলা মঞ্চ
কবীৰ কলা মঞ্চ এটা সাংস্কৃতিক সংগঠন আছিল, যাক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ পিছত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুণেত গঠন কৰা হৈছিল। সংগঠনটোৱে সংগীত, কবিতা আৰু নাটকৰ জৰিয়তে বৰ্ণবিভেদ-বিৰোধী আৰু গণতন্ত্ৰ-পোষক বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছিল।
-
ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট
ইণ্ডিয়া প্ৰাইড প্ৰজেক্ট (IPP, ভাৰত স্বাভিমান পৰিযোজনা) হৈছে শিল্প অনুৰাগীসকলৰ এটা তৃণমূল পৰ্যায়ৰ গোট যিয়ে ভাৰতৰ মন্দিৰৰ পৰা চুৰি হোৱা ধৰ্মীয় সামগ্ৰী চিনাক্তকৰণৰ বাবে মুক্ত উৎসৰ চোৰাংচোৱাগিৰি ব্যৱহাৰ কৰে যাতে তেওঁলোকৰ উভতি অহাৰ সুবিধা হয়।
-
ইনষ্টিটিউট ফ্ৰান্সেছ এন ইণ্ডে
ইনষ্টিটিউট ফ্ৰান্সেছ এন ইণ্ডে (আই.এফ.আই, ভাৰতত ফৰাচী প্ৰতিষ্ঠান বুলিও জনা যায়) হৈছে ভাৰতত ফৰাচী সাংস্কৃতিক, শৈক্ষিক আৰু বৈজ্ঞানিক কূটনীতি ৰূপায়ণৰ বাবে দায়বদ্ধ ফ্ৰান্সৰ দূতাবাসৰ এক গুৰুত্বপূৰ্ণ সেৱা সংস্থা।
-
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী
একলোকাম ট্ৰাষ্ট ফৰ ফটোগ্ৰাফী (EtP) হৈছে তামিলনাডুৰ তিৰুভান্নামলাইত পঞ্জীয়নভুক্ত এটা অলাভজনক ফাউণ্ডেশ্যন। ২০১২ চনত প্ৰতিষ্ঠা হোৱা এই ট্ৰাষ্টটোৰ মুখ্য লক্ষ্য হৈছে দক্ষিণ ভাৰত আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহত ফটোগ্ৰাফীৰ ইতিহাস, সমাজ-সংস্কৃতি আৰু নান্দনিক বিকাশক নথিভুক্ত কৰা আৰু সংৰক্ষণ কৰা।
-
জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজ
জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজ (JKAACL) হৈছে জম্মু আৰু কাশ্মীৰৰ আঞ্চলিক ভাষা, কলা আৰু সংস্কৃতিৰ উন্নয়ন আৰু প্ৰচাৰৰ উদ্দেশ্যে গঠিত এটা সাংস্কৃতিক সংগঠন। এই একাডেমীখন জম্মু আৰু কাশ্মীৰ চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত এটা সমাজ।
-
ভাৰত জাকাত মাঝি পৰগনা মহল
ভাৰত জাকাত মাঝি পৰগনা মহল (চাঁওতালি: ᱵᱷᱟᱨᱚᱛ ᱡᱟᱠᱟᱛ ᱢᱟᱹᱡᱷᱤ ᱯᱟᱨᱜᱟᱱᱟ ᱢᱚᱦᱚᱞ) হৈছে ভাৰতৰ এটা জনজাতীয় সামাজিক সংগঠন, যিয়ে মূলতঃ চাঁওতাল সম্প্ৰদায়ৰ সামাজিক-শৈক্ষিক, সামাজিক-দাৰ্শনিক, সামাজিক-আৰ্থিক আৰু সামাজিক-সাংস্কৃতিক উন্নয়নৰ বাবে কাম কৰে।
-
ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ
ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ (আইচিচিআৰ) হৈছে ভাৰত চৰকাৰৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংস্থা, যিয়ে অন্যান্য দেশ আৰু সিহঁতৰ জনসাধাৰণৰ সৈতে সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্ক উন্নীত কৰে।
-
লামাকান
লামাকান (উৰ্দু: لامکاں) হৈছে বাঞ্জাৰা হিলছ, হায়দৰাবাদ, ভাৰতত অৱস্থিত এটা মুক্ত সাংস্কৃতিক কেন্দ্ৰ। এই অ-লাভজনক সংস্থাটোৱে শিল্প, সাহিত্য, নাটক, সংগীত আৰু আলোচনা আদি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে স্থান প্ৰদান কৰে।